অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়
azadi ka amrit mahotsav g20-india-2023

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰাম মোহন নাইডুৱে ৯টা বিমানবন্দৰত মুকলি কৰিলে ডিজি যাত্ৰাৰ সুবিধা

ভুৱনেশ্বৰ, কইম্বাটুৰ, ডাবলিম(গোৱা), ইন্দোৰ, বাগডোগ্ৰা, ৰাঁচী, পাটনা, ৰায়পুৰ, আৰু বিশাখাপট্টনমত মুকলি হ’ল ডিজি যাত্ৰাৰ সুবিধা

ডিজি যাত্ৰা সম্বলিত বিমানবন্দৰৰ মুঠ সংখ্যা ২৪ লৈ বৃদ্ধি

৫৫ লাখ ব্যৱহাৰকাৰীয়ে ডাউনলোড কৰিলে ডিজি যাত্ৰা এপ; ৩ কোটি যাত্ৰীয়ে ব্যৱহাৰ কৰিছে ডিজি যাত্ৰা

"ডিজি যাত্ৰা শক্তিশালী তথ্য সুৰক্ষাৰ ভেটিৰ আধাৰত নিৰ্মিত। প্ৰতিজন ভ্ৰমণকাৰীৰ গোপনীয়তা আমাৰ বাবে সৰ্বোচ্চ গুৰুত্বপূৰ্ণ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ইয়াৰ সৈতে কেতিয়াও আপোচ নকৰে"-শ্ৰী ৰামমোহন নাইডু

Posted On: 06 SEP 2024 5:57PM by PIB Guwahati

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী শ্ৰী কিঞ্জৰাপু ৰামমোহন নাইডুৱে আজি বিশাখাপট্টনম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উক্ত বন্দৰটোৰ লগতে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ আন আঠটা বিমানবন্দৰ ক্ৰমে কোইম্বাটোৰ, ডাবোলিম, ইন্দোৰ, বাগডোগ্ৰা, ৰাঁচী, পাটনা, ৰায়পুৰ, আৰু ভুৱনেশ্বৰৰ বাবে ডিজি যাত্ৰাৰ একাধিক সা-সুবিধা উদ্বোধন কৰে। অৱশ্যে সংশ্লিষ্ট আঠটা বন্দৰৰ সুবিধালানি মন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেলি মুকলি কৰে।
 

উন্মোচন অনুষ্ঠানৰ সময়ত বিমান পৰিবহণ মন্ত্ৰীয়ে আলোকপাত কৰে যে কেনেকৈ ডিজি যাত্ৰা এপে বিমানবন্দৰৰ ভিৰত নেভিগেট কৰাৰ সময়ত একাধিক নথি-পত্ৰ—যেনে বৰ্ডিং পাছ, আইডি প্ৰুফ, আৰু লাগেজ টেগ— পৰিচালনা কৰাটো সৰল কৰি তোলে। যাত্ৰীসকলৰ বিমানবন্দৰত প্ৰৱেশৰ সময় হাতৰ প্ৰক্ৰিয়াৰে গড়ে ১৫ ছেকেণ্ডৰ পৰা মাত্ৰ ৫ ছেকেণ্ডলৈ হ্ৰাস কৰা হৈছে। ৫৫ লাখতকৈ অধিক ব্যৱহাৰকাৰীয়ে এই এপটো ডাউনলোড কৰিছে, আৰু ৩ কোটিতকৈ অধিক যাত্ৰীয়ে ভ্ৰমণৰ বাবে ডিজি যাত্ৰা ব্যৱহাৰ কৰিছে।


২০২২ চনৰ ১ ডিচেম্বৰত নতুন দিল্লী, বাৰাণসী, আৰু বেংগালুৰু বিমানবন্দৰত প্ৰথমটো ডিজি যাত্ৰাৰ সুবিধা আৰম্ভ হোৱাৰ পিছৰে পৰা আজি যোগ কৰা ৯টা বিমানবন্দৰকে ধৰি মুঠ ডিজি যাত্ৰা সক্ষম বিমানবন্দৰৰ সংখ্যা চৌবিশটা হ’ব।
মন্ত্ৰীগৰাকীয়ে ডিজি যাত্ৰাৰ প্ৰৱৰ্তনৰ গুৰুত্বৰ ওপৰত আৰু গুৰুত্ব আৰোপ কৰি কয় যে, "ক'ভিড-১৯ মহামাৰীৰ লগত সংগতি ৰাখি যেতিয়া শাৰীৰিক সংস্পৰ্শ নূন্যতম কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছিল তেতিয়াই ইয়াৰ আৰম্ভণি অতি সময়োপযোগী আছিল। ইয়াৰ আৰম্ভণিৰ পৰাই ডিজি যাত্ৰাই মূল বিমানবন্দৰৰ চেকপইণ্টসমূহত সংস্পৰ্শবিহীন আৰু কাগজবিহীন সমাধান প্ৰদান কৰিছিল। এই ব্যৱস্থাই সমগ্ৰ বিমানবন্দৰসমূহত কাগজৰ ব্যৱহাৰ যথেষ্ট হ্ৰাস কৰিছে, যিয়ে বিমান খণ্ডত বহনক্ষম উন্নয়নৰ আমাৰ ব্যাপক পৰিসৰৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিছে।"


তথ্য সুৰক্ষাৰ উদ্বেগক সম্বোধন কৰি শ্ৰী নাইডুৱে চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি কয় যে, "মই পূৰ্বে লোকসভাত আলোকপাত কৰিছো যে ডিজি যাত্ৰা শক্তিশালী তথ্য সুৰক্ষাৰ ভেটিৰ ওপৰত গঢ় লৈ উঠিছে। মই অতি স্পষ্টকৈ ক’ব বিচাৰো যে যাত্ৰীসকলৰ ব্যক্তিগত চিনাক্তকৰণযোগ্য তথ্য (পিআইআই)ৰ কোনো কেন্দ্ৰীয় সংৰক্ষণ নাই। উল্লেখ্য যে সকলো যাত্ৰীৰ তথ্য এনক্ৰিপ্ট কৰি তেওঁলোকৰ স্মাৰ্টফোনত সুৰক্ষিতভাৱে সংৰক্ষণ কৰা হয়, প্ৰস্থান বিমানবন্দৰৰ সৈতে অস্থায়ীভাৱে শ্বেয়াৰ কৰা হয়, আৰু যাত্ৰাৰ ২৪ ঘণ্টাৰ ভিতৰত ডিলিট কৰা হয়। প্ৰতিজন ভ্ৰমণকাৰীৰ গোপনীয়তা নিশ্চিত কৰাটো আমাৰ বাবে শীৰ্ষ অগ্ৰাধিকাৰ, আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এই নীতিৰ প্ৰতি নিজৰ দায়বদ্ধতা অটল।"


ডিজি যাত্ৰা এপ হৈছে চৰকাৰৰ এক পৰিৱৰ্তনশীল ডিজিটেল পদক্ষেপ যিটোত মুখ চিনাক্তকৰণ প্ৰযুক্তি (এফ আৰ টি) ব্যৱহাৰ কৰি বিমানবন্দৰত ধাৰাবাহিক, সংস্পৰ্শবিহীন, আৰু কাগজবিহীন বৰ্ডিঙৰ সৈতে যাত্ৰীসকলৰ অভিজ্ঞতা বৃদ্ধিৰ বাবে ডিজাইন কৰা হৈছে। ইয়াৰ দ্বাৰা ভ্ৰমণকাৰীসকলে বিভিন্ন বিমানবন্দৰৰ চেকপইণ্টৰ মাজেৰে সহজে যাত্ৰা কৰিব পাৰে, তেওঁলোকৰ মুখৰ বৈশিষ্ট্য ব্যৱহাৰ কৰি ভৌতিক নথি-পত্ৰৰ প্ৰয়োজন নোহোৱাকৈ তেওঁলোকৰ পৰিচয় আৰু ভ্ৰমণৰ সবিশেষ পৰীক্ষা কৰিব পাৰে।


ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ আৰু সমবায় বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী মুৰলীধৰ মোহল আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ সচিব শ্ৰী ৱুমলুনমাং ৱুয়ালনামে।


এএআইৰ অধ্যক্ষ শ্ৰী এম সুৰেশ; বিশাখাপট্টনমৰ লোকসভা সাংসদ শ্ৰী শ্ৰীভৰত মথুকুমিলি, অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ সদস্যশ্ৰী পি.জি.ভি.আৰ. নাইডু (গনা বাবু); অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ ডিডিজি শ্ৰী পি.কে. ঠাকুৰকে ধৰি সংশ্লিষ্ট মন্ত্ৰালয় আৰু এএআইৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলো এই অনুষ্ঠানত উপস্থিত থাকে।


***
 


SK/RD



(Release ID: 2052923) Visitor Counter : 30


Read this release in: English , Urdu , Hindi , Tamil