নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

সাগৰমালা প্ৰকল্পৰ পৰিৱেশ মূল্যায়ন

Posted On: 02 AUG 2024 2:02PM by PIB Guwahati

 

ৰাষ্ট্ৰীয় জলপথ আৰু সংযোগ সম্পৰ্কীয় আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বাবে ৰাষ্ট্ৰীয় জলপথ-২ৰ সৈতে আঠটা সৰু টাৰ্মিনেল আৰু দুটা স্লিপৱেৰ উন্নয়ন সাধনৰ বাবে অসম চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱটো সাগৰমালা আঁচনিৰ অধীনত ১০০% বিত্তীয় সাহায্যৰ বাবে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে সিদ্ধান্তিক সন্মতি প্ৰকাশ কৰিছে আৰু অসম চৰকাৰক মুঠ ৬৪৫.৫৬ কোটি টকাৰ পুঁজি আৱণ্টনৰে সংশোধিত বিস্তৃত প্ৰকল্প প্ৰতিবেদনৰ আধাৰত, প্ৰয়োজনীয় অনুমোদন আৰু নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰি আগুৱাই নিয়াৰ বাবে অনুৰোধ জনোৱা হৈছে। 

উক্ত ১০ টা প্ৰকল্পৰ অধীনত সাগৰমালা আঁচনিৰ পৰা কোনো ব্যয় হোৱা নাই।

বহৰী, ধুবুৰী, দিচাংমুখ, ঘগৰ, গোৱালপাৰা, গুইজান, কুৰুৱা, মাতমৰাত প্ৰস্তাৱিত যাত্ৰী টাৰ্মিনেলসমূহ সম্পূৰ্ণ কৰাৰ প্ৰত্যাশিত সময়সীমা হৈছে ২৭ মাহ। আনহাতে মাজুলী আৰু ধুবুৰীত প্ৰস্তাৱিত স্লিপৱেৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ প্ৰত্যাশিত সময়সীমা হৈছে ৩৬ মাহ।

অসম চৰকাৰে জনাইছে যে অসমৰ সাগৰমালা প্ৰকল্পসমূহৰ বাবে কোনো পৰিৱেশগত প্ৰভাৱ মূল্যায়ন (ইআইএ)সম্পৰ্কীয় অধ্যয়ন কৰা হোৱা নাই। অৱশ্যে, ২০২২ চনত যাত্ৰী টাৰ্মিনেল নিৰ্মাণৰ বাবে প্ৰাথমিক পাৰিপাৰ্শ্বিক আৰু সামাজিক স্ক্ৰীণিং আৰু স্কোপিং-ৰ দিহা কৰা হৈছিল।

অসমত সাগৰমালা কাৰ্যসূচীৰ অধীনত জলপথ উন্নয়ন আৰু সংযোগৰ বাবে ১১৮৫ কোটি টকাৰ ১০ টা প্ৰকল্প আছে, যাৰ ভিতৰত ১৫৭.৪ কোটি টকাৰ ৪টা প্ৰকল্প সম্পূৰ্ণ হৈছে আৰু ১০২৮ কোটি টকাৰ ৬টা প্ৰকল্প ৰূপায়ণ আৰু উন্নয়নৰ বিভিন্ন পৰ্যায়ত আছে।

আজি লোকসভাত এক লিখিত উত্তৰত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে এই তথ্য প্ৰদান কৰে।

*****

MJPS/AK/KB


(Release ID: 2040726)