গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
৮৪০ মেট্ৰিক টন পিঁয়াজ লৈ দিল্লীত দ্বিতীয়খন ৰেল উপস্থিত
উপলব্ধতা বৃদ্ধিৰ বাবে আজাদপুৰ মাণ্ডিত পিঁয়াজসমূহ মুকলি কৰা হ’ব, প্ৰতি কেজিত ৩৫ টকাকৈ খুচুৰা বিক্ৰীৰো ব্যৱস্থা
নাছিকৰপৰা আৰু ৮৪০ মেট্ৰিক টন পিঁয়াজ কঢ়িয়াই নিয়া ৰেল গুৱাহাটী পাবগৈ
Posted On:
30 OCT 2024 2:49PM by PIB Guwahati
আজি উপভোক্তা পৰিক্ৰমা বিভাগৰ মূল্য স্থিতিশীলতা পুঁজিৰ অধীনত ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচনে (NAFED) ক্ৰয় কৰা আৰু ৮৪০ মেট্ৰিক টন পিয়াঁজ দিল্লী-এনচিআৰত বিতৰণৰ বাবে দিল্লীৰ কিষানগঞ্জ ৰেলৱে ষ্টেচন পাইছেহি। ২০২৪ৰ ২০ অক্টোবৰত এনচিচিএফে কাণ্ডা এক্সপ্ৰেছৰ জৰিয়তে কিষাণগঞ্জ ষ্টেচনলৈ ১,৬০০ মেট্ৰিক টন পিয়াঁজ অনাৰ পিছত এয়া হৈছে দ্বিতীয়টো ৰেলযোগে দিল্লী-এনচিআৰলৈ বুজন পৰিমাণৰ পিয়াঁজৰ সৰবৰাহ। বজাৰত সামগ্ৰিকভাৱে উপলব্ধতা বৃদ্ধিৰ বাবে আজাদপুৰ মাণ্ডিত এই পিঁয়াজৰ অধিকাংশ মুকলিৰ সমান্তৰালকৈ ষ্টকৰ এটা অংশ প্ৰতি কিলোগ্ৰামত ৩৫ টকা দৰত খুচুৰাভাৱে বিক্ৰী কৰা হ’ব।
আজাদপুৰ মাণ্ডিত বুজন পৰিমাণৰ পিয়াঁজ মুকলিৰ প্ৰভাৱ তলত দিয়া গ্ৰাফত দেখা যাবঃ
এইদৰে পোন-প্ৰথমবাৰৰ বাবে ভিন্ন অঞ্চললৈ সময়মতে, নিৰ্ভৰযোগ্য আৰু ব্যয়-সাশ্ৰয়ীভাৱে ৰেল ৰেকেৰে বুজন পৰিমাণৰ পিঁয়াজ সৰবৰাহ কৰা হৈছে। ইয়াৰ পূৰ্বে ২০২৪ৰ ২৬ অক্টোবৰত নাছিকৰপৰা ৮৪০ মেট্ৰিক টন পিয়াঁজ ৰেল ৰেকেৰে চেন্নাই পাইছিলগৈ। আজি পুৱা নাছিকৰপৰা গুৱাহাটীলৈ আন এক ৰেল ৰেকে ৮৪০ মেট্ৰিক টন পিয়াঁজ লৈ ৰাওনা হৈছে। এনেদৰে ৰেলযোগে বৃহৎ পৰিমাণৰ চালানে সমগ্ৰ দেশতে ট্ৰাকেৰে পিঁয়াজৰ নিৰন্তৰ সৰবৰাহ বৃদ্ধি কৰিব।
চৰকাৰে এই বছৰ মূল্য স্থিতিশীলতা বাফাৰৰ বাবে ৪.৭ লাখ টন ৰাবি পিঁয়াজ ক্ৰয় কৰে আৰু ৫ ছেপ্টেম্বৰ, ২০২৪ৰ পৰা খুচুৰা বিক্ৰীৰ জৰিয়তে প্ৰতি কিলোগ্ৰামত ৩৫ টকাত আৰু লগতে সমগ্ৰ দেশৰ ডাঙৰ-ডাঙৰ মাণ্ডিসমূহত বৃহৎ বিক্ৰীৰ জৰিয়তেও মুকলি কৰিবলৈ আৰম্ভ কৰে। আজিলৈকে বাফাৰত থকা ১.৪০ লাখ টনৰো অধিক পিঁয়াজ নাছিক আৰু আন-আন উৎসস্থলৰপৰা পথ পৰিবহণৰ জৰিয়তে ট্ৰাকেৰে গ্ৰাহক কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। আজিলৈকে এনচিচিএফে ২২ খন ৰাজ্যৰ ১০৪ স্থান আৰু নাফেডে ১৬ খন ৰাজ্যৰ ৫২ স্থানক সামৰি লৈছে। প্ৰতি কেজিত ৩৫ টকাকৈ খুচুৰা উপভোক্তাক পিয়াঁজ বিতৰণৰ বাবে সফল, কেন্দ্ৰীয় ভাণ্ডাৰ আৰু ৰিলায়েন্স ৰিটেইলৰ দৰে খুচুৰা শৃংখলৰ সৈতেও সংস্থাসমূহে অংশীদাৰিত্ব কৰিছে। তদুপৰি খুচুৰা বিতৰণৰ বাবে ৯ খন ৰাজ্য চৰকাৰ/সমবায় সমিতিলৈ ৮৬,৫০০ মেট্ৰিক টন পিয়াঁজ আবন্টন জনোৱা হৈছে।
পিঁয়াজৰ সৰবৰাহ আৰম্ভ হোৱাৰ পিছৰেপৰা আজিলৈকে অন্ধ্ৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, উত্তৰ প্ৰদেশ, তামিলনাডু আৰু দিল্লী আদি প্ৰধান ৰাজ্যসমূহত পিঁয়াজৰ খুচুৰা মূল্য যথেষ্ট সুস্থিৰ হৈছে। অক্টোবৰত সৰ্ব-ভাৰতীয় গড় খুচুৰা মূল্য বহুলাংশে সুস্থিৰ হৈ থাকে। ৰেলযোগে গুৱাহাটীলৈ পিয়াঁজৰ চালানে উত্তৰ-পূবৰ ৰাজ্যকেইখনত ইয়াৰ উপলব্ধতা বৃদ্ধি কৰিব আৰু ইয়াৰ ফলত অঞ্চলটোত মূল্য সুস্থিৰ হ’ব বুলি আশা কৰা হৈছে। নাছিক মাণ্ডিতো মূল্য ২৪ ছেপ্টেম্বৰত প্ৰতি কিলোগ্ৰামত ৪৭ টকাৰ শীৰ্ষৰপৰা হ্ৰাস পাইছে আৰু ২৯ অক্টোবৰত ইয়াৰ মূল্য প্ৰতি কেজিত ৪০ কিলোগ্ৰাম হৈছে।
***
AD/AM/SB
(Release ID: 2069744)
Visitor Counter : 24