উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

উত্তৰ-পূব হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় আখ্যানৰ কেন্দ্ৰীয় মঞ্চ, দৃঢ়তাৰে ক'লে উপ-ৰাষ্ট্ৰপতিয়ে

জাতীয়তাবাদ, আধুনিকতা আৰু প্ৰযুক্তিগত বিকাশৰ লগতে ৰাষ্ট্ৰৰ পৰিৱৰ্তনৰ বাবে আধ্যাত্মিকতা অপৰিহাৰ্য, উপ-ৰাষ্ট্ৰপতিয়ে কয়

আধ্যাত্মিকতাত প্ৰেম, সহানুভূতি আৰু দায়বদ্ধতাৰ অন্তৰ্নিহিত গুণ আছে," ভিপিয়ে কয়

পূৰ্বোদয়ৰ পৰ্যায়টো কেতিয়াও কল্পনা কৰিব পৰা হোৱা নাছিল ,যেতিয়ালৈকে উত্তৰ-পূৰ্বাঞ্চলত সেয়া হোৱা নাছিল "-উপ-ৰাষ্ট্ৰপতি

ভাৰতৰ ভূগোল আধ্যাত্মিকতাৰ বিন্দুৰে পৰিপূৰ্ণ হৈ আছে, উপ-ৰাষ্ট্ৰপতিয়ে কয়

কৃষ্ণগুৰুজীয়ে ঐশ্বৰিক অনুগ্ৰহৰ সাৰাংশক মূৰ্ত কৰি তুলিছে-উপ-ৰাষ্ট্ৰপতি

Posted On: 27 OCT 2024 6:15PM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে আজি কয়, "উত্তৰ-পূৰ্বাঞ্চল এতিয়া আমাৰ ৰাষ্ট্ৰীয় কাহিনীৰ কেন্দ্ৰবিন্দু", ভাৰতৰ ৰাষ্ট্ৰীয় আখ্যানত উত্তৰ-পূৰ্বাঞ্চলৰ বৰ্ধিত গুৰুত্বৰ বিষয়ে আলোকপাত কৰি তেওঁ এনেদৰে কয়।  তেওঁ কয় , "আমি পূৰ্বোদয়ৰ এটা পৰ্যায় দেখিছোঁ,  যিটো কেতিয়াও কল্পনা কৰা হোৱা নাছিল, আনকি এই দেশৰ মানুহেও সেয়া কল্পনা কৰিব পৰা নাছিল।সেয়া উত্তৰ-পূবতেই হৈছে। " শ্ৰী ধনখৰে গুৰুত্ব আৰোপ কৰে যে উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱৰ্তন হৈছে ভাৰতৰ প্ৰগতিক চালিত কৰা অন্তৰ্ভুক্তিৰ মনোভাৱৰ এক প্ৰমাণ। "কেইবা দশক ধৰি এই অঞ্চলটোৱে উন্নয়ন আৰু সংযোগ সম্পৰ্কীয় প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, কিন্তু আজি ইয়াত সেয়া  এক প্ৰকৃত অগ্ৰাধিকাৰ হৈ পৰিছে," তেওঁ প্ৰতিদিনে অঞ্চলটোৰ উন্নয়ন কেনেদৰে দ্ৰুতগতিত আগবাঢ়িছে  সেই বিষয়ত মন্তব্য কৰি  এনেদৰে কয়।

আজি গুৱাহাটীৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত  কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজৰ ২১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মিলনত উপস্থিত  থাকি সমবেত লোকসকলক সম্বোধন কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, "আমাৰ দেশৰ পৰিৱৰ্তন প্ৰণালীৰ অংশ হিচাপে আপোনালোকক  সহায় কৰিব পৰাকৈ তিনিটা নীতি আছে : আধ্যাত্মিকতাৰ পৰা নিজকে আঁতৰাই নাৰাখিব। কৃষ্ণগুৰুজীয়ে আধ্যাত্মিকতাৰ পথ শিকাইছে, আৰু এই পথৰ পৰা আঁতৰি যোৱাটো ভুল হ'ব। এই পথৰ লগতে জাতীয়তাবাদ, আধুনিকতা আৰু প্ৰযুক্তিগত বিকাশৰ কথা মনত ৰাখিব। যেতিয়া এই তিনিওটা একত্ৰিত হয়, ইয়াত উল্লেখ কৰা অনুসৰি, আৰু বহু বছৰ আগতে লিপিবদ্ধ কৰা অনুসৰি - বিশ্বৰ সৰ্বশ্ৰেষ্ঠ অৰ্থনৈতিক শক্তি 'বিশ্বগুৰু' হোৱাৰ স্থিতি বাস্তৱ হৈ পৰিব  - কোনেও ইয়াক বন্ধ কৰিব নোৱাৰিব; এই দায়িত্ব  আপোনালোকৰ  কান্ধত থাকে"।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কৃষ্ণগুৰুজীৰ শিক্ষাৰ প্ৰভাৱৰ প্ৰশংসা কৰি কয়, "কৃষ্ণগুৰুজীয়ে ঐশ্বৰিক অনুগ্ৰহৰ সাৰাংশক মূৰ্ত কৰি তুলিছে, তেওঁৰ প্ৰেম, সেৱা আৰু মানৱতাৰ শিক্ষাই  তেওঁৰ ভক্তসকলৰ হৃদয় আলোকিত কৰিছে।" তেওঁ কৃষ্ণগুৰুজীয়ে দি থৈ যোৱা শিক্ষাৰ  বিষয়ত  গুৰুত্ব আৰোপ কৰি কয় যে এই শিক্ষাই   সকলোকে "নিজৰ বাহিৰত চিন্তা কৰিবলৈ, সম্প্ৰদায়ৰ বাবে চিন্তা কৰিবলৈ, ৰাষ্ট্ৰৰ বাবে চিন্তা কৰিবলৈ" উৎসাহিত কৰি আহিছে। তেওঁ উল্লেখ কৰে যে ভাৰত হৈছে এক অনন্য দেশ, "যাৰ ভূগোল আধ্যাত্মিকতাৰ বিন্দুৰ  দ্বাৰা বিয়পি আছে, যি দেশৰ সহানুভূতি, ঐক্য আৰু সকলোৰে কল্যাণৰ প্ৰতি সমৰ্পণৰ ভাবনাক  শক্তিশালী কৰে।

