নৌ-পৰিবহন মন্ত্ৰালয়
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ১৮৭ কোটি টকাৰ মূল প্ৰকল্প উদ্বোধনৰ সৈতে চেন্নাই বন্দৰৰ আন্তঃগাঁথনি শক্তিশালী কৰে
চেন্নাই বন্দৰত নতুন উপকূলীয় পথ, এক্সিম গুদাম আৰু তীৰ শক্তি সুবিধা মুকলি
ৰে'ল সংযোগ দুগুণ কৰা আৰু কাৰ্গো ক্ষমতা সম্প্ৰসাৰিত কৰাৰ জৰিয়তে চেন্নাই আৰু কামৰাজৰ বন্দৰত বাণিজ্য দক্ষতা ত্বৰান্বিত হ'ব
এই প্ৰকল্পসমূহ ভাৰতৰ সামুদ্ৰিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি আৰু স্থায়িত্বৰ ওপৰত আমাৰ অটল গুৰুত্বৰ এক প্ৰমাণ: শ্ৰী সোণোৱাল
Posted On:
04 NOV 2024 3:32PM by PIB Guwahati
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি চেন্নাই বন্দৰ কৰ্তৃপক্ষ (চিপিএ) আৰু কামৰাজৰ পোৰ্ট লিমিটেড (কেপিএল)ত কেইবাটাও অত্যাৱশ্যকীয় আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰাৰ উদ্দেশ্যে চেন্নাই ভ্ৰমণ কৰে। ১৮৭.৩৩ কোটি টকাৰ সম্মিলিত বিনিয়োগেৰে আৰম্ভ কৰা এই পদক্ষেপসমূহ বন্দৰৰ আন্তঃগাঁথনি শক্তিশালী কৰা, বাণিজ্য কাৰ্যকলাপ সূচল কৰা আৰু ভাৰতৰ সেউজ বন্দৰৰ উদ্যোগসমূহক আগুৱাই নিয়াৰ বাবে সাজু উঠিছে।
ভাষণত মন্ত্ৰীগৰাকীয়ে বন্দৰসমূহৰ আধুনিকীকৰণ আৰু সামুদ্ৰিক সংযোগ বৃদ্ধিৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি ভাৰতক বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত কৰ্ণধাৰ হিচাপে স্থান দিয়াৰ ক্ষেত্ৰত এই প্ৰকল্পসমূহৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
মন্ত্ৰীগৰাকীয়ে চেন্নাই বন্দৰত চাৰিটা নতুন এক্সিম গুদাম নিৰ্মাণৰ পৰা আৰম্ভ কৰি ৭৩.৯১ কোটি টকাৰ প্ৰকল্প ব্যয়ৰ সৈতে কেইবাটাও উচ্চ প্ৰভাৱযুক্ত প্ৰকল্প উদ্বোধন কৰে। ১৮,০০০ বৰ্গ মিটাৰ এলেকা আৱৰি, এই গুদামবোৰে সংবেদনশীল কাৰ্গোৰ বাবে অত্যাৱশ্যকীয় ভঁৰালৰ সুবিধা প্ৰদান কৰিব, যাৰ ভিতৰত আছে কৃষিজাত সামগ্ৰী আৰু খাদ্যশস্য, যাৰ বাবে সমৰ্পিত, পৰিষ্কাৰ আৰু আৱৰা ভঁৰালৰ প্ৰয়োজন। সাগৰমালা আঁচনিৰ অধীনত সম্পূৰ্ণৰূপে পুঁজি যোগান ধৰা এই প্ৰকল্পটো বৰ্ধিত চাহিদা পূৰণৰ বাবে মুখ্য বন্দৰসমূহত ইয়াৰ বাণিজ্য ক্ষমতা সম্প্ৰসাৰিত কৰাৰ ভাৰতৰ লক্ষ্যৰ সৈতে সংযোজিত। গুদামসমূহৰ উপৰি মন্ত্ৰীগৰাকীয়ে যি ৩৫০ মিটাৰ দৈৰ্ঘ্য আৰু ১২ মিটাৰ প্ৰস্থৰ নৱনিৰ্মিত কংক্ৰিট উপকূলীয় পথটো উৎসৰ্গা কৰে ।৪ কোটি টকা ব্যয়েৰে বিকশিত এই পথটোৱে চেন্নাই বন্দৰৰ দ্বিতীয় কণ্টেইনাৰ টাৰ্মিনেললৈ গধুৰ কাৰ্গো আৰু কণ্টেইনাৰ চলাচলৰ মসৃণ পৰিবহনৰ সুবিধা প্ৰদান কৰে। নতুন পথটোৱে বন্দৰৰ আন্তঃগাঁথনিত এক গুৰুত্বপূৰ্ণ উন্নতি চিহ্নিত কৰি প্ৰৱেশাধিকাৰ বৃদ্ধি কৰে, ধুলি প্ৰদূষণ হ্ৰাস কৰে, আৰু পৰিৱেশ অনুপালনত সহায় কৰে ।
