সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাইব্ৰেণ্ট ইণ্ডিয়াৰ বাবে পি এম ইয়ং এচিভাৰ্ছ বৃত্তি বঁটা আঁচনি (পি এম-য়াছাছভি) প্ৰৱৰ্তন

পোষ্ট কৰা হৈছে: 23 OCT 2024 5:17PM by PIB Guwahati

"সবকা সাথ, সবকা বিকাশ"ৰ দৃষ্টিভংগীৰে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে ভাইব্ৰেণ্ট ইণ্ডিয়াৰ বাবে পি এম ইয়ং এচিভাৰ্ছ বৃত্তি বঁটা আঁচনি (পি এম-য়াছাছভি) ৰূপায়ণ কৰিছে। এই বিস্তৃত  আঁচনিৰ লক্ষ্য হৈছে অন্যান্য পিছপৰা শ্ৰেণী (অ’বিচি), অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণী (ইবিচি), আৰু  অৱহেলিত জনজাতি (ডিএনটি)ৰ ছাত্ৰ-ছাত্ৰীসকলক  গুণগত শিক্ষাৰ সুবিধা প্ৰদান কৰি তেওঁলোকক উন্নত কৰি তোলা।  পি এম য়াছাছভি আঁচনিখনে পূৰ্বৰ কেইবাটাও পদক্ষেপক একত্ৰিতকৰি সেইবোৰৰ বিকাশ সাধন  কৰিছে, য’ত  আছে ইবিচিৰ বাবে ড০ আম্বেদকাৰ মেট্ৰিক পাছৰ বৃত্তি আঁচনি আৰু ডিএনটিৰ বাবে ড০ আম্বেদকাৰ মেট্ৰিকৰ পূৰ্বৰ  আৰু মেট্ৰিকৰ পিছৰ  বৃত্তি আঁচনি।  এয়া  ২০২১- ২০২২ চনৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে। এই আঁচনিসমূহ একত্ৰিত কৰি পি এম ইয়াছাছভিৰে  অধিক সুশৃংখলিত আৰু প্ৰভাৱশালী পদ্ধতিৰে   সামাজিক আৰু অৰ্থনৈতিকভাৱে বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক প্ৰয়োজনীয়তাসমূহ  পূৰণ  কৰাৰ   লক্ষ্য স্থিৰ কৰা হৈছে।

উদ্দেশ্য

এই আঁচনিৰ সামগ্ৰিক লক্ষ্য হৈছে এই দুৰ্বল গোটসমূহৰ মাজত শৈক্ষিক সৱলীকৰণৰ প্ৰসাৰ, তেওঁলোকৰ আৰ্থিক বাধাসমূহ অতিক্ৰম কৰি তেওঁলোকক  শিক্ষা সম্পূৰ্ণ কৰাত সহায় কৰা। এই পদক্ষেপে ব্যক্তিগত শৈক্ষিক বৃদ্ধিয়েই নহয়, অধিক অন্তৰ্ভুক্তিৰে  সমতাপূৰ্ণ সমাজ গঢ়ি তোলাৰ বহল দৃষ্টিভংগীতো অৰিহণা যোগায়।

এই আঁচনিৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ মেট্ৰিকৰ পূৰ্বৰ  বৃত্তি আৰু মেট্ৰিকৰ পিছৰ বৃত্তিৰ বাবে মেট্ৰিকৰ পিছৰ বা মাধ্যমিকৰ পিছৰ পৰ্যায়ত উচ্চ শিক্ষা গ্ৰহণৰ   বাবে বৃত্তি লাভ কৰিব পাৰিব। পঢ়া-শুনাত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীসকলেও ‘শীৰ্ষ শ্ৰেণীৰ বিদ্যালয় শিক্ষা’ আৰু ‘শীৰ্ষ শ্ৰেণীৰ মহাবিদ্যালয় শিক্ষা’ আঁচনিৰ অধীনত শীৰ্ষ শ্ৰেণীৰ বিদ্যালয় আৰু মহাবিদ্যালয়ত অধ্যয়নৰ বাবে বৃত্তিৰ সুযোগ লাভ কৰে। ‘অ’বিচি  সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীৰ বাবে হোষ্টেল নিৰ্মাণৰ আঁচনি’ৰ অধীনত অ’বিচিৰ ছাত্ৰ-ছাত্ৰীসকলক হোষ্টেলৰ সুবিধা প্ৰদান কৰা হয়।

