নৌ-পৰিবহন মন্ত্ৰালয়
ঘূর্ণীবতাহ 'ডানা'ৰ প্ৰভাৱ প্ৰতিৰোধৰ বাবে পাৰাদ্বীপ বন্দৰ কৰ্তৃপক্ষই সম্পদ স্থানান্তৰ, শিবিৰ স্থাপন আৰু জীৱনৰ সুৰক্ষাৰ বাবে জৰুৰীকালীন উদ্ধাৰ অভিযানৰ ব্যৱস্থা কৰিছে
ঘূর্ণীবতাহ 'ডানা'ৰ পূবে পাৰাদ্বীপ কৰ্তৃপক্ষই সম্ভাব্য ব্যাঘাত লাঘৱ কৰিবলৈ ঔষধ, খাদ্য আৰু জাহাজৰ নিৰাপদ স্থানান্তৰকে ধৰি সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰে
Posted On:
23 OCT 2024 7:13PM by PIB Guwahati
২০২৪ চনৰ ২৪ আৰু ২৫ অক্টোবৰত পাৰাদ্বীপ বন্দৰত প্ৰভাৱ পেলাব বুলি আশা কৰা ঘূর্ণীবতাহ 'ডানা' ওচৰ চাপি অহাৰ লগে লগে পাৰাদ্বীপ বন্দৰ কৰ্তৃপক্ষই সুৰক্ষা নিশ্চিত কৰাৰ সমান্তৰাল কৈ সম্ভাব্য ক্ষতি হ্ৰাস কৰাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ঘূর্ণীবতাহ সন্দৰ্ভত ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কতা জাৰি কৰিছে, বন্দৰ কৰ্তৃপক্ষই সম্পত্তি আৰু মানুহৰ সুৰক্ষাৰ বাবে ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰিছে।
ঘূর্ণীবতাহৰ লগতে শোচনীয় বতৰৰ আশাৰে পাৰাদ্বীপ কৰ্তৃপক্ষই চলি থকা সকলো কাম তৰান্বিত কৰাত মনোনিবেশ কৰিছে। বন্দৰত ৰখোৱা জাহাজৰ পৰা মাল পৰিবহন ক্ষীপ্ৰ কৰাৰ লগতে সকলো লোডিঙৰ কাম সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। ঘূর্ণীবতাহ অহাৰ পূৰ্বে এইসমূহ কাম সম্পূৰ্ণ কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে, যাৰ ফলত সামগ্ৰী আৰু সঁজুলিৰ ক্ষতিৰ আশংকা হ্ৰাস পাব। ইয়াৰ ওপৰিও বন্দৰত ডক কৰা জাহাজসমূহ সাগৰৰ নিৰ্দিষ্ট নিৰাপদ স্থানলৈ স্থানান্তৰিত আৰু লঙগৰ কৰিবলৈ নিৰ্দেশ, যাতে সম্ভাব্য দুৰ্ঘটনা অথবা সাগৰৰ অশান্ত পানীৰ ক্ষতিৰ পৰা হাত সাৰিব পৰা যায়।
এই সংকটৰ সময়ত বন্দৰৰ কৰ্মচাৰীৰ আৰু চৌপাশে থকা জনগোষ্ঠী সমূহৰ সুৰক্ষা আৰু কল্যাণ অতি গুৰুত্বপূৰ্ণ। এই পৰিস্থিতিত সহায় কৰিবলৈ পাৰাদ্বীপ কৰ্তৃপক্ষই কেইবাটাও জৰুৰীকালীন পদক্ষেপ হাতত লৈছে। ইয়াৰ বাবে ঘূর্ণীবতাহৰ প্ৰভাৱৰ সময়ত অথবা পিছত উদ্ভৱ হ'ব পৰা যিকোনো জৰুৰীকালীন প্রয়োজনীয়তাৰ বাবে ঔষধ, খোৱাপানী, খাদ্যকে ধৰি অত্যাৱশ্যকীয় সামগ্রীৰ পৰ্যাপ্ত যোগান মজুত কৰা হৈছে। ইয়াৰ পৰা এইটো নিশ্চিত কৰা হৈছে যে ক্ষতিগ্ৰস্ত সকলে প্ৰয়োজনীয়তা সমূহ পলম নোহোৱাকৈ তাৎক্ষণিকভাবে লাভ কৰিব।
তদুপৰি ঘূর্ণীবতাহৰ অধিক প্ৰভাৱ পৰাৰ সম্ভাৱনা থকা স্পৰ্শকাতৰ স্থানৰ পৰা জনসাধাৰণক উদ্ধাৰৰ বাবে পাৰাদ্বীপ কৰ্তৃপক্ষই বাছৰ ব্যৱস্থা কৰিছে। এই বাছ সমূহে জনসাধাৰণৰক সময়মতে সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাত সহায় কৰিব, জীৱনৰ বিপদ হ্ৰাস কৰিব আৰু ঘূর্ণীবতাহ স্থলভাগ পোৱাৰ পূৰ্বেই সকলোকে সেই স্থানৰ পৰা আঁতৰাই নিব।
প্ৰচণ্ড বতাহ আৰু বৰষুণৰ ফলত হ'ব লগা সম্ভাব্য ক্ষতি নিয়ন্ত্ৰণ কৰিবলৈ বন্দৰ কৰ্তৃপক্ষই ক্ষীপ্ৰতাৰে গছ কটাৰ বাবে আৰু ধ্বংসাৱাশেষ আঁতৰাবলৈ পাৱাৰ কাটাৰৰ দৰে সঁজুলি প্ৰস্তুত কৰিছে। ইয়াৰ ফলত দ্ৰুত গতিত পথ সমূহ মুকলি হোৱাৰ লগতে জৰুৰীকালীন সেৱা আৰু সাহায্য বিতৰণ অব্যাহত ৰাখিব পাৰিব।
ইয়াৰ উপৰিও ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত লোকৰ আশ্রয়ৰ বাবে কেইবাটাও অস্থায়ী আশ্ৰয় শিবিৰ নিৰ্মাণ কৰা হৈছে। এই শিবিৰ সমূহ ক্ষতিগ্ৰস্ত লোকৰ সুবিধা অনুসৰি নিৰ্মাণ কৰা হৈছে আৰু যেতিয়ালৈকে তেওঁলোক ঘৰলৈ ঘূৰি যোৱাটো সুৰক্ষিত বুলি নিশ্চিত নহয় তেতিয়ালৈকে থকাৰ এটা নিৰাপদ পৰিবেশ প্ৰদান কৰা হয়।
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে পৰিস্থিতিটো অতি গুৰুত্বপূৰ্ণভাবে পৰ্যবেক্ষণ কৰি আছে আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে সমন্বয় ৰক্ষা কৰি পাৰাদ্বীপ বন্দৰৰ সকলো অংশীদাৰৰ সুৰক্ষা আৰু মংগল নিশ্চিত কৰিছে।
NKK/AK/DS
(Release ID: 2067525)
Visitor Counter : 34