প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘জন ধন যোজনা’ৰ দশম বৰ্ষপূৰ্তি উপলক্ষে সকলোকে অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
বিত্তীয় অন্তৰ্ভুক্তি বৃদ্ধি কৰা আৰু কোটি কোটি লোকক, বিশেষকৈ মহিলা, যুৱপ্ৰজন্মক মৰ্যাদা দিয়াৰ ক্ষেত্ৰত ‘জন ধন যোজনা’ হৈছে সৰ্বোপৰি: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
28 AUG 2024 9:50AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘জন ধন যোজনা’ৰ ‘দশম বৰ্ষপূৰ্তি’ত বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ উদযাপন কৰে। প্ৰধানমন্ত্ৰীয়ে সকলো হিতাধিকাৰীক অভিনন্দন জ্ঞাপন কৰে আৰু যিসকলে এই যোজনা সফল কৰি তুলিছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে কোটি কোটি লোক, বিশেষকৈ মহিলা, যুৱপ্ৰজন্ম আৰু বঞ্চিত সম্প্ৰদায়সমূহক মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত জন ধন যোজনা হৈছে সৰ্বোপৰি।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে;
"আজি আমি #10YearsOfJanDhanক এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে চিহ্নিত কৰিছোঁ। সকলো হিতাধিকাৰীক অভিনন্দন জনোৱাৰ লগতে এই আঁচনিখন সফল কৰাৰ বাবে কাম কৰা সকলোকে অভিনন্দন জনাইছোঁ। বিত্তীয় অন্তৰ্ভুক্তি বৃদ্ধি কৰা আৰু কোটি কোটি লোকক, বিশেষকৈ মহিলা, যুৱপ্ৰজন্ম আৰু বঞ্চিত সম্প্ৰদায়সমূহক মৰ্যাদা দিয়াৰ ক্ষেত্ৰত ‘জন ধন যোজনা’ হৈছে সৰ্বোপৰি।"
***
MJPS/ST/KB
(रिलीज़ आईडी: 2049261)
आगंतुक पटल : 81
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Bengali-TR
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam