প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে শ্ৰী নায়াব সিং ছাইনীক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

प्रविष्टि तिथि: 17 OCT 2024 3:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰী নায়াব সিং ছাইনীক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

"হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ বাবে নায়াব সিং ছাইনী আৰু তেওঁৰ সৈতে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা সকলোকে বহুত অভিনন্দন জনাইছো। এই দলটো হৈছে সুশাসন আৰু অভিজ্ঞতাৰ এক অনন্য সমন্বয়, যি ৰাজ্যখনৰ জনসাধাৰণৰ সপোন বাস্তৱায়িত কৰাৰ লগতে ৰাজ্যখনৰ উন্নয়নক এক নতুন শীৰ্ষলৈ লৈ যাব। মই নিশ্চিত যে দ্বৈত ইঞ্জিনৰ চৰকাৰখনে দৰিদ্ৰ, কৃষক, যুৱচাম আৰু মহিলাসকলৰ লগতে সমাজৰ প্ৰতিটো শ্ৰেণীৰ প্ৰতি সেৱা আগবঢ়োৱাত কোনোধৰণৰ কাৰ্পণ্য নকৰিব।”

 

***

MJPS/TS/DD/AT
 


(रिलीज़ आईडी: 2066604) आगंतुक पटल : 72
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam