বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav g20-india-2023

প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক সাৰোগত কৰি প্ৰথমবাৰৰ বাবে ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ অনুষ্ঠিত কৰিব উত্তৰ-পূবে, ক’লে ড০ জিতেন্দ্ৰ সিঙে

আইআইএছএফ-২০২৪ক কেন্দ্ৰীয় মঞ্চ হিচাবে গঢ়ি তুলি “ভাৰতক বিজ্ঞান-প্ৰযুক্তিচালিত গ্ল’বেল মেনুফেকচাৰিং হাবলৈ ৰূপান্তৰ কৰা”ৰ লক্ষ্য

৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ আই আই টি গুৱাহাটীত অনুষ্ঠিত হ’ব আই আই এছ এফৰ দশম সংস্কৰণ

ভাৰতৰ অৰ্থনৈতিক বিকাশত জৈৱ প্ৰযুক্তি, জৈৱ অৰ্থনীতি আৰু মহাকাশ প্ৰযুক্তিৰ উন্নতিৰ ঢৌৱে ইন্ধন যোগাব হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়

Posted On: 04 OCT 2024 4:46PM by PIB Guwahati

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ (স্বতন্ত্ৰ), পৃথিৱী বিজ্ঞানৰ মন্ত্ৰালয়ৰ (ভাৰপ্ৰাপ্ত ), প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় দপ্তৰ, , পাৰমাণৱিক শক্তি বিভাগ, মহাকাশ বিভাগ, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন বিভাগৰ ৰাজ্যিক মন্ত্ৰী  ড° জিতেন্দ্ৰ সিঙে আজি  উত্তৰ-পূবত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰে ।ৰাষ্ট্ৰীয় মিডিয়া কেন্দ্ৰত এক সংবাদমেলত ড০ জীতেন্দ্ৰ সিঙে প্ৰকাশ কৰে যে ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ (আইআইএছএফ) দশম সংস্কৰণ গুৱাহাটীত অনুষ্ঠিত কৰিব, যি মহোৎসৱ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ কেন্দ্ৰ হোৱাৰ দিশত অঞ্চলটোৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'ব। ২০২৪ চনৰ ৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ আইআইটি গুৱাহাটীত আয়োজিত হ'বলগীয়া এই উৎসৱ  উত্তৰ-পূবৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিৰ প্ৰমাণ আৰু ভাৰতৰ বিকাশৰ কাহিনীৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ  হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অঞ্চলটোৰ প্ৰতি আৰোপ কৰা  গুৰুত্বকেই প্ৰতীমান কৰিব বুলি তেওঁ কয়।

ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ বাবে নিৰ্বাচন কৰা স্থানৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি ড০ জিতেন্দ্ৰ সিঙে কয়, ‘আই আই টি গুৱাহাটী কেৱল দেশৰ অন্যতম আগশাৰীৰ প্ৰতিষ্ঠানেই নহয় , বৰঞ্চ  ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ বৈজ্ঞানিক উন্নতিৰ কেন্দ্ৰবিন্দু হিচাপে উত্থান ঘটা প্ৰতিষ্ঠান । উত্তৰ-পূবত আই আই এছ এফ ২০২৪ আয়োজন কৰাটো কেৱল বিজ্ঞানক উদযাপন কৰাই নহয়; গুৱাহাটীত এই উৎসৱ  আয়োজন কৰাৰ সিদ্ধান্তই বিশেষকৈ ঐতিহাসিকভাৱে অপ্ৰতিনিধিত্বশীল অঞ্চলসমূহৰ সৰ্বাংগীন উন্নয়নক প্ৰসাৰিত কৰাৰ বাবে চৰকাৰৰ বহল দৃষ্টিভংগীকো  প্ৰতিফলিত কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ বাকী অংশৰ ওচৰলৈ অনা আৰু দেশৰ প্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সুযোগ সৃষ্টি কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰি আহিছে। ড° জিতেন্দ্ৰ সিঙে লগতে কয়, “উত্তৰ-পূব প্ৰাকৃতিক সম্পদ আৰু প্ৰতিভাৰে সমৃদ্ধ আৰু এই উৎসৱ  দেশ খনৰ  বাকী অংশই ইয়াত নিহিত হৈ থকা সম্ভাৱনাক চিনি পোৱা আৰু ইয়াৰ সৈতে জড়িত হোৱাৰ এক সুযোগ হিচাবে পৰিগণিত হ’ব।”

আই.আই.এছ.এফ.-ৰ দশম সংস্কৰণৰ বিষয়বস্তু হৈছে    "ভাৰতক বিজ্ঞান প্ৰযুক্তিচালিত  গোলকীয় নিৰ্মাণ কেন্দ্ৰলৈ ৰূপান্তৰ কৰা" ।  যি বিজ্ঞান আৰু প্ৰযুক্তিক ঔদ্যোগিক বিকাশৰ সৈতে একত্ৰিত কৰাত  চৰকাৰৰ উচ্চাকাংক্ষাক প্ৰতিফলিত কৰে, যি ভাৰতক উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা আৰু বিশ্বব্যাপী নেতৃত্বৰ দিশে আগুৱাই নিয়াৰ কথাকে প্ৰতিফলিত কৰিছে। এই বিষয়বস্তু 'মেক ইন ইণ্ডিয়া' আৰু 'আত্মনিৰ্ভৰৰ ভাৰত'ৰ দৰে ৰাষ্ট্ৰীয় পদক্ষেপৰ সৈতে ওতঃপ্ৰোতভাৱে সংযোজিত হৈ আছে আৰু কৃত্ৰিম বুদ্ধিমত্তা, ৰব'টিক্স তথা  জৈৱ প্ৰযুক্তিৰ দৰে উদীয়মান প্ৰযুক্তিৰ বিষয়ত ইয়াত বিশেষভাবে  আলোকপাত কৰা হ’ব বুলি  মন্ত্ৰীগৰাকীয়ে কয়।

মন্ত্ৰী ড° ড. জিতেন্দ্ৰ সিঙে ভাৰতৰ অৰ্থনৈতিক ভৱিষ্যতক আগুৱাই নিয়াত বিজ্ঞানৰ ভূমিকাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি কয়, “ভাৰতৰ অৰ্থনৈতিক বিকাশত  জৈৱ প্ৰযুক্তি, জৈৱ অৰ্থনীতি আৰু মহাকাশ প্ৰযুক্তিৰ উন্নতিৰ ঢৌৱে   ইন্ধন যোগাব । এই উৎসৱত বিজ্ঞানে আমাৰ অৰ্থনীতি, পৰিৱেশ, আৰু নিয়োগৰ ভৱিষ্যত কেনেদৰে গঢ় দিব পাৰি  সেই সম্ভাৱনা  উজ্জ্বল কৰি তোলাৰ সুযোগ দিব ।’ড. জিতেন্দ্ৰ সিঙে লগতে  কয় যে আই আই এছ এফ-২০২৪-এ কেৱল দেশৰ বৈজ্ঞানিক কৃতিত্বক উদযাপন কৰাই নহয়, সহযোগিতা আৰু উদ্ভাৱনৰ সুযোগো সৃষ্টি কৰিব। “এই মঞ্চই বিজ্ঞানী, উদ্যোগৰ মুৰব্বী, ছাত্ৰ-ছাত্ৰী, আৰু জনসাধাৰণক একত্ৰিত কৰি বিজ্ঞানৰ পৰিৱৰ্তনশীল শক্তিৰ সন্ধান কৰিব। আই আই এছ এফ-২০২৪-এ এনে আলোচনাক ইন্ধন যোগাব যিয়ে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ ভৱিষ্যতক গঢ় দিব পাৰে।’ বিজ্ঞান-নেতৃত্বাধীন ঔদ্যোগিক বিকাশৰ বিষয়ত মূল গুৰুত্ব দিয়াৰ উপৰি আই আই এছ এফ-২০২৪-এ দেশজুৰি যুৱ মনক জড়িত কৰাৰ বাবে এক মূল মঞ্চ হিচাপে কাম কৰিব। এই মহোৎসৱত ছাত্ৰ-ছাত্ৰীসকলে শীৰ্ষ বিজ্ঞানীসকলৰ সৈতে সংযোগ স্থাপন, বিজ্ঞান প্ৰতিযোগিতাত অংশগ্ৰহণ আৰু যুগান্তকাৰী উদ্ভাৱনসমূহ ওচৰৰ পৰা অনুভৱ কৰাৰ সুযোগ লাভ  কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ  নেতৃত্বত ভাৰতৰ বৈজ্ঞানিক অগ্ৰগতিৰ বিষয়ত  চিন্তা কৰি মহাকাশ অন্বেষণ, জৈৱ প্ৰযুক্তি আৰু ডিজিটেল প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত দেশখনে কৰা উল্লেখযোগ্য অগ্ৰগতিৰ কথাও মন্ত্ৰীগৰাকীয়ে  উল্লেখ কৰে।

