নৌ-পৰিবহন মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ সপোনৰ আত্মনিৰ্ভৰ অসমৰ অধীনত ডিগবৈ শোধনাগাৰৰ ক্ষমতা মিলিয়ন টনলৈ বৃদ্ধি কৰা হ’বঃ শ্ৰী সৰ্বানন্দ সোণোৱাল

ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ হিচাপে ডিগবৈ আৰু মাকুম পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ

‘ডিব্ৰুগড় লোকসভা সমষ্টিত উন্নয়নৰ নতুন উচ্চতালৈ আগুৱাই নিয়াৰ মোৰ প্ৰাৰম্ভিক লক্ষ্য

Posted On: 19 JUL 2024 6:25PM by PIB Guwahati

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে ডিগবৈ আৰু মাকুম পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ কৰে। সংসদত ডিব্ৰুগড়ক প্ৰতিনিধিত্ব কৰা আৰু ইয়াৰ উন্নয়নত সক্ৰিয়ভাৱে অৰিহণা যোগোৱা শ্ৰী সোণোৱালে সমষ্টিটোৰ অগ্ৰগতিৰ বাবে নিজৰ ব্যাপক দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে। স্বাধীনতাৰ পূৰ্বেও ভাৰতৰ অন্যতম ধনী জিলা হিচাপে ডিব্ৰুগড়ৰ মৰ্যাদা থকা বুলি উল্লেখ কৰি শ্ৰী সোণোৱালে ডিব্ৰুগড়ৰ ঐতিহাসিক সমৃদ্ধিৰ ওপৰত আলোকপাত কৰে। চাহ, কয়লা, কাঠ, পেট্ৰ’লিয়ামকে ধৰি অঞ্চলটোৰ প্ৰচুৰ সম্পদে ঐতিহাসিকভাৱে ইয়াৰ অৰ্থনৈতিক গুৰুত্বতাত অৰিহণা যোগাইছে।

                                                                

এই উপলক্ষে আগবঢ়োৱা ভাষণত মন্ত্ৰী সোণোৱালে স্বাধীনতাৰ পিছৰ একেৰাহে কংগ্ৰেছ চৰকাৰৰ অধীনত ডিব্ৰুগড়ে সন্মুখীন হোৱা ঐতিহাসিক অৱহেলাৰ কথা উনুকিয়ায়৷ তেওঁ অঞ্চলটোৰ পুনৰুজ্জীৱিতকৰণৰ কৃতিত্ব বাজপেয়ী আৰু মোদী প্ৰশাসনৰ সময়ত গ্ৰহণ কৰা সক্ৰিয় ব্যৱস্থাক দিয়ে, যাৰ ফলত ৰে’ল, পথ, বিমান আৰু জল সংযোগৰ ক্ষেত্ৰত যথেষ্ট উন্নতি হৈছে। এই পুনৰুত্থানে ডিব্ৰুগড়ত ঔদ্যোগীকৰণ আৰু যুৱ নিয়োগক প্ৰেৰণা যোগাইছে৷ তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৰ্বাংগীন উন্নয়নমূলক কাৰ্যসূচী "সবকা সাথ, সবকা বিকাশ"ৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷

 

প্ৰগতিৰ ওপৰত আলোকপাত কৰি শ্ৰী সৰ্বানন্দ সোণোৱালে কয়, "ডিগবৈ পৌৰসভা আৰু মাকুম পৌৰসভা নিজ নিজ ক্ষেত্ৰত সৰ্বাংগীন আন্তঃগাঁথনি উন্নয়নক আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ চৰকাৰে এই ঐতিহ্যপূৰ্ণ অঞ্চলসমূহৰ উন্নীতকৰণক অগ্ৰাধিকাৰ দিছে, য’ত ডিগবৈ পৌৰসভাই ৰাষ্ট্ৰীয় গুৰুত্ব লাভ কৰিছে, কিয়নো ইয়াত এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ শোধনাগাৰৰ ক্ষমতা বৃদ্ধিৰ বাবেও প্ৰচেষ্টা অব্যাহত আছে৷"

                                                             

