নৌ-পৰিবহন মন্ত্ৰালয়

কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে মন্ত্ৰালয়টোৰ কৰ্মচাৰীসকলৰ বাবে এই বছৰৰ ৰক্ষাবন্ধনক বিশেষ কৰি তুলিলে

Posted On: 19 AUG 2024 6:10PM by PIB Guwahati

'ৰক্ষা বন্ধন'ৰ পবিত্ৰ উপলক্ষত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যেতিয়া কাৰ্যালয়ত উপস্থিত থকা সকলো মহিলা কৰ্মচাৰীক তেওঁক ৰাখী বান্ধিবলৈ আহ্বান জনাইছিল তেতিয়া বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ  কৰ্মচাৰীসকল এক আনন্দ মধুৰ আশ্চৰ্যৰ সন্মুখীন হৈছিল।

মন্ত্ৰালয়ৰ বিষয়া-কৰ্মচাৰীসকলৰ উপৰিও ‘সাগৰমালা ডেভেলপমেণ্ট কোম্পানী লিমিটেড’, ‘কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী’ (চিআইএছএফ), ‘ভাৰতীয় আভ্যন্তৰীণ জল প্ৰাধিকৰণ’ (আইডব্লিউএআই)ৰ কৰ্মচাৰীবৃন্দ তথা মন্ত্ৰালয়ৰ সৈতে কাম কৰা যুৱ পেছাদাৰীসকলেও মাননীয় মন্ত্ৰীগৰাকীৰ হাতত ৰাখী বান্ধে।

 

ভাই-ভনীৰ মাজৰ সুন্দৰ বন্ধনক শক্তিশালী কৰা এই অনুষ্ঠান সকলোৱে এটা পৰিয়ালৰ দৰে উদযাপন কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনন্দ প্ৰকাশ কৰে। সোণোৱালক ৰাখী বন্ধা এগৰাকী কৰ্মচাৰীয়ে কয় যে এয়া সঁচাকৈয়ে এক আশ্চৰ্যসুন্দৰ ভংগীমা আৰু ইয়াক সকলো বিভাগলৈও সম্প্ৰসাৰিত কৰিব পৰা যায়। আন এগৰাকী কৰ্মচাৰীয়ে কয় যে এয়া এক আশীৰ্বাদপূৰ্ণ মুহূৰ্ত আছিল কিয়নো তেওঁৰ নিজৰ ভাতৃ বিদেশত আছে আৰু তেওঁ এগৰাকী মন্ত্ৰীক ভাতৃ হিচাপে ৰাখী বান্ধিবলৈ পালে।

শ্ৰী সৰ্বানন্দ সোণোৱালে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে আৰু ৰক্ষাবন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰে। সোণোৱালে কয় যে ই মন্ত্ৰালয়টোৰ ভিতৰৰ সম্পৰ্কক প্ৰগাঢ় কৰি তোলাৰ লগতে এটা পৰিয়ালৰ দৰে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিব।

*******

NB/AK/KB



(Release ID: 2047605) Visitor Counter : 20