বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

২০২৫ৰ ভিতৰত বিশ্বই মহাকাশত প্ৰথমজন ভাৰতীয় আৰু গভীৰ সমুদ্ৰত পৰৱৰ্তী ভাৰতীয়ক প্ৰত্যক্ষ কৰিবঃ কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিং

যোৱা দশকত উত্তৰ-পূব ভাৰতৰ আন্তঃগাঁথনিৰ আমূল পৰিৱৰ্তনেপ্ৰধানমন্ত্ৰী মোদীৰ উন্নয়নৰ আদৰ্শৰ সাক্ষ্য বহন কৰিছেঃ ডাঃ সিং

ডাঃজিতেন্দ্ৰ সিঙে কয়, “বিগত সময়ত কাশ্মীৰলৈ অভিলেখ সংখ্যক প্ৰায় ২.৫ কোটিপৰ্যটকৰ আগমনইয়াৰ উন্নয়ন আৰু শান্তিৰ সাক্ষ্য”

Posted On: 04 JUL 2024 3:31PM by PIB Guwahati

২০২৫ৰ ভিতৰত বিশ্বই মহাকাশত প্ৰথমজন ভাৰতীয় আৰু গভীৰ সমুদ্ৰত পৰৱৰ্তী ভাৰতীয়ক প্ৰত্যক্ষ কৰিব, আজিইয়াত ভাৰত ২৪ নিউজ নেটৱৰ্কৰ মঞ্চত ভাষণপ্ৰদানেৰেএইদৰে কয় কেন্দ্ৰীয় মন্ত্ৰী ডাঃ জিতেন্দ্ৰ সিঙে।

ভাৰতৰ মহাকাশ আৰু সামুদ্ৰিক খণ্ডত অগ্ৰগতি সম্পৰ্কে ভাষণ প্ৰদানেৰে ডাঃ জিতেন্দ্ৰ সিঙে কয় যে ভাৰতৰ প্ৰথম মানৱ মহাকাশ অভিযান- গগণযানৰ বাবে চাৰিজন মহাকাশচাৰী-তিনিজন গ্ৰুপ কেপ্তেইন আৰু এজন উইং কমাণ্ডাৰ নিৰ্বাচিত কৰা হৈছে। একেদৰে, তেওঁ জনাই যে ভাৰতৰ গভীৰ-সমুদ্ৰ অভিযানৰ অধীনত ২০২৫ত তিনিজন ভাৰতীয়ক গভীৰ সমুদ্ৰলৈ প্ৰেৰণ কৰা হ’ব।

ভাৰত ২৪ নিউজ নেটৱৰ্কৰদ্বাৰা আয়োজিত কাৰ্য্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী ডাঃজিতেন্দ্ৰ সিং

ভাষণৰ সময়তউত্তৰ-পূব ভাৰতৰ উন্নয়ন সন্দৰ্ভত আলোকপাতেৰে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব), ধৰিত্ৰী বিজ্ঞান দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব), প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয় (PMO), পাৰমাণৱিক শক্তি বিভাগ আৰু মহাকাশ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী তথা কৰ্মচাৰী বিভাগ, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডাঃজিতেন্দ্ৰ সিঙে কয়,“যোৱা দশকত উত্তৰ-পূব ভাৰতৰ আন্তঃগাঁথনিৰ আমূল পৰিৱৰ্তনেপ্ৰধানমন্ত্ৰী মোদীৰ উন্নয়নৰ আদৰ্শৰ সাক্ষ্য বহন কৰিছে।” তেওঁউত্তৰ-পূবত কাৰ্য্যক্ষম কৰা নতুন বিমানবন্দৰসমূহৰ কথা তথা দূৰৱৰ্তী সংযোগৰ লগতে সকলো বতৰৰ বাবে উপযোগী পথ আৰু ঘাইপথ নেটৱৰ্কৰবৰ্ধনৰ কথা আলোকপাত কৰে। তেওঁ ইটানগৰৰপৰা ৰেলৰ চলাচল আৰু মুকলি কৰা নতুন জলপথৰ কথাও ব্যক্ত কৰে। তেওঁ উল্লেখ কৰে যে এই অঞ্চলত কেৱল আন্তঃগাঁথনিৰ ক্ষেত্ৰতে নহয়, বৰঞ্চ মানৱ সম্পদৰ উন্নয়ন সাধনৰ ক্ষেত্ৰতো প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। কিয়নো, আতিথ্য আৰু বিমান উদ্যোগৰ নিয়োগকৰ্তাসকলে এতিয়া প্ৰতিভা আহৰণৰ বাবে এই অঞ্চলৰ ৰাজ্যসমূহ ভ্ৰমণ কৰিছে। ইয়াৰ উপৰিও, তেওঁ কয় যে প্ৰধানমন্ত্ৰী এই অঞ্চলটোৰ প্ৰতি আগ্ৰহী আৰু মিজোৰামৰ অনুকূল পৰিস্থিতিৰ বাবে ৰাজ্যখনত এখন ‘চাইট্ৰাছ ফলৰ পাৰ্ক- এক চেন্টাৰ অৱ এক্সেলেন্স’ স্থাপনৰ পোষকতা কৰিছে।