দক্ষ পৰিবহণৰ ক্ষেত্ৰত শ্ৰী সোণোৱালে মুঠ ৮৮.৯১ কোটি টকা বিনিয়োগেৰে কেপিএলত দক্ষিণ ৰে'লৱে সংযোগ দুগুণ প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই সম্প্ৰসাৰণে বৰ্ধিত এক্সিম বাণিজ্যৰ চাহিদা অনুযায়ী ২.৬৫ কিলোমিটাৰ ৰে'লপথ বৃদ্ধি কৰে। ইয়াত অন্তৰ্ভুক্ত আছে কোশাস্থলাই নদী আৰু বাকিংহাম খালৰ ওপৰত তিনিখন নতুন ৰে'ল দলং নিৰ্মাণ আৰু মানৱবিহীন লেভেল ক্ৰছিং আন্তঃবন্ধক ক্ৰছিংলৈ ৰূপান্তৰ কৰা। এই প্ৰকল্পৰ জৰিয়তে বন্দৰৰ ৰে'ল পৰিচালনা ক্ষমতা প্ৰতিদিনে ২২ ৰ পৰা ৪৪ ৰেকলৈ বৃদ্ধি হ’ব, যাৰ ফলত বন্দৰৰ ভিতৰত দ্ৰুত আৰু সুৰক্ষিত কাৰ্গো চলাচল কৰিব পাৰিব। মন্ত্ৰীগৰাকীয়ে ২০.৫১ কোটি টকা ব্যয়েৰে স্থাপিত কেপিএলত কয়লা জাহাজৰ বাবে এক শোৰ পাৱাৰ চাপ্লাই ফেচিলিটিও উদ্বোধন কৰে। ভাৰতৰ সেউজ বন্দৰ নিৰ্দেশনাৱলীৰ সৈতে সংগতি ৰাখি, এই সুবিধাটোৱে বাৰ্থ চিবি১ আৰু চিবি২-ত তীৰশক্তি প্ৰদান কৰে, নিৰ্গমন হ্ৰাস কৰে আৰু ডিজেল ইঞ্জিনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ জাহাজবোৰ চলাবলৈ অনুমতি দিয়াৰ জৰিয়তে এক পৰিষ্কাৰ আৰু অধিক অৰ্থনৈতিক কাৰ্যকৰী পৰিৱেশ সমৰ্থন কৰে।
অনুষ্ঠানটোত শ্ৰী সোণোৱালে ভাৰতৰ সামুদ্ৰিক বিকাশ আৰু স্থায়িত্ব বৃদ্ধিৰ ক্ষেত্ৰত এই প্ৰকল্পসমূহৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। "এই প্ৰকল্পসমূহ ভাৰতৰ সামুদ্ৰিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি আৰু স্থায়িত্বৰ ওপৰত আমাৰ অটল মনোযোগৰ এক প্ৰমাণ। আমি নিৰৱচ্ছিন্ন অভিযান আৰু সেউজ প্ৰথাৰ বুনিয়াদ প্ৰতিষ্ঠা কৰাৰ লগতে বিশ্ব বাণিজ্যৰ বিকশিত চাহিদা পূৰণৰ বাবে আমাৰ বন্দৰসমূহক প্ৰস্তুত কৰাৰ উপৰি লগতে এই সমূহ পৰিৱেশৰ লক্ষ্যৰ অনুকূল হোৱাটো সুনিশ্চিত কৰিছো," তেওঁ কয় ।
অনুষ্ঠানটোৰ মন্ত্ৰীজনৰ ওচৰত আইএপিএইচ বহনক্ষমতা বঁটা প্ৰতিবেদন উপস্থাপন আৰু ২০২২-২৩ বৰ্ষৰ বাবে কেপিএলৰ ব্যতিক্ৰমী চিএছআৰ অৱদানৰ বাবে প্ৰশংসাৰ সৈতে সামৰণি পৰে। সামূহিক ঐতিহ্যৰ প্ৰতি সন্মতি জনাই মন্ত্ৰীগৰাকীয়ে পঞ্চ প্ৰাণ উদ্যোগৰ অধীনত 'ক্লাইভ বেটাৰী কোৱাৰ্টাৰ'ৰ নাম সলনি কৰি 'ৰামানুজন কোৱাৰ্টাৰ' ৰখাৰ আনুষ্ঠানিকভাৱে পালন কৰে আৰু এক স্থায়ী আৰু সামগ্ৰিক বন্দৰ পৰিৱেশ গঢ়ি তোলাৰ ওপৰত মন্ত্ৰালয়ৰ গুৰুত্ব সন্দৰ্ভত আৰোপ কৰে।
এই প্ৰকল্পসমূহ চেন্নাই আৰু কামৰাজৰ বন্দৰৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে তথা এই সমূহৰ জৰিয়তে ভৱিষ্যতৰ বাবে সাজু, বহনক্ষম বন্দৰ পৰিস্থিতিতন্ত্ৰৰ বাবে মন্ত্ৰালয়ৰ দৃষ্টিভংগী প্ৰতিফলিত হৈছে। বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে আন্তঃগাঁথনি আৰু পাৰিপাৰ্শ্বিক পদক্ষেপসমূহ ত্বৰান্বিত কৰিবলৈ দৃঢ় হৈ আছে যি সমূহ পদক্ষেপৰ জৰিয়তে ভাৰত এক আগশাৰীৰ সামুদ্ৰিক কেন্দ্ৰ আৰু গোলকীয় বাণিজ্যৰ সূচল হিচাপে দেশ হিচাপে পৰিগণিত হয়।
*****
NKK/AK/DD/ID
(Release ID: 2070619)
Visitor Counter : 39