কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
azadi ka amrit mahotsav

কেবিনেটে গংগা নদীৰ ওপৰেৰে এখন নতুন ৰে'ল-তথা-পথ দলংসহ বাৰাণসী-পণ্ডিত দীনদয়াল উপাধ্যায় মাল্টিট্ৰেকিং নিৰ্মাণত অনুমোদন জনাইছে : সংযোগ প্ৰদান কৰা, ভ্ৰমণ সূচল কৰা, লজিষ্টিক ব্যয় হ্ৰাস কৰা, তেল আমদানি তথা কাৰ্বন নিৰ্গমন হ্ৰাস কৰা

প্ৰস্তাৱিত প্ৰকল্পটোৱে সংযোগবিহীন এলেকাবোৰ সংযোগ কৰি লজিষ্টিক দক্ষতা উন্নত কৰিব আৰু পৰিবহণ নেটৱৰ্ক বৃদ্ধি কৰিব, যাৰ ফলত যোগান শৃংখলা সুশৃংখল হ'ব আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিত হ'ব

চাৰি বছৰৰ ভিতৰত সম্পূৰ্ণ হ'বলগীয়া প্ৰকল্পটোৰ মুঠ আনুমানিক ব্যয় হৈছে ২,৬৪২ কোটি টকা

প্ৰকল্পটোৱে নিৰ্মাণৰ সময়ত প্ৰায় ১০ লাখ মানৱ-দিনৰ বাবে পোনপটীয়া নিযুক্তিৰ সৃষ্টি কৰিব

Posted On: 16 OCT 2024 3:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি ২,৬৪২ কোটি টকা (প্ৰায়) ব্যয়সাপেক্ষ ৰে'ল মন্ত্ৰালয়ৰ এটা প্ৰকল্পত অনুমোদন জনাইছে। প্ৰস্তাৱিত মাল্টি-ট্ৰেকিং প্ৰকল্পটোৱে কাৰ্যকলাপ সহজ কৰিব আৰু ভিৰ হ্ৰাস কৰিব, যাৰ ফলত সমগ্ৰ ভাৰতীয় ৰে'ল বিভাগৰ ব্যস্ততম শাখাবোৰত অতি প্ৰয়োজনীয় আন্তঃগাঁথনিগত বিকাশ প্ৰদান কৰা হ'ব। প্ৰকল্পটো উত্তৰ প্ৰদেশৰ বাৰাণসী আৰু চান্দৌলি জিলাৰ মাজেৰে পাৰ হৈ যাব।

ভাৰতীয় ৰে'ল বিভাগৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ বাৰাণসী ৰে'ল ষ্টেচনে মুখ্য অঞ্চলসমূহক সংযোগ কৰে আৰু তীৰ্থযাত্ৰী, পৰ্যটক তথা স্থানীয় লোকসকলৰ বাবে এক প্ৰৱেশদ্বাৰ হিচাপে কাম কৰে।  বাৰাণসী-পণ্ডিত দীনদয়াল উপাধ্যায় (ডিডিইউ) জংচনটো যাত্ৰী আৰু মালবাহী যান-বাহন দুয়োটাৰে বাবে গুৰুত্বপূৰ্ণ, কিয়নো কয়লা, চিমেণ্ট আৰু খাদ্য-শস্যৰ দৰে সামগ্ৰী পৰিবহণত ইয়াৰ ভূমিকাৰ বাবে ই যথেষ্ট ভিৰৰ সন্মুখীন হয়। এই সমস্যা সমাধানৰ বাবে আন্তঃগাঁথনি উন্নীতকৰণৰ প্ৰয়োজন, যাৰ ভিতৰত আছে গংগা নদীৰ ওপৰত এখন নতুন ৰে'ল-তথা-পথ দলং আৰু তৃতীয় আৰু চতুৰ্থ ৰে'ললাইন যোগ দিয়া। এই বৃদ্ধিৰ লক্ষ্য হৈছে ক্ষমতা, দক্ষতা উন্নত কৰা আৰু অঞ্চলটোৰ আৰ্থ-সামাজিক বিকাশত সহায় কৰা। প্ৰসাৰিত ভিৰৰ পৰা সকাহ পোৱাৰ উপৰি প্ৰস্তাৱিত প্ৰসাৰত বছৰি ২৭.৮৩ মিলিয়ন টন মাল বহন কৰাৰ সম্ভাৱনা আছে।

এই প্ৰকল্পটো প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নতুন ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ যি অঞ্চলটোৰ লোকসকলক ব্যাপক উন্নয়নৰ দ্বাৰা "আত্মনিৰ্ভৰ" হিচাপে গঢ়ি তুলিব, যি তেওঁলোকৰ নিযুক্তি/স্ব-নিযুক্তিৰ সুযোগ বৃদ্ধি কৰিব।

এই প্ৰকল্পটো প্ৰধানমন্ত্ৰী-গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন ফৰ মাল্টি-মডেল সংযোগৰ একত্ৰিত পৰিকল্পনাৰ জৰিয়তে সম্ভৱ হৈছে আৰু ই জনসাধাৰণ, সামগ্ৰী আৰু সেৱাৰ বাবে নিৰৱচ্ছিন্ন সংযোগ প্ৰদান কৰিব।

উত্তৰ প্ৰদেশৰ ২ খন জিলাক সামৰি লোৱা প্ৰকল্পটোৱে ভাৰতীয় ৰে'লৰ বিদ্যমান নেটৱৰ্ক প্ৰায় ৩০ কিলোমিটাৰ বৃদ্ধি কৰিব।

ৰে'ল বিভাগ পৰিবেশ অনুকূল আৰু শক্তি দক্ষ পৰিবহণ পদ্ধতি হোৱাৰ ফলত জলবায়ু লক্ষ্যপ্ৰাপ্ত কৰা তত্বাৱধান আৰু দেশৰ লজিষ্টিক ব্যয় হ্ৰাস কৰা তথা ৬ কোটি গছপুলি ৰোপণৰ সমান কাৰ্বন নিৰ্গমন (১৪৯ কোটি কিলোগ্ৰাম) হ্ৰাস কৰাত সহায় কৰিব।

*****

MJPS/BM/SKS/MK/AT
 



(Release ID: 2065405) Visitor Counter : 36