উপ-ৰাষ্ট্ৰপতিয়ে আধ্যাত্মিকতাৰ অন্তৰ্নিহিত গুণবোৰৰ বিষয়ত  অধিক গুৰুত্ব প্ৰদান  কৰে আৰু সম্প্ৰীতি  তথা  ন্যায়ক প্ৰতিষ্ঠা কৰা মূল্যবোধৰ প্ৰচাৰৰ বাবে আহ্বান জনায়। তেওঁ এইদৰে কয় , "মনত ৰাখিব, মোৰ বন্ধুসকল, আধ্যাত্মিকতাৰ কিছুমান অৰ্নিহিত গুণ আছে: প্ৰেম, সহানুভূতি, ধৈৰ্য্য, সহনশীলতা, ক্ষমা আৰু দায়িত্ববোধ। আমি এই মূল্যবোধবোৰক প্ৰচাৰ কৰাৰ লগে লগে  এক শান্তিপূৰ্ণ আৰু ন্যায়সঙ্গত পৃথিৱীৰ বাবে বীজ ৰোপণ ককৰিব পাৰো।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ স্থিতিস্থাপকতা আৰু নিস্বাৰ্থ সেৱাৰ ইতিহাসৰ বিষয়তো আলোকপাত কৰে।   বিশেষকৈ সংকটৰ সময়ত ইয়াৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে । তেওঁ কয় , "আমাৰ সমগ্ৰ ইতিহাসত আমাক বহুতো সুযোগ দিয়া হৈছে। আমাৰ মহান নেতা আৰু আধ্যাত্মিক ব্যক্তিসকলে সদায়ে সংকটৰ সময়ত আমাক সমৰ্থন কৰি আহিছে,  তেওঁলোকে এনে এক সংস্কৃতি প্ৰদান কৰিছে য'ত কোভিড-১৯ মহামাৰীয়েই  হওঁক, ভূমিকম্প হওঁক বা আন যিকোনো দুৰ্যোগেই  হওঁক, আমাৰ মন্দিৰ আৰু আধ্যাত্মিক কেন্দ্ৰসমূহে মানুহক সকাহ দিবলৈ আগবাঢ়ি আহিছে।"

 

ভাৰতৰ প্ৰাচীন গ্ৰন্থসমূহৰ তাৎপৰ্যৰ বিষয়ে উল্লেখ কৰি তেওঁ  কয়, "ৰামায়ণ, মহাভাৰত, মদ্ভগৱত গীতা, উপনিষদ আৰু বেদ  এই শাস্ত্ৰসমূহে আমাক কি কথা সোঁৱৰাই দিয়ে?  কাৰ্য্য এক উচ্চ উদ্দেশ্যৰ দ্বাৰা নিৰ্দেশিত হ'ব লাগে, যাৰ ফলত কেৱল নিজকে নহয়, আন সম্প্ৰদায়সমূহো লাভাৱান্বিত হ'ব  পাৰে । এই বাৰ্তাটো আজি গভীৰভাৱে প্ৰতিধ্বনিত হৈছে।"