অ’বিচি, ইবিচি আৰু ডিএনটি ছাত্ৰ-ছাত্ৰীৰ বাবে পিএম –য়াছাছভি তলত উল্লেখ কৰা পাঁচটা উপ-আঁচনিৰ জড়িয়তে প্ৰণয়ন কৰা হৈছে:

অবিচি, ইবিচি আৰু ডিএনটি ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰি-মেট্ৰিক বৃত্তি

অ’বিচি, ইবিচি আৰু ডিএনটি ছাত্ৰ-ছাত্ৰীৰ বাবে মেট্ৰিকৰ পিছৰ বৃত্তি

অ’বিচি, ইবিচি আৰু ডিএনটি ছাত্ৰ-ছাত্ৰীৰ বাবে শীৰ্ষ শ্ৰেণীৰ বিদ্যালয় শিক্ষা

অ’বিচি, ইবিচি আৰু ডিএনটি ছাত্ৰ-ছাত্ৰীৰ বাবে শীৰ্ষ শ্ৰেণীৰ কলেজ শিক্ষা

অ'বিচি ল'ৰা আৰু ছোৱালীৰ বাবে হোষ্টেল নিৰ্মাণ

পৰিসৰ

প্ৰাক-মেট্ৰিক বৃত্তি  চৰকাৰী বিদ্যালয়ত পঢ়ি থকা নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে প্ৰৱৰ্তন কৰা  হৈছে, যি ২.৫  লাখ টকাৰ তলৰ উপাৰ্জন থকা পৰিয়ালবোৰক বাৰ্ষিক ৪,০০০  টকাৰ শৈক্ষিক ভাট্টা প্ৰদান কৰে। ২০২৩-২৪ শিক্ষাবৰ্ষৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ইয়াৰ ৰূপায়ণৰ বাবে ৩২.৪৪ কোটি টকা আৱণ্টন দিয়া  হৈছে। মেট্ৰিকৰ পৰৱৰ্তী বৃত্তিয়ে  মাধ্যমিকৰ পিছৰ শিক্ষা লাভ কৰা শিক্ষাৰ্থীসকলক সমৰ্থন কৰে, পাঠ্যক্ৰমৰ শ্ৰেণীৰ ওপৰত  ভিত্তি কৰি ৫,০০০ টকাৰ পৰা ২০,০০০  টকালৈকে শৈক্ষিক ভাট্টা প্ৰদান কৰা হয় । এই আঁচনিৰ ৰূপায়ণৰ  অৰ্থে চলিত বৰ্ষৰ বাবে ৩৮৭.২৭ কোটি টকা মোকলাই দিয়া হৈছে।

