নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

পাৰাদীপ বন্দৰত আন্তঃগাঁথনি আৰু সেৱা বৃদ্ধি কৰি ১৩ কোটি টকাৰো অধিক মূল্যৰ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ সংযোজন

Posted On: 29 JUL 2024 10:31AM by PIB Guwahati

বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব শ্ৰী টি কে ৰামচন্দ্ৰনে ‘পাৰাদীপ বন্দৰ প্ৰাধিকৰণ’ (পিপিএ)লৈ তেওঁৰ প্ৰথমটো ভ্ৰমণ কৰে। তেওঁৰ ভ্ৰমণকালত তেওঁ ১৩ কোটি টকাৰো অধিক মূল্যৰ কেবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধন কৰাৰ লগতে আন এক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

তেওঁ পাৰাদীপ বন্দৰ চিকিৎসালয়ৰ নৱনিৰ্মিত পৰিশিষ্ট ভৱনত এটা ‘ট্ৰমা এণ্ড বাৰ্ণ কেয়াৰ (টিবিচি) কেন্দ্ৰ’ উদ্বোধন কৰে। ২.৯০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই কেন্দ্ৰটোৱে পাৰাদীপ আৰু ইয়াৰ আশে-পাশে আঘাত প্ৰাপ্ত হোৱা আৰু অগ্নিদগ্ধ হোৱাসকলৰ বাবে নিৰাময়মূলক আৰু পুনৰ্সংস্থাপন  সেৱা প্ৰদান কৰিব।

সচিব শ্ৰী ৰামচন্দ্ৰনে ‘পিপিএ’-ৰ জল শোধন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ১০.৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিব লগা এই প্ৰকল্পটোৱে তালদাণ্ডা খালৰ জৰিয়তে কেঁচা পানী লাভ কৰিব আৰু প্ৰতিদিনে ১৬ নিযুত লিটাৰ পানী পৰিশোধন কৰাৰ সামৰ্থ্যযুক্ত হ’ব। প্ৰকল্পটো ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে, যাৰ ফলত পাৰাদীপ বন্দৰৰ পানীৰ আন্তঃগাঁথনি বৃদ্ধি হ'ব আৰু বন্দৰটোৰ আবাসিক অঞ্চলত বসবাস কৰা নাগৰিকসকলক মানসম্পন্ন খোৱাপানী যোগান ধৰিব পৰা যাব।

শ্ৰী ৰামচন্দ্ৰনে ‘পিপিএ’-ৰ কাম-কাজৰ পৰ্যালোচনা কৰে আৰু বিভাগসমূহৰ মুৰব্বী আৰু উপ-মুৰব্বীসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ যান্ত্ৰিক কয়লা সঞ্চালন প্ৰকল্প, ‘জেএছডব্লিউপিটিপিএল’-ৰ ‘টুইন ৱাগন টিপলাৰ’ আৰু ‘কেআইচিটি চিলো’ত বন্দৰ পৰিচালনা, পৰিকল্পনা আৰু সম্প্ৰসাৰণৰ পৰ্যালোচনা কৰে। তেওঁ উৎপাদনশীলতা বৃদ্ধিৰ বাবে প্ৰণালী উন্নতকৰণৰ পৰামৰ্শ প্ৰদান কৰে।

 

সচিবগৰাকীয়ে বন্দৰ পৰিচালনাৰ সামগ্ৰিক প্ৰদৰ্শন উন্নত কৰাৰ লক্ষ্যৰে কেবাটাও পদক্ষেপৰ পৰামৰ্শ দিয়ে। এই পৰামৰ্শবোৰে সামৰ্থ্য বৃদ্ধি কৰিব আৰু কৰ্মপ্ৰবাহ সুশৃংখল কৰিব বুলি আশা কৰা হৈছে, যাৰ ফলত পাৰাদীপ বন্দৰৰ দীৰ্ঘম্যাদী বিকাশ আৰু সফলতাত অৰিহণা যোগাব।

লক্ষণীয় যে, উৰিষ্যাৰ পাৰাদীপ বন্দৰ হৈছে দেশৰ মুখ্য বন্দৰসমূহৰ ভিতৰতে সৰ্বাধিক মাল-বস্তু(কৰ্গো)ৰ সৰবৰাহ কৰা বন্দৰ। বিত্তীয় বৰ্ষ ২০২৩-২৪ ত পিপিএ-ই ১৪৫.৩৮ নিযুত মেট্ৰিক টন (এমএমটি) সা-সামগ্ৰীৰ সৰবৰাহ কৰি সৰ্বাধিক ‘কাৰ্গো হেণ্ডলিং প’ৰ্ট’ হিচাপে পৰিগণিত হৈছিল।

‘ভিজন ২০৪৭’-ৰ অধীনত লক্ষ্য হৈছে বন্দৰসমূহৰ কাৰ্গো সঞ্চালন ক্ষমতা ১০,০০০ এমটিপিএলৈ বৃদ্ধি কৰা। পৰিকল্পনাৰ ৰূপৰেখা সোনকালেই বৰ্ণনা কৰা হ'ব। ব্যক্তিগত অংশগ্ৰহণৰ পথ থাকিব যিবোৰৰ ওপৰত কাম কৰা হৈছে। সকলো বন্দৰে ২০৪৭ চনৰ ভিতৰত বৃহৎ বন্দৰ হোৱাৰ বাবে এটা ‘মাষ্টাৰ প্লেন’ প্ৰস্তুত কৰি আছে। বন্দৰৰ আন্তঃগাঁথনি আৰু সুবিধাউন্নত কৰা, পৰিৱৰ্তনৰ সময় হ্ৰাস কৰা, আৰু পৰিচালনা ক্ষমতা বৃদ্ধি কৰাটো ২০৪৭ চনৰ লক্ষ্যৰ আধাৰ হ'ব।

শেহতীয়া লক্ষ্যটো চলিত সাগৰমালা কাৰ্যসূচীৰ অধীনত নিৰ্ধাৰিত লক্ষ্যতকৈ যথেষ্ট অধিক যাৰ লক্ষ্য হৈছে ২০৩৫ চনৰ ভিতৰত বন্দৰৰ ক্ষমতা ৮০০ এমএমটিপিএৰ পৰা সামগ্ৰিকভাৱে ৩,৫০০ এমএমটিপিএলৈ বৃদ্ধি কৰা।

সাগৰমালা কাৰ্যসূচীৰ অংশ হিচাপে, ২০১৫-২০৩৫ ৰ সময়ছোৱাত কাৰ্যকৰী কৰাৰ বাবে আনুমানিক ৫.৫ লাখ কোটি টকা ব্যয়ত ৮০০ ৰো অধিক প্ৰকল্প চিনাক্ত কৰা হৈছে। এক নিকটতম লক্ষ্যত, ‘মেৰিটাইম ইণ্ডিয়া ভিজন’ (এমআইভি) ২০৩০-ৰ ভাৰতত গোলকীয় মানক বন্দৰ বিকশিত কৰাৰ লক্ষ্য আছে। ‘এমআইভি ২০৩০’-ত ভাৰতীয় বন্দৰসমূহৰ ক্ষমতা বৃদ্ধি আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে ১-১.২৫ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰাককলন যুগুতোৱা হৈছে।

*****

MJPS/AK/KB


(Release ID: 2038451)