কেবিনেট
azadi ka amrit mahotsav g20-india-2023

থানে ইণ্টিগেল ৰিং মেট্ৰ' ৰে’ল প্ৰকল্প’লৈ অনুমোদন জনাইছে কেবিনেটে

মুঠ ১২,২০০ কোটি টকা ব্যয় সাপেক্ষ প্ৰকল্পটো ২০২৯ চনৰ ভিতৰত কাৰ্যকৰী হৈ উঠিব

‘ৰিং কৰিডৰ’ৰ মুঠ দৈৰ্ঘ্য হৈছে ২৯ কিলোমিটাৰ (২৬ কিলোমিটাৰ এলিভেটেড আৰু ৩ কিলোমিটাৰ ভূগৰ্ভস্থ) আৰু ইয়াত ২২ টা ষ্টেশ্যন অন্তৰ্ভুক্ত আছে

নৌপাড়া, ৱাগলে ইষ্টেট, ডংগ্ৰিপাড়া, হিৰানন্দানী ইষ্টেট, কলশ্বেট, ছাকেত আদিৰ দৰে বিশিষ্ট এলেকাসমূহ সংযুক্ত কৰিব

Posted On: 16 AUG 2024 8:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি মহাৰাষ্ট্ৰৰ ‘থানে ইণ্টিগ্ৰেল ৰিং মেট্ৰ' ৰে'ল কৰিডৰ প্ৰকল্প’লৈ অনুমোদন জনাইছে। ২২টা ষ্টেশ্যনৰ সৈতে ২৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ কৰিডৰটো থানে চহৰৰ পশ্চিম দিশেত স্থাপিত হব। নেটৱৰ্কটো এফালে উলহাছ নদী আৰু আনফালে সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যান [এছজিএনপি)য়ে আৱৰি থাকিব।

এই সংযোগে পৰিবহণৰ এক বহনক্ষম আৰু দক্ষ মাধ্যম প্ৰদান কৰিব, যাৰ ফলত চহৰখনে ইয়াৰ অৰ্থনৈতিক সম্ভাৱনা উপলব্ধি কৰিব পাৰিব আৰু পথসমূহত হোৱা যান-জঁট হ্ৰাস কৰিব পাৰিব। প্ৰকল্পটোৱে ‘সেউজগৃহ গেছ নিৰ্গমন’ হ্ৰাস কৰাতো অৰিহণা যোগাব বুলি আশা কৰা হৈছে।

 

প্ৰকল্প ব্যয় আৰু পুঁজি:

প্ৰকল্পটোৰ আনুমানিক ব্যয় হৈছে ১২,২০০.১০ কোটি টকা, ভাৰত চৰকাৰ আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ সমান অংশীদাৰিত্বৰ লগতে দ্বিপাক্ষিক সংস্থাসমূহৰ পৰাও আংশিক পুঁজি আহৰণ কৰা হব।

‘ষ্টেশ্যনৰ নামকৰণ আৰু কৰ্পোৰেটৰ বাবে প্ৰৱেশানুকূলতাৰ অধিকাৰ বিক্ৰী কৰি’, ‘সম্পত্তিৰ মুদ্ৰাকৰণ’, ‘ভেলু কেপশ্যাৰ ফাইনেন্সিং ৰুট’ আদিৰ দৰে উদ্ভাৱনীমূলক বিত্তীয় পদ্ধতিৰ জৰিয়তে পুঁজি সংগ্ৰহ কৰা হ'ব।

মুখ্য ব্যৱসায়কেন্দ্ৰসমূহক সংযোগ কৰা কৰিডৰটোৱে বৃহৎ অংশৰ কৰ্মচাৰীসকলৰ বাবে এক কাৰ্যকৰী পৰিবহন বিকল্প প্ৰদান কৰিব।  প্ৰকল্পটো ২০২৯ চনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

অধিক গুৰুত্বপূৰ্ণ ভাৱে, ‘মেট্ৰ' লাইন’টোৱে হাজাৰ হাজাৰ দৈনিক যাত্ৰী, বিশেষকৈ শিক্ষাৰ্থী আৰু দ্ৰুত আৰু অৰ্থনৈতিক পৰিবহন বিকল্প গ্ৰহণ কৰি প্ৰতিদিনে কাৰ্যালয় আৰু কৰ্মক্ষেত্ৰলৈ যাত্ৰা কৰা সকলক লাভান্বিত কৰিব। এই প্ৰকল্পটোৰ সুবাদত ‘মেট্ৰ' কৰিডৰ’টোৱেদি দৈনিক যাত্ৰীৰ মুঠ সংখ্যা ২০২৯, ২০৩৫ আৰু ২০৪৫ বৰ্ষত ক্ৰমে ৬.৪৭ লাখ, ৭.৬১ লাখ আৰু ৮.৭২ লাখ হবগৈ বুলি পূৰ্বানুমান কৰা হৈছে।

‘মহা মেট্ৰ'ৱে প্ৰকল্পটোৰ সাধাৰণ নিৰ্মাণ, বৈদ্যুতিক¬যান্ত্ৰিক, অন্যান্য সম্পৰ্কিত সুবিধা, কাম আৰু প্ৰকল্পটোৰে সম্পৰ্কিত সম্পদসমূহৰ কাম-কাজসমূহ সম্পাদন কৰিব। ‘মহা-মেট্ৰ'ৱে ইতিমধ্যে নিবিদা-পূৰ্ব কাৰ্যকলাপ আৰু নিবিদা নথিপত্ৰ প্ৰস্তুত কৰাৰ কাম আৰম্ভ কৰিছে। চুক্তিসমূহ অচিৰেই নিবিদাৰ বাবে আগবঢ়াই দিয়া হ'ব।

.

***

MJPS/BM/SKS/KB



(Release ID: 2046306) Visitor Counter : 23