ভাষণ প্ৰসংগত শ্ৰী সোণোৱালে পূৰ্বৰ চৰকাৰৰ দূৰদৰ্শিতা আৰু সদিচ্ছাৰ অভাৱৰ কথা সদৰি কৰে, যাৰ ফলত ডিগবৈ শোধনাগাৰৰ সামৰ্থ্য সম্প্ৰসাৰণক অৱহেলা কৰা হৈছিল৷ শোধনাগাৰটোৰ তাৎপৰ্য আৰু ঐতিহ্যক স্বীকৃতি দি শোধনাগাৰৰ ক্ষমতা ০.৬৯ মিলিয়ন টনৰ পৰা ১০ লাখ টনলৈ বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক পদক্ষেপৰ ওপৰত আলোকপাত কৰে মন্ত্ৰী সোণোৱালে।

 

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সোণোৱালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত সকলো বিধানসভা সমষ্টিক সামৰি অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সৰ্বাংগীন উন্নয়নৰ দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰে। তেওঁ যুৱ, মহিলা, কৃষক আৰু অৰ্থনৈতিকভাৱে বঞ্চিত খণ্ডসমূহক ব্যাপক উন্নয়নৰ বাবে অগ্ৰাধিকাৰ স্তম্ভ হিচাপে আলোকপাত কৰে। তেওঁ কয়, ‘ডিব্ৰুগড়ৰ সমান্তৰালকৈ অসমৰ আন্তঃগাঁথনি অভূতপূৰ্ব উচ্চতালৈ আগুৱাই নিয়াৰ মোৰ লক্ষ্য। উন্নত প্ৰযুক্তি, উন্নয়ন, নিয়োগ আৰু দক্ষতা বৃদ্ধিৰ জৰিয়তে যুৱক-যুৱতীসকলক সৱলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী সোণোৱালে দেশৰ মহাশক্তি হিচাপে যুৱক-যুৱতীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকাক গুৰুত্ব আৰোপ কৰে।’

"আমি সমাজৰ শান্তি, সম্প্ৰীতি, প্ৰগতি আৰু সমৃদ্ধিৰ প্ৰতি দায়বদ্ধ, ইয়াৰ বাবে সমগ্ৰ বৰাক-ব্ৰহ্মপুত্ৰ আৰু পাহাৰ-ভৈয়ামৰ সকলো শ্ৰেণীৰ লোকৰ মৰম আৰু আশীৰ্বাদ লাগিব৷ চাহ পৰ্যটনৰ বাবে পৰিচিত ডিব্ৰুগড় লোকসভা সমষ্টিত চিকিৎসা পৰ্যটন আৰু নদী পৰ্যটন, আমাৰ মনোযোগ ঔদ্যোগীকৰণৰ পোষকতা, কৃষি ৰপ্তানি বৃদ্ধি, জলপথৰ আন্তঃগাঁথনি উন্নত কৰা, ক্ৰীড়া খণ্ডক প্ৰসাৰিত কৰা আৰু দক্ষতা প্ৰশিক্ষণক আগুৱাই নিয়াৰ ওপৰত অটল আছে ৰাষ্ট্ৰীয় পৰ্যায়ত," শ্ৰী সৰ্বানন্দ সোণোৱালে কয়।

 

আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী; ডিগবৈৰ বিধায়ক সুৰেন ফুকন; অসম ৰাজ্যিক গৃহ নিৰ্মাণ ব’ৰ্ডৰ অধ্যক্ষ পুলক গোহাঁই; তিনিচুকীয়া জিলা বিজেপিৰ সভাপতি কুশকান্ত বৰা; ডিগবৈ পৌৰসভা (ডি এম চি) মেয়ৰ সুদীপ্ত দত্ত চৌধুৰী; মাকুম পৌৰসভাৰ পৌৰপতি বিপাশা বৰা আৰু অন্যান্য সতীৰ্থসকল উপস্থিত থাকে।

****

MJPS/AK/DB



(Release ID: 2034732) Visitor Counter : 8


Read this release in: English , Urdu , Hindi , Manipuri