পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

উত্তৰ-পূবৰ পথৰ আন্তঃগাঁথনি

Posted On: 25 JUL 2024 12:18PM by PIB Guwahati

উত্তৰ-পূবত (এনইআৰ) বিগত দহ বছৰত নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ মুঠ দৈৰ্ঘ্য হৈছে ৯৯৮৪ কি:মি:। আনহাতে মুঠ ৫,০৫৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ২৬৫টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প ১,১৮,৮৯৪ কোটি টকা ব্যয়েৰে কাৰ্যকৰী কৰা হৈছে।

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে উত্তৰ-পূবৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। সেই মৰ্মে  মুঠ বাজেটৰ ১০ শতাংশ উত্তৰ-পূবৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। উত্তৰ-পূব ৰাজ্যসমূহৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়নৰ বাবে কেইবাটাও পদক্ষেপ লোৱা হৈছে:-

  1. উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বিশেষ ত্বৰিত পথ উন্নয়ন কাৰ্যসূচী (এছএআৰডিপি-এনই) ৰাজ্যৰ ৰাজধানীসমূহক ২/৪ লেনলৈ সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথ উন্নীতকৰণ, উত্তৰ-পূৰ্বাঞ্চলৰ জিলা মুখ্য কাৰ্যালয়ক কমেও ২-লেনৰ পথৰ সৈতে সংযোগ কৰা, আৰ্থ-সামাজিক বিকাশৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ পিছপৰা আৰু দূৰৱৰ্তী অঞ্চলসমূহলৈ পথ সংযোগ প্ৰদান কৰাৰ উদ্দেশ্যৰে ৰূপায়ণ কৰা হৈছে।  উত্তৰ-পূবৰ অৰুণাচল পেকেজকে ধৰি এছএআৰডিপি-এনইৰ অধীনত অনুমোদিত কামৰ মুঠ দৈৰ্ঘ্য হৈছে ৫,৪৬৮ কিলোমিটাৰ। ইয়াৰ ভিতৰত ৩৮,১৬০ কোটি টকা ব্যয়েৰে ৩,৬৯৯ কিলোমিটাৰ পথ  সম্পূৰ্ণ কৰা হৈছে।
  2. এনএইচডিপি তৃতীয় পৰ্যায়ৰ অধীনত উত্তৰ-পূব অঞ্চলত মুঠ ১১০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে।
  3. ভাৰতমালা পৰিযোজনাৰ অধীনত, উত্তৰ-পূবত ৬৪,৩১৯ কোটি টকা ব্যয়েৰে  ২,৭৬৭ কিলোমিটাৰ পথ নিৰ্মাণ অনুমোদন জনোৱা হৈছে। ইয়াৰ ভিতৰত মুঠ ২৭২ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাম ৫৪৬২ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ কৰা হৈছে।
  4. টাৱাঙৰ পৰা কানুবাৰীলৈ ১১,৬৪৩ কোটি টকা ব্যয়েৰে মুঠ ১,০৭৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ট্ৰেন্স-অৰুণাচল ঘাইপথ অনুমোদন জনোৱা হৈছিল। ইয়াৰ ভিতৰত, সম্পূৰ্ণ হোৱা কামৰ মুঠ দৈৰ্ঘ্য হৈছে ৮১৫ কিলোমিটাৰ আৰু ব্যয় হৈছে ৮,৭০৮ কোটি টকা।
  5. অৰুণাচল প্ৰদেশৰ সীমান্ত ঘাইপথটো কৌশলগতভাৱে গুৰুত্বপূৰ্ণ সীমান্ত অঞ্চলসমূহলৈ উন্নত সংযোগ প্ৰদান কৰা আৰু আৰ্থ-সামাজিক উন্নয়নৰ প্ৰসাৰৰ উদ্দেশ্যৰে নিৰ্মাণ কৰা হৈছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়, প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু কেন্দ্ৰীয় পথ আৰু আন্তঃগাঁথনি পুঁজিৰ পুঁজিৰে মুঠ ১,৪৯৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ মুঠ ৪১ টা প্ৰকল্প ২৯,৫৬২ কোটি টকা ব্যয়েৰে অনুমোদন জনোৱা হৈছে।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে আজি লোকসভাত এক লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে।

 

*****

 

MJPS/GS/AR



(Release ID: 2037097) Visitor Counter : 11