তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

অষ্টাদশ মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উজলিব "৭৫ ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুমৰো"ৰ উদীয়মান প্ৰতিভা

এমআইএফএফত প্ৰদৰ্শিত হ'ব ৫৪তম আইএফএফআইৰ শ্ৰেষ্ঠ চি-মট চলচ্চিত্ৰ 'ওধ’

Posted On: 18 JUN 2024 1:17PM by PIB Guwahati

ভাৰতীয় প্ৰতিষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) এক বিশেষ আকৰ্ষণ হিচাপে " ৭৫ ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুমৰো" (চি-মট)ৰ উদীয়মান প্ৰতিভাই অংশগ্ৰহণ কৰিব। ইয়াৰ জৰিয়তে তেওঁলোকৰ কলাত্মক উৎকৃষ্টতা প্ৰকাশিত হ'ব।

১৮সংখ্যক এমআইএফএফত এই উদীয়মান যুৱ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ কিছুমান সুন্দৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব। ইয়াৰ ভিতৰত আছে 'ওধ' নামৰ চলচ্চিত্ৰখন। এই ছবিখনক গোৱাৰ ৫৪সংখ্যক আইএফএফআইত শ্ৰেষ্ঠ চি-মট চলচ্চিত্ৰ হিচাপে পুৰস্কৃত কৰা হৈছিল।

এম.আই.এফ.এফ.-ত প্ৰদৰ্শিত হ'বলগীয়া ৭৫-চি-মট চলচ্চিত্ৰৰ তালিকাসমূহ হ’ল:

 

আলম

এই ছবিখনত আলম নামৰ এজন লোকৰ কাহিনী প্ৰকাশ কৰা হৈছে যি অনুশোচনাৰে পৰিপূৰ্ণ আৰু প্ৰকৃতিক কোনো গুৰুত্ব প্ৰদান নকৰে। গছ, বতাহ, পানী আৰু বিদ্যুতৰ দৰে সকলো উপাদানে তেওঁৰ বিৰুদ্ধে আচৰণ কৰাৰ লগতে তেওঁক উপলব্ধি কৰায় যে তেওঁৰ কাৰ্যই কেৱল প্ৰকৃতিক প্ৰভাৱিত নকৰে, তেওঁৰ চাৰিওফালৰ লোকসকলকো প্ৰভাৱিত কৰে।

লা-মাৰ

এক শুকান, ভয়ানক পৃথিৱীত, বিজ্ঞানী জাকাৰ্টাই পানীৰ অভাৱৰ মাজত আশা আৰু হতাশাৰ মাজত যুঁজি থাকে। যেতিয়া এটা বিপদজনক গোটে তেওঁলোকৰ বিশুদ্ধ পানীৰ অন্তিম উৎসক ভাবুকি প্ৰদান কৰে তাৰ পাছতেই তেওঁৰ উদ্ভাৱন পুনৰুদ্ধাৰ কৰাৰ বাবে এক শক্তিশালী যাত্ৰা আৰম্ভ হয়। এই ছবিখন চাৰ্লচ ট্ৰেনেটৰ এটি গীতৰ ওপৰত আধাৰিত।

ওধ

চলচ্চিত্ৰখনৰ কাহিনী এজন স্থানীয় মাছমৰীয়াৰ সমস্যাৰ ওপৰত আধাৰিত। মাছমৰীয়াজনে তেওঁৰ নাওখন সাগৰৰ পাৰত ৰাখিবলৈ কোনো ঠাই নাপায় আৰু অৱশেষত তেওঁৰ নাওখন চহৰলৈ টানি আনে।

বিৰৱা

চলচ্চিত্ৰখনত এটা তিক্ত সম্পৰ্ক কিদৰে ভাঙি যোৱাৰ পথত আগবাঢ়ে আৰু ই মানুহ আৰু প্ৰকৃতিৰ মাজৰ অৱনতি হোৱা সম্পৰ্ক প্ৰকাশ কৰিছে।

অংকুৰণ

চলচ্চিত্ৰখনত মানুহে প্ৰকৃতিক অবিবেচকভাৱে শোষণ কৰাৰ ফলত হোৱা কুপ্ৰভাৱবোৰ দেখুওৱা হৈছে, যাৰ ফলত বায়ু বিষাক্ত হৈ পৰিছে। চলচ্চিত্ৰখনত এজনী সৰু ছোৱালীয়ে কিদৰে তাইৰ সুন্দৰ ভৱিষ্যতৰ বাবে আশা কৰিছে তাক প্ৰকাশ কৰিছে।

 

 ''৭৫ ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুমৰো"ৰ বিষয়ে:

 

"৭৫ ক্ৰিয়েটিভ মাইণ্ডছ অজৱ টুমৰো" হৈছে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এক অনন্য পদক্ষেপ, যাৰ উদ্দেশ্য হৈছে সমগ্ৰ দেশৰ যুৱ চলচ্চিত্ৰৰ প্ৰতিভাসমূহক চিনাক্ত কৰি তেওঁলোকৰ কামসমূহ প্ৰদৰ্শন কৰা। এই প্ৰতিভা বিকাশৰ প্ৰচেষ্টাৰ অংশ হিচাপে, অংশগ্ৰহণকাৰীসকলে এখন আন্তঃৰাষ্ট্ৰীয় মঞ্চত তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰে। ইয়াক ২০২১ চনত ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) ৫২ তম সংস্কৰণ আজাদী কা অমৃত মহোৎসৱত মুকলি কৰা হৈছিল আৰু তেতিয়াৰ পৰা, আইএফএফআইৰ সময়ত তিনিটা সফল সংস্কৰণ অনুষ্ঠিত হৈছে।

প্ৰতি বছৰে, সমগ্ৰ দেশৰ পৰা হাজাৰ হাজাৰ আৱেদন গ্ৰহণ কৰা হয়, যাৰ ভিতৰত উদীয়মান, অভিজ্ঞ চলচ্চিত্ৰ নিৰ্মাতা বা চলচ্চিত্ৰ নিৰ্মাণ আৰু সম্পৰ্কিত কলাৰ প্ৰতি গভীৰ আগ্ৰহ থকা লোকসকল সন্নিবিষ্ট হৈ থাকে। এই আৱেদনসমূহ নিম্নলিখিত শ্ৰেণীসমূহত ভাগ কৰা হয়: পৰিচালনা, স্ক্ৰীণৰাইটিং, চিনেমাটোগ্ৰাফী, অভিনয়, সম্পাদনা,  কণ্ঠদান, সংগীত ৰচনা, পোছাক আৰু মেকআপ, কলা ডিজাইন আৰু এনিমেচন, ভিজুৱেল ইফেক্ট (ভিএফএক্স), অগমেন্টেড ৰিয়েলিটি (এআৰ) আৰু ভাৰ্চুৱেল ৰিয়েলিটি (ভিআৰ)।

সমগ্ৰ ভাৰতৰ ৭৫ জন যুৱ শিল্পীয়ে 'ফিল্ম চেলেঞ্জ'ত অংশগ্ৰহণ কৰে, যাৰ অধীনত তেওঁলোকে ৪৮ ঘণ্টাত এখন চুটি ছবি নিৰ্মাণ কৰিব লাগে।

অংশগ্ৰহণকাৰীসকলক প্ৰডাকচন হাউচ, এভিজিচি কোম্পানী আৰু ষ্টুডিঅ' আদিকে ধৰি ভাৰতৰ মিডিয়া আৰু মনোৰঞ্জন খণ্ডৰ আগশাৰীৰ কোম্পানীবোৰৰ সৈতে বাৰ্তালাপৰ সুযোগ প্ৰদানৰ লগতে এটা চি-মট প্ৰতিভা শিবিৰৰো আয়োজন কৰা হয়। এই নিযুক্তি অভিযানে অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ ধাৰণা উপস্থাপন কৰাৰ আৰু উদ্যোগৰ আগশাৰীৰ পেছাদাৰীসকলৰ সন্মুখত তেওঁলোকৰ অতীতৰ কাম উপস্থাপন কৰাৰ অনন্য সুযোগ প্ৰদান কৰে। ইয়াৰ উপৰিও, যুৱ প্ৰতিভাসকলে বিশেষভাৱে কিউৰেটেড মাষ্টাৰক্লাছ, ইন-কথোপকথন অধিৱেশন আৰু মুক্ত মঞ্চ আলোচনাত উদ্যোগৰ বিশেষজ্ঞসকলৰ সৈতে অংশগ্ৰহণ আৰু বাৰ্তালাপ কৰাৰ সুযোগ লাভ কৰে।

PIB Team MIFF | Gautam/ Swadhin/ Darshana | 29 |AN



(Release ID: 2026601) Visitor Counter : 15