কেবিনেট
সমুদ্ৰতীৰ বায়ুশক্তি প্ৰকল্প ৰূপায়ণৰ বাবে কেবিনেটেব্যৱহাৰযোগ্যতা আন্তঃপুঁজি (ভিজিএফ)আঁচনিত অনুমোদন জনাইছে
আঁচনিখনৰ লক্ষ্য হৈছে ভাৰতত প্ৰথমবাৰৰ বাবে সমুদ্ৰতীৰ বায়ু শক্তি প্ৰকল্প স্থাপন কৰা
प्रविष्टि तिथि:
19 JUN 2024 7:57PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ৭৪৫৩ কোটি টকা মুঠ ব্যয়ত সমুদ্ৰতীৰ বায়ু শক্তি প্ৰকল্প ৰূপায়ণৰ বাবে ব্যৱহাৰযোগ্যতা আন্তঃপুঁজি (ভিজিএফ) আঁচনিত অনুমোদন জনাইছে, যাৰ ভিতৰত আছে ১ গিগাৱাট(গুজৰাট আৰু তামিলনাডুৰ উপকূলত ৫০০ মেগাৱাটকৈ)ক্ষমতাসম্পন্ন সমুদ্ৰতীৰ বায়ু শক্তি প্ৰকল্প স্থাপন আৰু আৰু আৰম্ভ কৰাৰ বাবে ৬৮৫৩ কোটি টকাৰ ব্যয় আৰু সমুদ্ৰতীৰ বায়ু শক্তি প্ৰকল্পৰ বাবে লজিষ্টিক সম্বন্ধীয় প্ৰয়োজনীয়তা পূৰণৰ বাবে দুটা বন্দৰৰ উন্নীতকৰণৰ বাবে ৬০০কোটি টকাৰ অনুদান।
ব্যৱহাৰযোগ্যতা আন্তঃপুঁজি (ভিজিএফ) আঁচনিখন হৈছে ২০১৫ চনত অধিসূচীত ৰাষ্ট্ৰীয় সমুদ্ৰতীৰ বায়ু শক্তি নীতি ৰূপায়ণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ, যাৰ উদ্দেশ্য ভাৰতৰ বিশেষ অৰ্থনৈতিক ক্ষেত্ৰৰ ভিতৰত বিদ্যমান বিশাল সমুদ্ৰতীৰ বায়ু শক্তি সম্ভাৱনাক ব্যৱহাৰ কৰা।চৰকাৰৰ ব্যৱহাৰযোগ্যতা আন্তঃপুঁজি (ভিজিএফ) সমৰ্থনে সমুদ্ৰতীৰ বায়ু শক্তি প্ৰকল্পৰ বিদ্যুতৰ ব্যয় হ্ৰাস হব আৰু সেইবোৰ ডিচকমৰ দ্বাৰা ক্ৰয়ৰ বাবে কাৰ্যকৰী কৰি তুলিব।এই প্ৰকল্পবোৰ এক স্বচ্ছ নিবিদা প্ৰক্ৰিয়াৰ মাধ্যমেৰে ব্যক্তিগত ডেভলপাৰ্ছৰ দ্বাৰা স্থাপন কৰা হব যদিওসমুদ্ৰতীৰ ছাব ষ্টেচনকে ধৰি বিদ্যুত খনন আন্তগাঁথনি পাৱাৰ গ্ৰীড কৰ্পৰেচন অফ ইণ্ডিয়া লিমিটেডে নিৰ্মাণ কৰিব। নতুন আৰু নবীকৰণযোগ্য মন্ত্ৰালয়ে নোডেল মন্ত্ৰালয় হিচাপে এই আঁচনিখনৰ সফল ৰূপায়ণ সুনিশ্চিত কৰিবলৈ বিভিন্ন মন্ত্ৰালয়/বিভাগৰ সৈতৈ সমন্বয় স্থাপন কৰিব।
DS/KG
(रिलीज़ आईडी: 2026840)
आगंतुक पटल : 118
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Hindi_MP
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam