পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ পৰ্যালোচনা কৰে
শ্ৰী গাডকাৰীয়ে অৰুণাচল প্ৰদেশত ১৫ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প, মণিপুৰৰ ৩৮ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প আৰু ত্ৰিপুৰাত ১৬ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সময়মতে সম্পূৰ্ণ কৰি, উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগ বৃদ্ধি আৰু অৰ্থনৈতিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে
Posted On:
21 OCT 2024 8:51PM by PIB Guwahati
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে আজি দিল্লীত উত্তৰ-পূবৰ ৰাজ্যসমূহ যেনে অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ ৰাষ্ট্ৰীয় ঘাইপথ পৰ্যালোচনা কৰে। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু, মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিং আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মানিক সাহাও বৈঠকত উপস্থিত আছিল। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ ৰাজ্যিক মন্ত্ৰী শ্ৰী অজয় তামতা আৰু শ্ৰী হৰ্ষ মালহোত্ৰাও মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে উপস্থিত আছিল।
শ্ৰী নীতিন গাডকাৰীয়ে এক্স-ত কেইবাটাও পোষ্টৰ জৰিয়তে এইসমূহৰ বিষয়ে অৱগত কৰে, যিবোৰ তলত পুনৰ দাঙি দৰা হৈছে: -
১. অৰুণাচল প্ৰদেশ
শ্ৰী গাডকাৰীয়ে লিখে, “কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজু জী, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী অজয় তামতা জী, শ্ৰী এইচডি মালহোত্ৰা জী অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খাণ্ডু জী আৰু দিল্লীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অৰুণাচল প্ৰদেশত চলি থকা ১৫ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰোঁ। গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰাৰ বাবে উন্নয়ন ত্বৰান্বিত কৰা, গতিশীলতা বৃদ্ধি আৰু উত্তৰ-পূব অঞ্চলত অৰ্থনৈতিক বিকাশ ক্ষিপ্ৰ কৰাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি সৱল কৰাৰ ওপৰত এই আলোচনা কেন্দ্ৰীভূত হয়।
তেওঁ অৰুণাচল প্ৰদেশ সন্দৰ্ভত আন এটা পোষ্টত লিখে, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ দূৰদৰ্শী নেতৃত্বত উন্নত আন্তঃগাঁথনি আৰু বহনক্ষম গতিশীলতাৰ সৈতে অৰুণাচল প্ৰদেশৰ ঘাইপথসমূহত বিপ্লৱ আনি, এক উজ্জ্বল ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিছে।”
২. মণিপুৰ
এক্সৰ আন এটা পোষ্টত তেওঁ লিখে, “আজি দিল্লীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী অজয় তামতা জী, শ্ৰী এইচডি মালহোত্ৰা জী, মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিং জী আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মণিপুৰত ৮০৮ কিলোমিটাৰ আৱৰি চলি থকা ৩৮ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰোঁ। বৈঠকৰ গুৰুত্ব আছিল মণিপুৰত উন্নয়ন ত্বৰান্বিত কৰা, এই গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পসমূহৰ সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰা। ইয়াৰ ফলত কেৱল যোগাযোগেই উন্নত নহয়, বৰঞ্চ অৰ্থনৈতিক বিকাশো বৃদ্ধি হ’ব, উত্তৰ-পূব অঞ্চলৰ উন্নতিৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত হ'ব।”
তেওঁ মণিপুৰ সন্দৰ্ভত এটা ভিডিঅ' পোষ্ট কৰি লিখে, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত অত্যাধুনিক আন্তঃগাঁথনিৰ সৈতে মণিপুৰৰ ঘাইপথসমূহ ৰূপান্তৰ, এক সমৃদ্ধ ভৱিষ্যতৰ বাবে বিকাশ আৰু নিৰৱচ্ছিন্ন সংযোগ মুকলি।”
৩. ত্ৰিপুৰা
শ্ৰী গাডকাৰীয়ে এক্সত আন এটা পোষ্টত লিখে, “আজি দিল্লীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী অজয় তামতা জী, শ্ৰী এইচডি মালহোত্ৰা জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী শ্ৰী ড০ মানিক সাহা জী আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ত্ৰিপুৰাত ৩২৪ কিলোমিটাৰ জুৰি চলি থকা ১৬ টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰোঁ। বৈঠকত আমি ত্ৰিপুৰাত ঘাইপথ আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত দ্ৰুত গতিত গুৰুত্ব আৰোপ কৰোঁ আৰু ই অধিক বহনক্ষম আৰু ব্যয়-দক্ষ হোৱাটো নিশ্চিত কৰোঁ। এই প্ৰচেষ্টাই যোগাযোগৰ যথেষ্ট উন্নতি কৰিব, থলুৱা অৰ্থনীতি বৃদ্ধি কৰিব আৰু উত্তৰ-পূৰ্বাঞ্চলক ৰাষ্ট্ৰীয় বিকাশৰ পৰিকাঠামোত অধিক একত্ৰিত কৰিব।”
তেওঁ তেওঁৰ এক্স হেণ্ডেলৰ পৰা আৰু পোষ্ট কৰে, “ভৱিষ্যতমুখী আন্তঃগাঁথনিৰে ত্ৰিপুৰাৰ ঘাইপথসমূহ পুনৰ নিৰ্মাণ, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ দূৰদৰ্শী নেতৃত্বত বিকাশ, নিৰৱচ্ছিন্ন গতিশীলতা আৰু সমৃদ্ধিৰ পথ প্ৰশস্ত।”
*****
NKK/GS/AA
(Release ID: 2066903)
Visitor Counter : 67