নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav g20-india-2023

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ‘গান্ধী জয়ন্তী’ত খাদীক যথেষ্ট উদ্গনি যোগায়, আৰু স্থানীয় উদ্যোগটোক প্ৰয়োজনীয় সহায়ৰ বাবে অনুৰোধ জনায়

Posted On: 02 OCT 2024 5:20PM by PIB Guwahati

আজি 'গান্ধী জয়ন্তী' উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ নাহৰকটীয়াত অৱস্থিত 'জাগৰণ' দোকানৰ পৰা খাদী কাপোৰ ক্ৰয় কৰে। এই উপলক্ষে শ্ৰী সোণোৱালৰ লগত সাংসদ (ৰাজ্যসভা) শ্ৰীযুত ৰামেশ্বৰ তেলী আৰু বিধায়ক (নাহৰকটীয়া) শ্ৰীযুত তৰংগ গগৈও আছিল।

এই উপলক্ষে শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, “ভাৰতৰ মহান পুত্ৰ মহাত্মা গান্ধীয়ে সদায়ে স্থানীয় উদ্যোগ, বিশেষকৈ হস্ততাঁত শিল্পৰ পোষকতা কৰিছিল আৰু ভাৰতৰ শিপিনীসকলৰ দ্বাৰা উৎপাদিত স্থানীয় সামগ্ৰী গ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছিল। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ দ্বাৰা ‘ভোকেল ফৰ লোকেল’ৰ স্পষ্ট আহ্বানে ঠিক এনেকুৱাই এটা বাৰ্তা দিছে যে আমি স্থানীয় সামগ্ৰী ক্ৰয় কৰি, আৰু স্থানীয় উদ্যোগসমূহক প্ৰয়োজনীয় সহায় আগবঢ়াই আমাৰ স্থানীয় উদ্যোগসমূহক উৎসাহিত কৰা উচিত। আহক, আমি সকলোৱে হাত মিলাই এই আশ্চৰ্যকৰ পদক্ষেপক আগুৱাই লৈ যাওঁ।”

**********

NB/AK



(Release ID: 2061395) Visitor Counter : 7


Read this release in: English , Urdu , Hindi , Tamil