গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

সশস্ত্ৰ সেনাবাহিনী বিশেষ ক্ষমতা আইন

Posted On: 06 AUG 2024 4:29PM by PIB Guwahati

‘সশস্ত্ৰ সেনাবাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮’-ৰ অধীনত থকা 'অশান্ত এলেকা'ৰ পৰিসৰ যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। তলত দিয়া বিৱৰণ অনুসৰি, ২০১৪ চনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বেছিভাগ অংশৰ পৰা এই আইনৰ প্ৰয়োগ আঁতৰোৱা হৈছে:

  1. ত্ৰিপুৰা: ২৭-০৫-২০১৫ ৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হৈছে
  1. মেঘালয়: ০১-০৪-২০১৮ ৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হৈছে
  1. অসম: ৪ খন জিলাৰ বাহিৰে সকলো জিলাৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হৈছে
  1. অৰুণাচল প্ৰদেশ: ক্ৰমাগত প্ৰত্যাহাৰ কৰা হৈছে আৰু এতিয়া কেৱল নামচাই জিলাৰ ৩টা আৰক্ষী থানা এলেকা আৰু আন ৩ খন জিলা অৰ্থাৎ টিৰাপ, চাংলাং আৰু লংডিঙত প্ৰযোজ্য হৈ আছে
  2. মণিপুৰ: ৭খন জিলাৰ ১৯ টা আৰক্ষী থানা এলেকাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে
  3. নাগালেণ্ড: আংশিকভাৱে প্ৰত্যাহাৰ কৰা হৈছে আৰু এতিয়া কেৱল ৮ খন জিলা আৰু আন ৫ খন জিলাৰ ২১ টা আৰক্ষী থানা এলেকাত প্ৰযোজ্য হৈ আছে।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ নিৰাপত্তাজনিত পৰিস্থিতিত ২০১৪ চনৰ পৰা গুৰুত্বপূৰ্ণ উন্নতি দেখা গৈছে। ২০১৪ চনৰ তুলনাত ২০২৩ চনত উগ্ৰবাদী ঘটনা ৭১% হাৰে হ্ৰাস পোৱাৰ লগতে সুৰক্ষা বাহিনীৰ কৰ্মচাৰীৰ মৃত্যুৰ সংখ্যা ৬০% হাৰে  আৰু অসামৰিক লোকৰ মৃত্যু ৮২% হাৰে হ্ৰাস পাইছে।

লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰ দি গৃহ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায়ে এই তথ্য সদৰী কৰে।

*****

RK/VV/ASH/RR/PR/PS/2303/KB


(Release ID: 2042204) Visitor Counter : 49