প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ৰাছিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে
प्रविष्टि तिथि:
09 JUL 2024 8:06PM by PIB Guwahati
ক্ৰেমলিনৰ ছেইণ্ট এণ্ড্ৰিউ হলত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান "দ্য অৰ্ডাৰ অৱ চেণ্ট এণ্ড্ৰিউ দ্য এপষ্টল"ৰে সন্মানিত কৰে। উল্লেখ্য যে এয়া ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাত উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে। স্মৰ্তব্য যে এই বঁটা ২০১৯ চনত ঘোষণা কৰা হৈছিল।
বঁটা গ্ৰহণ কৰি প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ জনসাধাৰণৰ বাবে এই বঁটা উচৰ্গা কৰে আৰু ভাৰত - ৰাছিয়াৰ মাজৰ বন্ধুত্বৰ চিৰস্থায়ী বান্ধোনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ আলোকপাত কৰে যে এই স্বীকৃতি দুয়োখন দেশৰ মাজৰ বিশেষ কৌশলগত অংশীদাৰিত্বৰ প্ৰতীক।
এই বঁটা ৩০০ বছৰতকৈও অধিক পূৰ্বে প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী এই বঁটা প্ৰদান কৰা প্ৰথমজন ভাৰতীয় নেতা।
*****
DS/ST
(रिलीज़ आईडी: 2031941)
आगंतुक पटल : 141
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam