প্ৰতিৰক্ষা মন্ত্ৰালয়
দশেৰা উপলক্ষে সুকনা সামৰিক কেন্দ্ৰত সেনাজোৱানৰ সৈতে শস্ত্ৰ পূজা কৰে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে
সীমান্তত শান্তি আৰু স্থিতিশীলতা বজাই ৰখাৰ ক্ষেত্ৰত ভাৰতীয় সেনাৰ সতৰ্কতা আৰু গুৰুত্বপূৰ্ণ ভূমিকাক শলাগ
“ভাৰতে কেতিয়াও ঘৃণা বা বিদ্বেষৰ বাবে কোনো দেশক আক্ৰমণ কৰা নাই, কিন্তু আমাৰ স্বাৰ্থৰ প্ৰতি ভাবুকি আহিলে আমি কঠোৰ পদক্ষেপ ল’বলৈ কুণ্ঠাবোধ নকৰো”
পোষ্ট কৰা হৈছে:
12 OCT 2024 12:02PM by PIB Guwahati
প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ২০২৪ চনৰ ১২ অক্টোবৰত দশেৰা উপলক্ষে পশ্চিম বংগৰ সুকনা সামৰিক কেন্দ্ৰত পৰম্পৰাগত শস্ত্ৰ পূজা সম্পন্ন কৰে। ভাৰতীয় সেনাবাহিনীৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটো দেশৰ সাৰ্বভৌমত্বৰ ৰক্ষক হিচাপে অস্ত্ৰ-শস্ত্ৰৰ প্ৰতি সন্মানৰ প্ৰতীক।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কলশ পূজাৰে আৰম্ভ কৰে আৰু পাছত শস্ত্ৰ পূজা আৰু বাহন পূজাও কৰে। তেওঁ অত্যাধুনিক পদাতিক বাহিনী, আৰ্টিলাৰী আৰু যোগাযোগ প্ৰণালী, গতিশীলতা প্লেটফৰ্ম আৰু ড্ৰ’ন প্ৰণালীকে ধৰি কেইবাটাও আধুনিক সামৰিক সঁজুলিকো পূজা কৰে। ভাৰতীয় সেনাৰ জোৱানসকলৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰীৰ বাৰ্তালাপৰ অন্তত কাৰ্যসূচীৰ সামৰণি পৰে।
ভাষণত শ্ৰী ৰাজনাথ সিঙে সীমান্তত শান্তি আৰু স্থিতিশীলতা বজাই ৰখাৰ ক্ষেত্ৰত সশস্ত্ৰ বাহিনীৰ সতৰ্কতা আৰু গুৰুত্বপূৰ্ণ ভূমিকাক শলাগ লয়। তেওঁ কয় যে দশেৰা অপশক্তিৰ ওপৰত শুভশক্তিৰ জয়ৰ প্ৰতীক আৰু জোৱানসকলৰ মানৱীয় মূল্যবোধৰ প্ৰতি সমান সন্মান আছে।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয়, "ভাৰতে কেতিয়াও ঘৃণা বা বিদ্বেষৰ বাবে কোনো দেশক আক্ৰমণ কৰা নাই। আমি তেতিয়াহে যুঁজ দিওঁ যেতিয়া কোনোবাই আমাৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বক অপমান কৰে বা ক্ষতি কৰিবলৈ চেষ্টা কৰে। অৱশ্যে যদি আমাৰ স্বাৰ্থ বিপন্ন হয়, আমি কঠোৰ পদক্ষেপ ল'বলৈ কুণ্ঠাবোধ নকৰোঁ। শস্ত্ৰ পূজা হৈছে এক স্পষ্ট ইংগিত যে প্ৰয়োজন হ'লে অস্ত্ৰ/সঁজুলি সম্পূৰ্ণ শক্তিৰে ব্যৱহাৰ কৰা হ'ব।"
শক্তি, সফলতা আৰু সুৰক্ষাৰ বাবে আশীৰ্বাদ বিচাৰি কৰা আচাৰ-অনুষ্ঠানসমূহে দশেৰাৰ সাংস্কৃতিক আৰু আধ্যাত্মিক তাৎপৰ্য প্ৰতিফলিত কৰে। এইবোৰে দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত অস্ত্ৰ ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ ভূমিকাক আলোকপাত কৰে। ৰাষ্ট্ৰ সুৰক্ষাৰ বাবে সশস্ত্ৰ বাহিনীৰ প্ৰস্তুতি, সংকল্প আৰু অদম্য সমৰ্পণৰ প্ৰতীক। এই অনুষ্ঠানত ভাৰতৰ সাৰ্বভৌমত্ব বজাই ৰখা আৰু থলুৱা প্ৰতিৰক্ষা ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভাৰতীয় সেনাৰ পৰম্পৰা আৰু আধুনিকীকৰণৰ মিশ্ৰণ প্ৰতিফলিত হৈছে।
এই কাৰ্যসূচীত সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, প্ৰতিৰক্ষা সচিব শ্ৰী আৰ কে সিং, ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চিফ লেফটেনেণ্ট জেনেৰেল ৰাম চন্দ্ৰ তিৱাৰী, সীমান্ত পথ সংস্থা (বিআৰঅ)ৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল ৰঘু শ্ৰীনিবাসন, ত্ৰিশক্তি কৰ্পৰ জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেণ্ট জেনেৰেল জুবিন এ মিনৱালাকে ধৰি অন্যান্য উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰে।
SR/Savvy/DS
(ৰিলিজ আই ডি : 2064647)
অতিথি কক্ষ : 78