যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

আইটিইউ-ডব্লিউটিএছএ ২০২৪ত উত্তৰ-পূব অঞ্চলৰ (এনইআৰ) হস্ততাঁত খণ্ডৰ প্ৰযুক্তিগত উন্নয়নৰ বিষয়ত আলোকপাত কৰা সাংস্কৃতিক কৰিডৰ পৰিদৰ্শন কৰিলে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীজ্যোতিৰাদিত্য এম সিন্ধিয়াই

কৰিডৰটোৱে ভাৰতৰ চহকী সাংস্কৃতিক পৰম্পৰাৰ সৈতে ইয়াৰ প্ৰযুক্তিগত উন্নতিৰ সুন্দৰ সংমিশ্ৰণ ঘটাই বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিসকলক মোহিত কৰিছে

Posted On: 18 OCT 2024 10:57AM by PIB Guwahati

যোগাযোগ আৰু উত্তৰ-পূব অঞ্চলৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়া আই টি ইউ-ডব্লিউ টি এছ এ ২০২৪ত অংশগ্ৰহণ কৰা হাজাৰ হাজাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিৰ সৈতে ভাৰতৰ চহকী ঐতিহ্যৰ আভাস দাঙি ধৰিবলৈ    ভাৰত মণ্ডপমত স্থাপন কৰা  সাংস্কৃতিক কৰিডৰ পৰিদৰ্শন কৰে।  এই সাংস্কৃতিক কৰিডৰত প্ৰদৰ্শিত  হৈছে  দেশৰ বিভিন্ন  প্ৰান্তৰ উৎকৃষ্ট হস্ততাঁত আৰু হস্তশিল্প , বস্ত্ৰ মন্ত্ৰালয় আৰু উত্তৰ-পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয় ড'নাৰৰ দ্বাৰা আয়োজিত ১৪  টা ষ্টলত তেনে সামগ্ৰীসমূহ  প্ৰদৰ্শন আৰু ক্ৰয়ৰ বাবে উপলব্ধ হৈছে। বিশেষকৈ উত্তৰ-পূব অঞ্চলৰ (এন ই আৰ) হেণ্ডলুম খণ্ডৰ প্ৰযুক্তিগত উন্নতিৰ বিষয়তো  এই কৰিড’ৰটোৱে আলোকপাত কৰিছে। প্ৰতিনিধিসকলে ইয়াৰ ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ (ডিপিআই)ৰ জৰিয়তে ভাৰতৰ প্ৰযুক্তিগত উন্নয়নৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছে  , যিয়ে ইউপিআই সেৱাৰ জৰিয়তে ইয়াত সামগ্ৰী আৰু সেৱাৰ বাবে নগদবিহীন লেনদেনৰ সুবিধা প্ৰদান কৰিছে।

সাংস্কৃতিক কৰিডৰত উন্নত প্ৰযুক্তি গ্ৰহণৰ  আন এক উল্লেখযোগ্য আকৰ্ষণ হৈছে  এৰি খোলাৰ (ককোন) "ফাইবাৰ টু ফেশ্বন"  শৃংখলাৰ  ব্লকচেইনৰ প্ৰয়োগ সন্দৰ্ভত  এন.ই.এইচ.এইচ.ডি.চি.-ৰ (উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম লিমিটেড) -এ কৰা বিশেষ  প্ৰদৰ্শন। । এন ই এইচ এইচ ডি চিয়ে  হেণ্ডলুম খণ্ডৰ বাবে ডিজিটেল প্ৰডাক্ট পাছপ’ৰ্ট ডিজাইন আৰু বিকশিত কৰাৰ অৰ্থে এল ডব্লিউ ৩ৰ সৈতে কাম কৰি আছে।  যিয়ে ব্লকচেইন প্ৰযুক্তি আৰু অনন্য নন ক্ল’নেবল কিউ আৰ ক’ড ব্যৱহাৰ কৰি এৰি ৰেচমক  বহনক্ষম আঁহ হিচাপে ব্যৱহাৰ কৰি হেণ্ডলুম আৰু হস্তশিল্প সামগ্ৰীৰ বাবে ডিজিটেল পাছপ’ৰ্ট তৈয়াৰ কৰে। এই পাছপ'ৰ্টে স্বচ্ছতা, অনুসন্ধানযোগ্যতা, আৰু প্ৰামাণ্যতা প্ৰদান কৰাৰ লগতে  ন্যায্য বাণিজ্যিক পদ্ধতি নিশ্চিত কৰে আৰু শিল্পী তথা  শিপিনীৰ বৌদ্ধিক সম্পত্তি সুৰক্ষিত কৰে। শিল্পী আৰু বয়নশিল্পীৰ  পণ্যৰ  বাণিজ্যিকীকৰণ , তত্ত্বাৱধানৰ শৃংখল আৰু গ্ৰাহকৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ ৰেকৰ্ড কৰি, এল ডব্লিউ ৩-এ   গ্ৰাহকসকলক সাংগ্ৰী পছন্দ কৰিবলৈ সক্ষম কৰি তোলে  আৰু হস্তনিৰ্মিত সামগ্ৰীৰ বাবে অধিক  বহনক্ষম বজাৰ সমৰ্থন সৃষ্টিত সহায় কৰে। এই মঞ্চৰ জৰিয়তে শিল্পীসকলে গ্ৰাহকৰ ইতিবাচক প্ৰতিক্ৰিয়াৰ জৰিয়তে সামাজিক স্বীকৃতিও লাভ কৰিব পাৰে।