ইয়াৰ উপৰিও, শীৰ্ষ শ্ৰেণীৰ বিদ্যালয় আৰু মহাবিদ্যালয় শিক্ষা আঁচনিবোৰ অ'বিচি, ইবিচি আৰু ডিএনটি শ্ৰেণীৰ মেধাৱী শিক্ষাৰ্থীসকলক সমৰ্থন কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। এই কাৰ্যসূচীবোৰে শিক্ষাদান মাচুল, হোষ্টেলৰ ব্যয়, আৰু অন্যান্য শৈক্ষিক ব্যয় সামৰি লয়, বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে (শ্ৰেণী ৯-১২ ) বাৰ্ষিক ১.২৫  লাখ টকালৈকে পুঁজি লাভ কৰাৰ  বাবে যোগ্য হৈ উঠে। শীৰ্ষ প্ৰতিষ্ঠানবোৰৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সম্পূৰ্ণ বিত্তীয় সমৰ্থন প্ৰাপ্ত কৰে, যাৰ ভিতৰত আছে শিক্ষাদান, জীৱন নিৰ্বাহৰ ব্যয়, আৰু শৈক্ষিক সামগ্ৰী। শিক্ষাৰ ক্ষেত্ৰ খনত  প্ৰৱেশাধিকাৰ অধিক বৃদ্ধি কৰাৰ বাবে ২০২৩-২৪  বৰ্ষত 'অ'বিচি ল'ৰা আৰু ছোৱালীৰ বাবে ছাত্ৰাবাস নিৰ্মাণ' আঁচনিৰ অধীনত ১২.৭৫  কোটি টকা আৱণ্টন কৰা হৈছে।  যাৰ উদ্দেশ্য হৈছে চৰকাৰী বিদ্যালয় আৰু প্ৰতিষ্ঠানসমূহত সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শিক্ষাৰ্থীসকলৰ বাবে বাসস্থান প্ৰদান কৰা, যাতে তেওঁলোকে মান সম্পন্ন শিক্ষাৰ ক্ষেত্ৰ খনত  প্ৰৱেশাধিকাৰ লাভ কৰিব পাৰে।

লাভালাভ

প্ৰধানমন্ত্ৰী য়াছাছভিয়ে চৰকাৰৰ বহল দৃষ্টিভংগীক প্ৰতিফলিত কৰি আহিছে।  যিয়ে  অন্তৰ্ভুক্তি, সমতা, আৰু সমাজৰ উত্থানত সহায় কৰি আহিছে।  অ'বিচি, ইবিচি, আৰু ডিএনটি শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক ব্যাপক সহায় আগবঢ়াই ই বহুতকে গুণগত শিক্ষা লাভ কৰাত বাধাৰ সৃষ্টি কৰা  ব্যৱস্থাগত বাধাসমূহ প্ৰত্যক্ষভাৱে সমাধান কৰাত সহায় কৰিছে। এই পদক্ষেপে কেৱল আৰ্থিক সাহায্য নিশ্চিত কৰাই নহয়, সমাজৰ কিছুমান অতি দুৰ্বল শ্ৰেণীৰ বাবে শৈক্ষিক সবলীকৰণকো প্ৰসাৰিত কৰে, যাৰ ফলত উৰ্ধমুখী গতিশীলতা আৰু আত্মনিৰ্ভৰশীলতাৰ সুযোগ সৃষ্টি হয়।

বিদ্যালয় আৰু মহাবিদ্যালয় দুয়োটা পৰ্যায়তে ছাত্ৰ-ছাত্ৰীক সহায় কৰাৰ অৰ্থে  আঁচনিখনে  সৰুৰে পৰা প্ৰতিভাক উন্নত  কৰাত সহায় কৰে আৰু ইয়াক উচ্চ শিক্ষালৈ লৈ যায়। এনেদৰে ই ব্যক্তিগত আৰু পেছাদাৰী বৃদ্ধিৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰে। তদুপৰি, পূৰ্বৰ বৃত্তিৰ পদক্ষেপসমূহক একক, সুশৃংখলিতভাবে একত্ৰিত  কৰি, পি এম ইয়াছাছভিয়ে এই প্ৰচেষ্টাসমূহৰ প্ৰভাৱ বৃদ্ধি কৰে, অধিক অন্তৰ্ভুক্তি আৰু সমতাপূৰ্ণ শিক্ষা ব্যৱস্থাৰ সৃষ্টিত অৰিহণা যোগায়। শৈক্ষিক আৰু সামাজিক প্ৰগতিৰ সন্ধানত যাতে কোনো ছাত্ৰ-ছাত্ৰী পিছ পৰি নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিছে পি এম ইয়াছাছভিয়ে  । এই আঁচনিখনে প্ৰান্তীয় সম্প্ৰদায়সমূহৰ কল্যাণ আৰু উত্থানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, যাৰ ফলত তেওঁলোকে বিকশিত  ভাৰত @ ২০৪৭ৰ দৃষ্টিভংগীত অৰ্থপূৰ্ণভাৱে অৱদান আগবঢ়াব পাৰে।

প্ৰভাৱ

পি এম ইয়াছাছভি (ভাইব্ৰেণ্ট ইণ্ডিয়াৰ বাবে পি এম ইয়ং এচিভাৰ্ছ বৃত্তি বঁটা ) আঁচনিয়ে অন্যান্য পিছপৰা শ্ৰেণী (অ'বিচি), অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণী (ইবিচি), আৰু ডি-অধিসূচিত জনজাতি (ডিএনটি)ৰ শিক্ষাৰ্থীসকলক বিত্তীয় সাহায্য প্ৰদান কৰাত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ২০২৩-২৪  বিত্তীয় বৰ্ষত প্ৰাক-মেট্ৰিক বৃত্তিৰ বাবে ১৯৩.৮৩  কোটি আৱণ্টন কৰা হৈছিল, যাৰ ফলত ২০২৩-২৪ বৰ্ষত ১৯.৮৬  লাখ শিক্ষাৰ্থী উপকৃত হৈছিল, আৰু ২০২৩-২৪ বৰ্ষৰ বাবে অধিক হিতাধিকাৰী সৃষ্টিৰ সম্ভাৱনা আছে। একেদৰে, মেট্ৰিকৰ পৰৱৰ্তী বৃত্তি আঁচনিৰ অধীনত ৯৮৮.০৫  কোটি টকা  মোকলাই দিয়া  হৈছিল, যাৰ ফলত ২০২৩-২৪ চনত ২৭.৯৭  লাখ শিক্ষাৰ্থী উপকৃত হৈছিল। এই বৃত্তিসমূহৰ  উদ্দেশ্য হৈছে বিত্তীয় বোজা হ্ৰাস কৰি দুখীয়া শিক্ষাৰ্থীসকলক শক্তিশালী কৰা, যাৰ দ্বাৰা প্ৰান্তীয় সম্প্ৰদায়বোৰত শিক্ষাৰ প্ৰসাৰ ঘটোৱাটো  সম্ভৱ হৈ উঠে। 

ইয়াৰ উপৰি  চৰকাৰে অন্যান্য শৈক্ষিক সমৰ্থন সম্পৰ্কীয়  পদক্ষেপত বিনিয়োগ কৰিছে। ২০২৩-২৪ বৰ্ষত ১১৪৬ গৰাকী  শিক্ষাৰ্থীৰ বাবে  দি হোষ্টেল নিৰ্মাণৰ অৰ্থে   ১৪.৩০ কোটি টকা মোকলাই দিয়া হৈছে। শীৰ্ষ শ্ৰেণীৰ শিক্ষা কাৰ্যসূচী আৰু বিদেশী অধ্যয়নৰ সূতৰ ৰাজসাহায্যতো  গুৰুত্বপূৰ্ণ  আবণ্টন দিয়া হৈছে।  যি পদক্ষেপে হাজাৰ হাজাৰ শিক্ষাৰ্থীক উপকৃত কৰিছে। উদাহৰণ স্বৰূপে, মহাবিদ্যালয় আঁচনিত শীৰ্ষ শ্ৰেণীৰ শিক্ষাত ৪৭৬২ গৰাকী  শিক্ষাৰ্থীক সহায়  কৰিবলৈ   ১১১.১৮  কোটি টকা আৱণ্টন কৰা হৈছিল আৰু ৬.৫৫  কোটি টকা অ'বিচি, ইবিচি আৰু ডিএনটি শিক্ষাৰ্থীৰ বাবে বিদ্যালয়ত শীৰ্ষ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক সহায়  কৰিবলৈ আৰু ৫৬.২৪ কোটি টকা  বিদেশত শিক্ষা গ্ৰহণ কৰি থকা ২৭৮৯গৰাকী  শিক্ষাৰ্থীক সূত ৰাজসাহায্য হিচাপে আৱণ্টন কৰা হৈছিল। এই প্ৰচেষ্টাবোৰে পি এম ইয়াছাছভি আঁচনিৰ বৰ্ধিত প্ৰভাৱকে  প্ৰতিফলিত কৰে, যি সুবিধাবঞ্চিত শিক্ষাৰ্থীসকলৰ বাবে শৈক্ষিক দৃশ্যপট সলনি কৰি আহিছে, তেওঁলোকক তেওঁলোকৰ শৈক্ষিক সম্ভাৱনা বিকশিত  কৰিবলৈ সক্ষম কৰি তুলিছে  আৰু সামগ্ৰিকভাবে  সামাজিক উন্নতিত অৰিহণা যোগাইছে।

*আবেদন প্ৰ-পত্ৰত উল্লেখ কৰা যিকোনো অতিৰিক্ত নথি

মূল  বিষয়সমূহ

বাছনি প্ৰক্ৰিয়া: ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ (এমএছজে এণ্ড ই) নিৰ্দেশনাত ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এনটিএ)ৰ দ্বাৰা পৰিচালিত প্ৰাৰ্থী বাছনিৰ আধাৰ হৈছে ইয়াছাছভি প্ৰৱেশ পৰীক্ষা (ই.ই.টি.) ২০২৩।

যোগ্যতা: অ'বিচি, ইবিচি, আৰু ডিএনটি শিক্ষাৰ্থীসকলৰ বাবে এয়া  মুকলি , যাৰ মুঠ বাৰ্ষিক পাৰিবাৰিক উপাৰ্জন ২.৫০ লাখ টকালৈকে। নিৰ্দিষ্ট বৃত্তি আঁচনিৰ ওপৰত নিৰ্ভৰ কৰি অতিৰিক্ত যোগ্যতাৰ চৰ্ত প্ৰযোজ্য হ'ব পাৰে ।

ক'ত আবেদন কৰিব: যোগ্য শিক্ষাৰ্থীসকলে ৰাষ্ট্ৰীয় বৃত্তি পৰ্টেল scholarships.gov.in ত  অনলাইন আবেদন কৰিব পাৰে। 

উপসংহাৰ

বৃত্তি আৰু সহায়ক কাৰ্যসূচীৰ এক বিস্তৃত শৃংখল আগবঢ়াই পিএম-য়াছাছভিয়ে প্ৰান্তীয় সম্প্ৰদায়সমূহৰ বাবে শিক্ষাৰ প্ৰৱেশত প্ৰায়ে বাধাৰ সৃষ্টি কৰি অহা  আৰ্থিক বাধাসমূহ সমাধান কৰাত সহায় কৰে। পূৰ্বৰ বিভিন্ন আঁচনিসমূহক   সুশৃংখলিতভাবে  একত্ৰিত কৰি  ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ৰ পৰা উচ্চ শিক্ষালৈকে সহায় কৰাটো নিশ্চিত কৰা হয়, যাৰ ফলত ব্যক্তিগত আৰু পেছাদাৰী বিকশিত হোৱাৰ সুবিধাৰ সৃষ্টি হয়। গুণগত শিক্ষাৰ সুবিধা সম্প্ৰসাৰণৰ বাবে চৰকাৰৰ অবিৰত দায়বদ্ধতাৰ লগে লগে পি এম য়াছাছভি আঁচনিয়ে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনত স্পষ্ট প্ৰভাৱ পেলাইছে, অধিক সৰ্বাংগীন আৰু সমৃদ্ধিশালী ভাৰত গঢ়ি তোলাত সহায় কৰিছে।

প্ৰসংগসমূহ:

https://www.myscheme.gov.in/schemes/pm-yasasvitcceobcebcdnts

https://socialjustice.gov.in/public/ckeditor/upload/65661651839791.pdf

https://pib.gov.in/PressReleaseIframePage.aspx?PRID=1999638

https://pib.gov.in/Pressreleaseshare.aspx?PRID=1847840

https://pib.gov.in/PressReleseDetailm.aspx?PRID=1844993&reg=3&lang=1

https://pib.gov.in/PressReleseDetail.aspx?PRID=1913930&reg=3&lang=1

https://pib.gov.in/PressReleaseIframePage.aspx?PRID=1808243

https://yet.nta.ac.in/


(ৰিলিজ আই ডি : 2067524) অতিথি কক্ষ : 131
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Tamil