প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

উত্তৰপ্ৰদেশৰ হথৰাছত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক

পিএমএনআৰএফৰ অধীনত এককালীন সাহায্য ঘোষণা

Posted On: 06 SEP 2024 8:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ হথৰাছত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ দুৰ্ঘটনাত আহত লোকসকলক আশু আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে মৃতকৰ আত্মীয়লৈ পিএমএনআৰএফৰ অধীনত ২লাখ টকাকৈ আৰু আহতসকলৰ প্ৰতি ৫০,০০০কৈ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স পোষ্টত কয়ঃ

“উত্তৰপ্ৰদেশৰ হথৰাছত সংঘটিত পথ দুৰ্ঘটনা অতি বেদনাদায়ক। এই দুৰ্ঘটনাত যিসকলে তেওঁলোকৰ আত্মীয়ক হেৰুৱালে তেওঁলোকৰ প্ৰতি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ভগৱানে এই কঠিন মুহূৰ্তত তেওঁলোকক শক্তি প্ৰদান কৰক। এই দুৰ্ঘটনাত যিসকল আহত হৈছে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিলোঁ। ৰাজ্য চৰকাৰৰ তত্বাৱধানত স্থানীয় প্ৰশাসনে পীড়িতসকলক সম্ভৱপৰ সহায় আগবঢ়াইছেঃ প্ৰধানমন্ত্ৰী @narendramodi”

“প্ৰধানমন্ত্ৰীয়ে উত্তৰপ্ৰদেশৰ হথৰাছত সংঘটিত পথ দুৰ্ঘটনাত মৃতকৰ আত্মীয়লৈ পিএমএনআৰএফৰ অধীনত ২লাখ টকাকৈ এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’ব।

**********

MJPS/ST/DB



(Release ID: 2053037) Visitor Counter : 24