ইয়াৰ উপৰি কৰিডৰটোত উত্তৰ-পূব অঞ্চলৰ উন্নয়ন দপ্তৰৰ অধীনত এন ই এইচ এইচ ডি চিৰ বাবে  তিনিটা বিশেষ  ষ্টল ৰখা হৈছে।  য’ত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ হস্ততাঁত আৰু হস্তশিল্প প্ৰদৰ্শন কৰা হৈছে। উল্লেখযোগ্য যে তেনে ষ্টলৰ ভিতৰত হেণ্ডলুমছ অৱ নৰ্থ ইষ্টাৰ্ণ ৰিজিঅ’নৰ ষ্টলত মণিপুৰৰ পৰা অহা শ্বাফী লেনফী সুন্দৰভাবে প্ৰদৰ্শন কৰা হৈছে । উত্তৰ পূৰ্বাঞ্চলৰ হস্তশিল্পৰ ষ্টলত মণিপুৰৰ পৰা অহা শিল্পী শ্ৰীমতী কেইশম ববিতা দেৱীৰ বেতেৰে প্ৰস্তুত কৰা  বেগ আৰু পইচা ৰাখিব পৰা  পাৰ্চৰ দৰে সামগ্ৰী উপলব্ধ  হৈছে। ইয়াৰ উপৰি   হস্ততাঁতত উন্নত  প্ৰযুক্তি গ্ৰহণেৰে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক শ্ৰীমতী ইন্দিৰা চিৰোমৰ দ্বাৰা  প্ৰস্তুত কৰা মণিপুৰী স্থানীয়  বস্ত্ৰ প্ৰদৰ্শন কৰা হৈছে  আৰু  ইয়াত প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰবাহিত হৈ থকা  পৰম্পৰাগত মণিপুৰী বয়ন কৌশলৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰা হৈছে । ইয়াত লইন তাঁতশালত তৈয়াৰ কৰা বস্ত্ৰ, স্থানীয় তাঁতশাল মইৰাংফিকে ধৰি  অন্যান্য  তাঁতশালো প্ৰদৰ্শিত হৈছে।

সামগ্ৰিকভাৱে  সাংস্কৃতিক  কৰিড’ৰত ৰাষ্ট্ৰীয় বঁটা বিজয়ী আৰু দক্ষ  শিল্পীসকলৰ সৃষ্টিৰাজিক  অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াত গুজৰাটৰ পৰা অহা কচ্ছ শ্বল  আৰু টাংগালিয়া বয়ন, হিমাচল প্ৰদেশৰ কুল্লু শ্বল আৰু তেলেংগানাৰ পোচাম্পলী ইকাটকে ধৰি বিভিন্ন ৰাজ্যৰ  বিভিন্ন ধৰণৰ হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে।

নতুন দিল্লীত অনুষ্ঠিত হৈ থকা  আই টি ইউ-ডব্লিউ টি এছ এ ২০২৪-ৰ অংশ হিচাবে সেয়া প্ৰদৰ্শন কৰা হৈছে আৰু সেই সামগ্ৰীসমূহে  বহুতকে আকৰ্ষণ কৰিছে।  । এই অনুষ্ঠানৰ জৰিয়তে ভাৰতৰ ডিজিটেল যাত্ৰাৰ এক নতুন অধ্যায়ৰ আৰম্ভণি ঘটিছে, যিয়ে উন্নত যোগাযোগ প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে দেশখনৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰি তুলিছে।

ডব্লিউ টি এছ এ ২০২৪-ৰ বিষয়ে:

আন্তঃৰাষ্ট্ৰীয় দূৰসংযোগ সংঘই (আইটিইউ) আয়োজন কৰা ডব্লিউটিএছএ ২০২৪-এ বিশ্বব্যাপী যোগাযোগক সুদূৰ প্ৰসাৰী কৰি তোলাত অৰিহণা  যোগাইছে।   উদ্যোগৰ নেতৃত্ব বহন কৰা  ব্যক্তি আৰু নীতি নিৰ্ধাৰকসকলক একত্ৰিত কৰি বিশ্বব্যাপী দূৰসংযোগৰ মানৰ বিকাশ তথা  ৰূপায়ণৰ বাবে ই  এক মঞ্চ হিচাপে কাম কৰিছে।

 

SB/DP/ARJ



(Release ID: 2066244) Visitor Counter : 14