ইয়াত যোৱা দশকত জম্মু-কাশ্মীৰৰ অগ্ৰগতি সম্পৰ্কে সোধাত ডাঃ জিতেন্দ্ৰ সিঙে কয়,“বিগত সময়ত কাশ্মীৰলৈ অভিলেখ সংখ্যক প্ৰায় ২.৫ কোটি পৰ্যটকৰ আগমনইয়াৰ উন্নয়ন আৰু শান্তিৰ সাক্ষ্য।” তেওঁ লগতে কয় যে অমৰনাথ যাত্ৰাৰ বাবে ইতিমধ্যে ১ লাখ ভক্তৰ সমাগম হৈছে, যি কাৰ্য্যই ঘৰুৱা পৰ্যটনৰো উত্থানক উজ্জ্বল কৰি তুলিছে। তেওঁ লগতে উল্লেখ কৰে যে ইয়াত সন্ত্ৰাসবাদৰপ্ৰায় বিলুপ্তি ঘটিছে।

এই কাৰ্য্যসূচীত উধমপুৰ সমষ্টিৰপৰা বিজয়ী হৈ হেট্ৰিক অৰ্জনৰ লগতে ৩য় বাৰৰ বাবে মন্ত্ৰী হোৱাৰ বাবে ডাঃজিতেন্দ্ৰ সিঙক মিডিয়া গোষ্ঠীটোৱে অভিনন্দন জনায়। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰীজনেএই খণ্ডৰ শেহতীয়া অগ্ৰগতিৰ কথা ব্যক্ত কৰি এই ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগীৰ কথা সদৰী কৰে। তেওঁ কয়,“মহাকাশ খণ্ডটো ৰকেট আৰু উপগ্ৰহ উৎক্ষেপণতে সীমাবদ্ধ যদিও এই খণ্ডই বিকাশকো আগুৱাই নিব আৰু কৃষি, আন্তঃগাঁথনি, যোগাযোগ ব্যৱস্থা, স্বাস্থ্যসেৱা আদিত ইতিবাচক প্ৰভাৱ পেলাব। ভূমি অভিলেখ ব্যৱস্থাপনা, নতুন ভূ-স্থানিক নীতি, নতুন মহাকাশ নীতিআৰু মাটিৰ স্বাস্থ্য কাৰ্ড, ডিবিটি, লেণ্ড মেপিং আদিয়ে কৃষক ৰাইজৰ উৎপাদনশীলতা বৃদ্ধি কৰিব।“

তেওঁ লগতেকয়, “২০২২ত আমাৰ মাত্ৰ এটা মহাকাশ ষ্টাৰ্টআপ আছিল আৰু ২০২৪ত ব্যক্তিগত অংশগ্ৰহণৰ বাবে মহাকাশ খণ্ডটো মুকলি কৰাৰ পিছত এতিয়া আমাৰ এই খণ্ডত প্ৰায় ২০০টা ষ্টাৰ্টআপ আছে আৰু ইয়াৰে একাধিকৰে বৈশ্বিক ক্ষমতা আছে।“ তেওঁ লগতে অৱগত কৰে যে মাত্ৰ কেইমাহমানৰ ভিতৰতে ব্যক্তিগত খণ্ডৰ ১০০০ কোটি বিনিয়োগ মহাকাশ খণ্ডলৈ আহিছে।

ডাঃ জিতেন্দ্ৰ সিঙে কয়, “কোৱান্টাম প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত আগশাৰীৰৰাষ্ট্ৰসমূহৰ অন্যতম, কাৰণ আমাৰ ৰাষ্ট্ৰীয় কোৱান্টাম মিছন আছে।”তেওঁ এতিয়াও হাত নিদিয়া ভাৰতৰ বিশাল সম্পদৰাজিযথাঃ হিমালয়ৰ সম্পদ, ৭৫০০ কিলোমিটাৰ দীঘল উপকূলৰ সামুদ্ৰিক সম্পদ আদিৰ ওপৰতো আলোকপাত কৰে। লেভেণ্ডাৰ খেতিক প্ৰোৎসাহিত কৰা আৰু প্ৰযুক্তিৰ সহায়ত কৃষকক অৰ্থনৈতিকভাৱে সবলীকৰণ কৰা আৰোমা মিছনৰদ্বাৰা কৃষি আৰু উদ্যোগীকৰণক সংহতকৰণৰ ক্ষেত্ৰত চৰকাৰখন সফল হৈছে বুলিও মন্ত্ৰীজনে কয়।

*****

PK/PSM/SB
 



(Release ID: 2030864) Visitor Counter : 10