পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
এলপিজি গ্ৰাহকৰ ‘আধাৰ-ভিত্তিক প্ৰমাণীকৰণ’-য়ে ‘পহল’ আৰু ‘উজ্জ্বলা আঁচনি’ৰ অধীনত হিতাধিকাৰীসকলৰ উন্নত লক্ষ্য নিশ্চিত কৰাত সহায় কৰিছে
Posted On:
25 JUL 2024 3:28PM by PIB Guwahati
চৰকাৰে ‘প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা’(পিএমইউৱাই)ৰ অধীনত দৰিদ্ৰ পৰিয়ালসমূহৰ প্ৰাপ্তবয়স্ক মহিলাসকলক ‘এলপিজি’ৰ বিনামূলীয়া সংযোগ প্ৰদান কৰে। তদুপৰি, সকলো ‘পিএমইউওৱাই’ গ্ৰাহকক ১৪.২ কিলোগ্ৰাম সমতুল্য ‘ঘৰুৱা এলপিজি’ৰ ১২ টা ‘ৰিফিল’ৰ বাবে প্ৰতি ১৪.২ কিলোগ্ৰাম চিলিণ্ডাৰত ৩০০ টকা ( আৰু ৫ কিলোগ্ৰাম চিলিণ্ডাৰৰ বাবে যথা আনুপাতিক ভাৱে) এক লক্ষ্যযুক্ত ৰাজসাহায্য প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও বিভিন্ন ৰাজ্য চৰকাৰে ‘পিএমইউওৱাই হিতাধিকাৰী’সকলক ৰাজসাহায্যযুক্ত ‘ৰিফিল’ বা অধিক ৰাজসাহায্য প্ৰদান কৰি আহিছে।
১ জুলাই ২০২৪ পৰ্যন্ত ‘পহল আঁচনি’ৰ অধীনত ৩০.১৯ কোটিৰো অধিক ‘এলপিজি গ্ৰাহক’ৰ নামভৰ্তি কৰা হৈছে। ‘পহল আঁচনি’ৰ অধীনত ‘এলপিজি চিলিণ্ডাৰ’বোৰ ৰাজসাহায্য বিহীন মূল্যত বিক্ৰী কৰা হয় আৰু ‘এলপিজি গ্ৰাহক’সকলক প্ৰযোজ্য ৰাজসাহায্য পোনপটীয়াকৈ গ্ৰাহকৰ বেঙ্ক একাউণ্টলৈ স্থানান্তৰ কৰা হয়। ৰাজসাহায্য ‘আধাৰ স্থানান্তৰ অনুসৰণকাৰী’ (এটিচি) বা ‘বেঙ্ক ট্ৰেন্সফাৰ অনুসৰণকাৰী’ (বিটিচি) পদ্ধতিৰ জৰিয়তে স্থানান্তৰ কৰা হয়।
এই লাভালাভবোৰ যোগ্য আৰু লক্ষ্যযুক্ত হিতাধিকাৰীসকলৰ ওচৰত এক দক্ষ আৰু সময়মতে উপলব্ধ হোৱাটো নিশ্চিত কৰাটো হৈছে গুৰুত্বপূৰ্ণ কথা। ‘প্ৰত্যক্ষ লাভ হস্তান্তৰ’ (ডিবিটি) আঁচনিৰ বাবে আধাৰ আধাৰিত প্ৰমাণীকৰণে আকাংক্ষিত হিতাধিকাৰীসকলক লক্ষ্যপূৰ্ণ লাভালাভ প্ৰদানৰ বাবে হিতাধিকাৰীসকলৰ সঠিক, বাস্তৱ-সময় আৰু ব্যয়-কাৰ্যকৰী চিনাক্তকৰণ, প্ৰমাণীকৰণ আৰু পুনৰাবৃত্তিৰ সম্ভাৱনা মুক্ত কৰাত সহায় কৰে।
গ্ৰাহকসকলৰ প্ৰমাণীকৰণৰ হাৰ বৃদ্ধি কৰিবলৈ চৰকাৰে ২০২৩ চনৰ অক্টোবৰত ৰাজহুৱা খণ্ডৰ তেল বিপণন প্ৰতিষ্ঠানসমূহক ‘পিএমইউওৱাই’ আৰু ‘পহল হিতাধিকাৰী’সকলৰ ‘বায়োমেট্ৰিক আধাৰ প্ৰমাণীকৰণ’ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল।
