প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰখ্যাত লোক সংগীতৰ শিল্পী শাৰদা সিনহাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
06 NOV 2024 7:40AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰখ্যাত লোক সংগীতৰ শিল্পী শাৰদা সিনহাৰ মৃত্যুত শোক প্ৰকাশ কৰে। শাৰদা সিনহাৰ মৈথিলী আৰু ভোজপুৰী লোকগীত সমূহ বিগত কেইবা দশক ধৰি শ্ৰোতাৰ মাজত জনপ্ৰিয় হৈ আহিছে বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে কয় যে ষট্ পূজাৰ দৰে মহান উৎসৱৰ সৈতে জড়িত তেওঁৰ সুমধুৰ গীতসমূহ চিৰ স্মৰণীয় হৈ থাকিব।
এক্সৰ এটা পোষ্টত তেওঁ লিখিছিল:
"লোক সংগীতৰ প্ৰখ্যাত শিল্পীশাৰদা সিনহাজীৰ মৃত্যুত অত্যন্ত দুখ পাইছো। তেওঁ গোৱা মৈথিলী আৰু ভোজপুৰী লোকগীত সমূহ বিগত কেইবা দশক ধৰি অত্যন্ত জনপ্ৰিয় হৈ আহিছে। বিশ্বাসৰ মহান উৎসৱ ষট্ পূজাৰ সৈতে জড়িত তেওঁৰ সুমধুৰ গীতবোৰ সদায় প্ৰতিধ্বনিত হৈ থাকিব। তেওঁৰ মৃত্যু সংগীত জগতৰ বাবে এক অপূৰণীয় ক্ষতি। এই দুখৰ সময়ত তেওঁৰ পৰিয়াল তথা অনুৰাগীসকলৰ প্ৰতি মোৰ সমবেদনা। ওম শান্তি!"
सुप्रसिद्ध लोक गायिका शारदा सिन्हा जी के निधन से अत्यंत दुख हुआ है। उनके गाए मैथिली और भोजपुरी के लोकगीत पिछले कई दशकों से बेहद लोकप्रिय रहे हैं। आस्था के महापर्व छठ से जुड़े उनके सुमधुर गीतों की गूंज भी सदैव बनी रहेगी। उनका जाना संगीत जगत के लिए एक अपूरणीय क्षति है। शोक की इस… pic.twitter.com/sOaLvUOnrW
— Narendra Modi (@narendramodi) November 5, 2024
****
MJPS/SR/NB/ID
(रिलीज़ आईडी: 2071182)
आगंतुक पटल : 50
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam