প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অৰ্ধ চক্ৰাসন সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে ভিডিঅ’

Posted On: 15 JUN 2024 9:51AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰ্ধ চক্ৰাসনৰ ওপৰত এটা ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰি জনসাধাৰণক এটা সুস্থ হৃদযন্ত্ৰ আৰু উন্নত ৰক্ত প্ৰবাহৰ বাবে এই যোগাসন অনুশীলন কৰিবলৈ আহ্বান জনায়।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দশম সংস্কৰণৰ পূৰ্বে শ্বেয়াৰ কৰা এই ক্লিপটোত ইংৰাজী আৰু হিন্দী দুয়োটা ভাষাতে থিয় হৈ কৰা এই যোগাসনৰ বিষয়ে বিশদভাৱে উল্লেখ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এই সন্দৰ্ভত পোষ্ট কৰিছে:

"সুস্বাস্থ্যৰ বাবে চক্ৰাসন অনুশীলন কৰক। ই হৃদযন্ত্ৰৰ বাবে অতি উত্তম আৰু লগতে ৰক্তপ্ৰবাহ উন্নত কৰাত সহায় কৰে।"

***

DS/RT



(Release ID: 2025635) Visitor Counter : 28