উপ ৰাষ্ট্ৰপতিয়ে পূব সম্পৰ্কীয় ভাৰতৰ বৈদেশিক নীতিৰ বিৱৰ্তনৰ বিষয়েও উল্লেখ  কৰে। "৯০ ৰ দশকৰ মাজভাগত উদ্ভৱ হোৱা লুক ইষ্টৰ দৃষ্টিভংগীক প্ৰধানমন্ত্ৰী মোদীয়ে লুক ইষ্ট-এক্ট ইষ্টৰ সৈতে অধিক প্ৰভাৱশালী মাত্ৰালৈ ৰূপান্তৰিত কৰিছে। ইয়াৰ অৰ্থ হৈছে যে ভাৰতে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে অধিক গভীৰভাৱে জড়িত হ'বলৈ আৰম্ভ কৰিছে," তেওঁ কয়। তেওঁ উল্লেখ কৰে যে লুক ইষ্ট-এক্ট ইষ্ট নীতিৰ জৰিয়তে ভাৰতে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ  সম্পৰ্ক যথেষ্ট শক্তিশালী কৰিছে আৰু উত্তৰ-পূব ভাৰতৰ কৌশলগত তথা  অৰ্থনৈতিক গুৰুত্ব বৃদ্ধি কৰিছে।

তেওঁ কয়। "এই লুক ইষ্ট-এক্ট ইষ্ট নীতিৰ বাবেই  আমি দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ কাষ চাপি গৈ আছো, এইক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলে এক গুৰুত্বপূৰ্ণ স্থান অৰ্জন কৰিছে। আজি উত্তৰ-পূব ভাৰত এক সুযোগৰ উপযুক্ত স্থান হৈ পৰিছে" । উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলক এক জীৱন্ত আৰু সমৃদ্ধ অঞ্চল হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত নীতিৰ পৰিৱৰ্তনশীল ভূমিকাৰ কথাও  উল্লেখ কৰি কয়।

শ্ৰী ধনখৰে উত্তৰ-পূৰ্বাঞ্চলৰ সুকীয়া পৰিচয় আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ধিত স্বীকৃতিৰ বাবেও গৌৰৱ প্ৰকাশ কৰে। তেওঁ মন্তব্য কৰে, "উত্তৰ-পূৰ্বাঞ্চলৰ অনন্য পৰিচয় আৰু সংস্কৃতিৰ স্বীকৃতি এতিয়া বৃদ্ধি পাইছে। শেহতীয়াকৈ, আমি এক গৌৰৱান্বিত মুহূৰ্ত দেখিছিলো যেতিয়া বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃতৰ সৈতে অসমীয়া ভাষাক  ভাৰতৰ অন্যতম ধ্ৰুপদী  ভাষা হিচাপে স্বীকৃতি দিয়াৰ দীৰ্ঘদিনীয়া প্ৰয়োজনীয়তা পূৰণ কৰা হৈছে।"

 

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে এয়া  অসমৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। এই স্বীকৃতিয়ে অসমক ইয়াৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু স্থানীয় বৈচিত্ৰতাক ভাগ-বতৰা কৰিবলৈ আৰু অধিক সক্ষম কৰি তুলিব , সমগ্ৰ দেশতে ইয়াৰ প্ৰভাৱ আৰু সাংস্কৃতিক সম্পদৰ গুৰুত্ব  বৃদ্ধি কৰিব।" তেওঁ লগতে কয়, "এই অঞ্চলৰ অমলিন  সৌন্দৰ্যই আত্মনিৰীক্ষণ আৰু ধ্যানৰ বাবে অনুকূল শান্তিৰ পৰিৱেশ সৃষ্টি কৰে, যাৰ ফলত আধ্যাত্মিকতাৰ গভীৰ অন্বেষণ আৰু এই স্থানত জীৱনৰ আন্তঃসংযোগৰ বিষয়টোৱে  অধিক প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে।"

শেষত শ্ৰী ধনখৰে পৰিৱৰ্তনৰ পৰিমাণ প্ৰতিফলিত কৰা মুখ্য পৰিসংখ্যাৰ কথাও  প্ৰকাশ কৰি কয় : "যোৱা ১০ বছৰত কেন্দ্ৰীয় চৰকাৰে এই  স্থানৰ  বাবে  ৩.৩৭ লাখ কোটি টকা বিনিয়োগ কৰিছে। এইবোৰ কেৱল সংখ্যা নহয়; এইবোৰে পথ, ৰে'লপথ আৰু বিমানবন্দৰৰ ক্ষেত্ৰত  স্পষ্ট পদচিহ্ন ৰাখি যোৱাৰ  লগতে উন্নত সংযোগৰ কথাকো  সূচাইছে।"

 

অনুষ্ঠানত অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য,  মুখ্যমন্ত্ৰী ড০ হিমন্ত  বিশ্ব শৰ্মা,  ভাৰত চৰকাৰৰ কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল,   বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য  শ্ৰী প্ৰমোদ বড়ো,, ভক্তিমাত্ৰি কুন্তলা পাটোৱাৰী  গোস্বামী,  কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় যুৱ সমাজৰ সভাপতি শ্ৰী কমলা গগৈকে  ধৰি বহু গণ্য-মান্য  ব্যক্তি উপস্থিত থাকে।




(Release ID: 2068731) Visitor Counter : 55