গ্ৰাহকসকলে বিভিন্ন পদ্ধতিৰ জৰিয়তে তেওঁলোকৰ ‘বায়োমেট্ৰিক আধাৰ প্ৰমাণীকৰণ’ সম্পূৰ্ণ কৰিব পাৰে। ইয়াত অন্তৰ্ভুক্ত আছে তেওঁলোকৰ সংশ্লিষ্ট ‘অ’এমচি’-ৰ দ্বাৰা প্ৰদান কৰা ‘মোবাইল এপ্লিকেশ্বন’ৰ ব্যৱহাৰ। এই বিকল্পটোৱে সুবিধা আৰু নমনীয়তা প্ৰদান কৰে, যাৰ ফলত গ্ৰাহকসকলে তেওঁলোকৰ সুবিধা অনুসৰি ‘ডিষ্ট্ৰিবিউটৰ’ৰ ওচৰলৈ নোযোৱাকৈ তেওঁলোকৰ ‘স্মাৰ্ট ফোন’ ব্যৱহাৰ কৰি প্ৰমাণীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰে। গ্ৰাহকসকলে তেওঁলোকৰ চিলিণ্ডাৰ বিতৰণৰ সময়ত বায়োমেট্ৰিক আধাৰ প্ৰমাণীকৰণো সম্পূৰ্ণ কৰিব পাৰে। এই পদ্ধতিটোৱে গ্ৰাহকসকলক কোনো ঠাইলৈ যোৱাৰ প্ৰয়োজন নোহোৱাকৈ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ অনুমতি দিয়ে। গ্ৰাহকসকলে তেওঁলোকৰ ‘এলপিজি ডিষ্ট্ৰিবিউটৰ’ৰ ‘শ্ব'ৰুম’লৈ গৈ প্ৰমাণীকৰণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈও বাছনি কৰিব পাৰে যিসকল বিতৰণৰ সময়ত উপলব্ধ নহ'ব পাৰে বা ব্যক্তিগতভাৱে প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ পছন্দ কৰিব পাৰে।
সকলো ঘৰুৱা এলপিজি উপভোক্তাক তেওঁলোকৰ সুবিধা অনুসৰি যিকোনো উপলব্ধ পদ্ধতি ব্যৱহাৰ কৰি ‘বায়োমেট্ৰিক আধাৰ প্ৰমাণীকৰণ’ৰ বাবে উৎসাহিত কৰা হয়। এই নমনীয় পদ্ধতিয়ে নিশ্চিত কৰে যে গ্ৰাহকসকলে তেওঁলোকৰ ব্যক্তিগত পছন্দ আৰু পৰিস্থিতিৰ সৈতে সৰ্বশ্ৰেষ্ঠভাৱে খাপ খোৱা পদ্ধতি আৰু সময় বাছনি কৰিব পাৰে। বিকশিত ভাৰত সংকল্প যাত্ৰা শিবিৰৰ সময়ত যথেষ্ট সংখ্যক ‘বায়োমেট্ৰিক আধাৰ প্ৰমাণীকৰণ’ (৩৫ লাখতকৈয়ো অধিক পিএমইউওৱাই হিতাধিকাৰী) সফলতাৰে সম্পন্ন কৰা হৈছিল। বৰ্তমান চলি থকা ‘এলপিজি সুৰক্ষা পৰিদৰ্শন/শিবিৰ’ৰ অংশ হিচাপে গ্ৰাহকৰ দুৱাৰমুখত প্ৰমাণীকৰণ কাৰ্যকলাপৰ দিহা কৰা হৈছে। অৱশ্যে, যিসকল গ্ৰাহকৰ ‘বায়োমেট্ৰিক প্ৰমাণীকৰণ’ সম্পূৰ্ণ হোৱা নাই তেওঁলোকৰ ক্ষেত্ৰত কোনো সেৱা বা লাভালাভ বন্ধ কৰা হোৱা নাই।
পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সুৰেশ গোপীয়ে আজি লোকসভাত এক লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে।
****
MONIKA/KB
(Release ID: 2037762)
Visitor Counter : 40