নৌ-পৰিবহন মন্ত্ৰালয়

শ্ৰী সৰ্বানন্দ সোণোৱালে আৰম্ভ কৰা গ্ৰীণ টাগ ট্ৰেঞ্জিচন প্ৰগ্ৰেম (জিটিটিপি) এছঅ’পিৰ জৰিয়তে ভাৰতত সেউজীকৰণে লাভ কৰিলে উদ্গনি

জিটিটিপিৰ প্ৰথম পৰ্যায় ২০২৪ চনৰ ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব আৰু ২০২৭ চনৰ ৩১ ডিচেম্বৰলৈকে চলি থাকিব

এই কাৰ্যসূচীত এই সেউজ টাগ নিৰ্মাণৰ বাবে প্ৰায় ১০০০ কোটি টকা বিনিয়োগ কৰা হ’ব বুলি আশা কৰা হৈছে

ভাৰতত বহনক্ষম আৰু সেউজ সামুদ্ৰিক খণ্ডৰ আমাৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত গ্ৰীণ টাগ ট্ৰেঞ্জিচন প্ৰগ্ৰেম এক গুৰুত্বপূৰ্ণ পদক্ষেপ: শ্ৰী সৰ্বানন্দ সোণোৱাল

জিটিটিপিৰ লক্ষ্য হৈছে বৰ্তমানৰ ডিজেল চালিত টাগসমূহৰ ঠাইত শূন্য নিৰ্গমন টাগ ব্যৱহাৰ কৰা

Posted On: 16 AUG 2024 3:42PM by PIB Guwahati

বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে আজি নতুন দিল্লীত গ্ৰীণ টাগ ট্ৰেঞ্জিচন প্ৰগ্ৰেম (জিটিটিপি)ৰ এছঅ’পি আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উল্লেখযোগ্য পদক্ষেপে গতানুগতিক ইন্ধন ভিত্তিক বন্দৰ টাগসমূহৰ পৰা সেউজ, অধিক বহনক্ষম বিকল্পলৈ পৰিৱৰ্তনক আগুৱাই নিব, যিয়ে পৰিৱেশৰ বহনক্ষমতাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা আৰু ইয়াৰ সামুদ্ৰিক খণ্ডৰ উন্নতিৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ হিচাপে চিহ্নিত কৰিব।

 

‘পঞ্চ কৰ্ম সংকল্প’ৰ অধীনত গ্ৰীণ টাগ ট্ৰেঞ্জিচন প্ৰগ্ৰেম (জিটিটিপি) মূল পদক্ষেপ হিচাপে পৰিগণিত হৈছে। ২০২৩ চনৰ ২২ মে’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ‘চিন্তন শিৱিৰ’ অনুষ্ঠানৰ সময়ত ঘোষণা কৰা এই কাৰ্যসূচী ভাৰতত সামুদ্ৰিক কাৰ্য্যকলাপ কাৰ্বন মুক্ত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ। ভাৰতৰ প্ৰধান বন্দৰসমূহত চলি থকা গতানুগতিক ইন্ধন ভিত্তিক বন্দৰ টাগসমূহ পৰ্যায়ক্ৰমে বন্ধ কৰি ইয়াৰ ঠাইত স্বচ্ছ আৰু অধিক বহনক্ষম বিকল্প ইন্ধনৰ দ্বাৰা চালিত সেউজীয়া টাগ ব্যৱহাৰ কৰিবলৈ জিটিটিপিৰ জৰিয়তে ডিজাইন কৰা হৈছে।

.

২০২৪ চনৰ ১ অক্টোবৰৰ পৰা জিটিটিপিৰ প্ৰথম পৰ্যায় আৰম্ভ হ’ব আৰু ২০২৭ চনৰ ৩১ ডিচেম্বৰলৈকে চলিব। চিদাম্বৰনাৰ বন্দৰ প্ৰাধিকৰণে—স্থায়ী নিৰ্দিষ্টকৰণ সমিতি (এছএছচি)ৰ দ্বাৰা জাৰি কৰা প্ৰামাণিক ডিজাইন আৰু স্পেচিফিকেশনৰ ভিত্তিত কমেও দুটাকৈ সেউজীয়া টাগ ক্ৰয় বা চাৰ্টাৰ কৰিব। এই কাৰ্যসূচীত এই সেউজ টাগ নিৰ্মাণৰ বাবে প্ৰায় ১০০০ কোটি টকা বিনিয়োগ কৰা হ’ব বুলি আশা কৰা হৈছে। প্ৰথমটো টাগ বেটাৰী-ইলেক্ট্ৰিক হ’ব, উদ্যোগটোৰ বিকাশৰ লগে লগে হাইব্ৰিড, মিথানল আৰু সেউজ হাইড্ৰ’জেনৰ দৰে অন্যান্য সম্ভাৱনাপূৰ্ণ সেউজ প্ৰযুক্তি গ্ৰহণৰ ব্যৱস্থা থাকিব।

 

উন্মোচনী অনুষ্ঠানত আগবঢ়োৱা ভাষণত শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, “ভাৰতত বহনক্ষম আৰু সেউজ সামুদ্ৰিক খণ্ডৰ আমাৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত গ্ৰীণ টাগ ট্ৰেঞ্জিচন প্ৰগ্ৰেম এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই কাৰ্যসূচীয়ে কেৱল আমাৰ পৰিৱেশৰ লক্ষ্যৰ সৈতে মিল থকাই নহয়, ‘মেক ইন ইণ্ডিয়া’ৰ প্ৰতি আমাৰ দায়বদ্ধতাক শক্তিশালী কৰাৰ লগতে সামুদ্ৰিক উদ্যোগত ঘৰুৱা উদ্ভাৱন আৰু উৎপাদনক প্ৰসাৰিত কৰে।”

‘জিটিটিপি ঘৰুৱা টাগ উদ্যোগৰ বাবে এক ডাঙৰ সহায় হ’ব কিয়নো এই কাৰ্যসূচীৰ অধীনত নিৰ্মিত সকলো টাগ ভাৰত চৰকাৰৰ ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ অংশ হিচাপে ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানাত নিৰ্মাণ কৰা হ’ব। এই কাৰ্যসূচীয়ে জাহাজ নিৰ্মাণ আৰু ডিজাইনৰ ক্ষেত্ৰতো উল্লেখযোগ্য নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে বুলি বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব শ্ৰী টি কে ৰামচন্দ্ৰনে উল্লেখ কৰে।

২০৪০ চনৰ শেষভাগত ভাৰতীয় প্ৰধান বন্দৰসমূহত চলি থকা সকলো টাগ সেউজ টাগলৈ ৰূপান্তৰ কৰাৰ পৰিকল্পনা কৰা হৈছে, যাৰ ফলত সমগ্ৰ দেশতে এক মানক, পৰিৱেশ অনুকূল বহৰ নিশ্চিত কৰা হৈছে। তদুপৰি ২০৩৩ চনৰ পাছত ভাৰতত নিৰ্মাণ কৰা যিকোনো নতুন টাগ ভাৰতীয় বন্দৰত ব্যৱহাৰৰ বাবে এএছটিডিএছ-জিটিটিপি মানদণ্ড মানি চলিব লাগিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ চনত আৰম্ভ কৰা মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ (এমআইভি ২০৩০)ত ভাৰতৰ সামুদ্ৰিক খণ্ডক সুৰক্ষা, বহনক্ষমতা আৰু পৰিৱেশৰ দায়বদ্ধতাৰ ক্ষেত্ৰত বিশ্বৰ অগ্ৰণী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে মূল কৌশলসমূহৰ ৰূপৰেখা দাঙি ধৰা হৈছে। এই দৃষ্টিভংগীত অভিলাষী লক্ষ্য অন্তৰ্ভুক্ত কৰা হৈছে যেনে-প্ৰতিটো ডাঙৰ বন্দৰৰ শক্তিৰ চাহিদাৰ ৬০% নবীকৰণযোগ্য শক্তিৰ পৰা আহৰণ কৰা আৰু ২০৩০ চনৰ ভিতৰত প্ৰতি টন মালবাহী সামগ্ৰীৰ কাৰ্বন নিৰ্গমন ৩০% হ্ৰাস কৰা। ২০৩০ চনৰ ভিতৰত বন্দৰ জাহাজৰ পৰা সেউজ গৃহ গেছৰ নিৰ্গমন ৩০% হ্ৰাস কৰাৰ বাবে মুখ্য বন্দৰসমূহৰ বাবে এটা নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰিছে। একেদৰে বিকল্প ইন্ধনৰ চিন্তা কৰা হৈছে যিয়ে কাৰ্য্যক্ষমতা বজাই ৰাখি কাৰ্বন নিৰ্গমন যথেষ্ট হ্ৰাস কৰিব পাৰে।

জিটিটিপিয়ে সামুদ্ৰিক খণ্ডত বহনক্ষমতা আৰু উদ্ভাৱনৰ প্ৰতি চৰকাৰৰ অটল দায়বদ্ধতাক প্ৰতিফলিত কৰাৰ লগতে ভাৰতৰ বন্দৰ আৰু সামুদ্ৰিক কাৰ্য্যকলাপৰ বাবে স্বচ্ছ আৰু সেউজ ভৱিষ্যতৰ পথ প্ৰশস্ত কৰে।

****

NB/AK/DB



(Release ID: 2045970) Visitor Counter : 26


Read this release in: English , Urdu , Hindi , Tamil