 

তেওঁ পুনৰ কয় যে আই আই এছ এফ-২০২৪ য়ে বৈজ্ঞানিক উদ্ভাৱনৰ দ্বাৰা পৰিচালিত বিশ্বব্যাপী উৎপাদন শক্তি কেন্দ্ৰ হিচাপে ভাৰতৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিব । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰত চৰকাৰে

 

বিজ্ঞান ভাৰতীৰ সহযোগত  জলবায়ু পৰিৱৰ্তন, খাদ্য সুৰক্ষা, আৰু বহনক্ষম উন্নয়নৰ দৰে জৰুৰী বিশ্বব্যাপী প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ লক্ষ্যৰে এই অনুষ্ঠানত বিভিন্ন ধৰণৰ প্ৰদৰ্শনী, পেনেল আলোচনা, আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা অনুষ্ঠিত কৰিব। উৎসৱৰ ৩০% পঞ্জীয়ন উত্তৰ-পূবৰ অংশগ্ৰহণকাৰীসকলৰ বাবে সংৰক্ষিত থকাৰ কথা উল্লেখ কৰি ড০ জীতেন্দ্ৰ সিঙে  কয় যে  এয়া হ’ব  স্থানীয় প্ৰতিভাৰ বাবে বৈজ্ঞানিক সমাজৰ  সৈতে জড়িত হোৱাৰ এক অনন্য সুযোগ। ড° জিতেন্দ্ৰ সিঙে কয়  যে এয়া  বিনিময় আৰু সহযোগিতাৰ বাবে অধিক মঞ্চ সৃষ্টি কৰি ভাৰতক উত্তৰ-পূবৰ ওচৰলৈ অনাৰ বহল প্ৰচেষ্টাৰে এক  অংশ।ড. জিতেন্দ্ৰ সিঙে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অধিক লোকক উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰি ইয়াৰ অনন্য  সংস্কৃতি, বিশাল সম্পদ আৰু উদ্ভাৱনী মনোভাৱৰ অভিজ্ঞতা লাভ কৰিবলৈ আহ্বান জনায়। ‘আমি ভাৰতৰ বাকী অংশক উত্তৰ-পূবৰ ওচৰলৈ অনাৰ সময় আহি পৰিছে। প্ৰাকৃতিক সম্পদ, বহনক্ষম পদ্ধতি, আৰু প্ৰগতিশীল সংস্কৃতিৰ ক্ষেত্ৰত এই অঞ্চলত বহুখিনি আছে। এই উৎসৱে সেই কথা দেশক প্ৰদৰ্শন কৰিব।“  ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টাঅধ্যাপক ড. এ.কে.  ছুদ; চি এছ আই আৰৰ সঞ্চালক প্ৰধান ড০ এন কালাইচেলভি; পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সচিব  ড০ এম ৰবিচন্দ্ৰন; বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব ড০ অভয় কাৰণ্ডিকৰ  আৰু বিজ্ঞান ভাৰতীৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক ড০ শিৱ কুমাৰ শৰ্মাৰ লগতে  জ্যেষ্ঠ বিষয়াসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

***

 

NKR/DK/DM



(Release ID: 2062195) Visitor Counter : 16


Read this release in: English , Urdu , Hindi , Manipuri