আয়ুষ

২০২৪ চনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আউটৰীচ্চ কাৰ্য্যসূচীৰ প্ৰস্তুতি পৰ্যালোচনা তথ্য আৰু সম্প্ৰচাৰ আৰু আয়ুষ মন্ত্ৰালয়ৰ সচিবৰ

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস মিডিয়া সন্মান বঁটাও প্ৰদান কৰা হ’ব

Posted On: 07 JUN 2024 4:54PM by PIB Guwahati

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু আয়ুষ মন্ত্ৰালয়ে আগন্তুক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৪ৰ আয়োজনৰ প্ৰস্তুতিপৰ্ব আৰম্ভ কৰিছে। আজি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজু আৰু আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচাই আগন্তুক ২১ জুনত প্ৰতি বছৰে উদযাপন কৰা আগন্তুক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৪ৰ বাবে সংবাদ মাধ্যম আৰু প্ৰচাৰ কাৰ্যসূচীৰ পৰ্যালোচনা কৰে।

                                                                             

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ মিডিয়া ইউনিটসমূহে কমন যোগ প্ৰট’কল আৰু যোগ অনুশীলনৰ সুবিধাসমূহৰ বিষয়ে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে বিভিন্ন ধৰণৰ কাৰ্যসূচী আয়োজন কৰিবলৈ সাজু হৈছে। উল্লেখ্য যে প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো, প্ৰসাৰ ভাৰতী, নিউ মিডিয়া ৱিং আৰু অন্যান্য বিভিন্ন মিডিয়া ইউনিটৰ দ্বাৰা একাধিক গুৰুত্বপূৰ্ণ পদক্ষেপৰ পৰিকল্পনা কৰা হৈছে।

লোকসেৱা সম্প্ৰচাৰক প্ৰসাৰ ভাৰতীয়ে দূৰদৰ্শন (ডি ডি) আৰু অল ইণ্ডিয়া ৰেডিঅ' (এআইআৰ) নেটৱৰ্কৰ জৰিয়তে বিভিন্ন অনুষ্ঠান প্ৰচাৰ কৰিব। দূৰদৰ্শনে যোগ বিশেষজ্ঞক লৈ বিভিন্ন অনুষ্ঠান আৰু সাক্ষাৎকাৰ সম্প্ৰচাৰ কৰাৰ লগতে বিশেষ মৰ্নিং লাইভ শ্ব’ও সম্প্ৰচাৰ কৰিব।

আয়ুষ মন্ত্ৰালয়ৰ অধীনস্থ স্বায়ত্ত্বশাসিত সংস্থা মোৰাৰজী দেশাই নেচনেল ইনষ্টিটিউট অৱ যোগৰ সহযোগত সামগ্ৰিক জনকল্যাণৰ বাবে আৰু জীৱনশৈলীৰ পথ হিচাপে গ্ৰহণৰ বাবে যোগৰ প্ৰচাৰ-প্ৰসাৰ কৰাৰ উদ্দেশ্যে একাধিক কাৰ্যসূচী সম্প্ৰচাৰ কৰিব আকাশবাণীয়ে। ইয়াৰ উপৰিও আয়ুষ মন্ত্ৰালয়ে এটা ‘যোগ গীত’ প্ৰস্তুত কৰি উলিয়াইছে, যিটো সকলো সংবাদ মাধ্যমৰ যোগেদি প্ৰচাৰ কৰা হ’ব।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অন্তৰাষ্ট্ৰীয় যোগ দিৱস মিডিয়া সন্মানৰ জৰিয়তে ব্যক্তিগত সংবাদ গোষ্ঠীবোৰক উদগনি যোগোৱাৰ পদক্ষেপক অক্ষুণ্ণ ৰাখিব। উল্লেখ্য যে ২০২৩ চনৰ ৯ জুনত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আৰম্ভ কৰা এই বঁটা প্ৰদানৰ লক্ষ্য হৈছে যোগৰ বাৰ্তা প্ৰচাৰৰ ক্ষেত্ৰত ছপা, টিভি, আৰু ৰেডিঅ’ৰ ক্ষেত্ৰত সংবাদগোষ্ঠীসমূহৰ অৱদানক স্বীকৃতি দিয়া। বঁটাৰ শাখাসমূহৰ ভিতৰত আছে ‘সংবাদপত্ৰত যোগৰ শ্ৰেষ্ঠ মিডিয়া কভাৰেজ,’ ‘ইলেক্ট্ৰনিক মিডিয়াত যোগৰ শ্ৰেষ্ঠ মিডিয়া কভাৰেজ (টিভি),’ আৰু ‘ইলেক্ট্ৰনিক মিডিয়াত যোগৰ শ্ৰেষ্ঠ মিডিয়া কভাৰেজ (ৰেডিঅ’)। যোৱা বছৰৰ বঁটাৰ লগতে এই বছৰৰ বঁটাও এইবাৰৰ উদযাপন সম্পূৰ্ণ হোৱাৰ পিছত পৰৱৰ্তী সময়ত প্ৰদান কৰা হ’ব।

নিউ মিডিয়া উইঙে তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে ‘যোগ উইথ ফেমিলি’ প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিবলৈ সাজু হৈছে। এই প্ৰতিযোগিতাৰ নিয়ম অনুসৰি পৰিয়ালৰ সকলোৱে যোগ কৰি থকা অৱস্থাৰ ভিডিঅ’ শ্বুট কৰি যোগ-গীতৰ সৈতে ৰীল প্ৰস্তুত কৰি আপলোড কৰিব লাগিব। ইয়াৰ উপৰিও ‘যোগ কুইজ - আসন অনুমান কৰক’ শীৰ্ষক এক কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হ’ব। ইপালে, আইডিৱাই ২০২৪ পডকাষ্টো মুকলি কৰাৰ যো-জা চলোৱা হৈছে।

ইয়াৰ উপৰিও তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিভিন্ন মিডিয়া ইউনিট আৰু সংস্থাই আন্ত্ৰঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তুতি হিচাপে যোগৰ ওপৰত একাধিক অধিবেশন/কৰ্মশালাৰো আয়োজন কৰিব। কৰ্মচাৰীসকলৰ মাজত যোগাসন আৰু সুস্থতাৰ প্ৰসাৰৰ বাবে এইবাৰ যোগ শিবিৰ, আলোচনা চক্ৰ আদিও অনুষ্ঠিত কৰা হ’ব।

স্মৰ্তব্য যে ২১ জুনক “আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস” হিচাপে স্বীকৃতি দিয়াৰ পিছৰে পৰা প্ৰতি বছৰে এই যোগ দিৱস উদযাপনৰ পৰিসৰ আৰু স্তৰ যথেষ্ট বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বজুৰি যোগৰ প্ৰসাৰৰ বাবে চৰকাৰৰ প্ৰচেষ্টাক নেতৃত্ব দিয়াত চেষ্টাৰ ক্ৰুটি কৰা নাই। ২০২৩ চনৰ নৱম আন্তৰ্জাতিক যোগ দিৱসত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোদীয়ে এই উৎসৱৰ নেতৃত্ব দিছিল, য’ত ১৩৫খন দেশৰ প্ৰতিনিধি উপস্থিত আছিল। এই ঐতিহাসিক অনুষ্ঠানটোৱে গিনিজ বিশ্ব অভিলেখ গঢ়িছিল, য’ত ১৩৫খন ৰাষ্ট্ৰই যোগ উদযাপনত অংশগ্ৰহণ কৰিছিল। তদুপৰি এই অনুষ্ঠানত নতুন পদক্ষেপৰ প্ৰৱৰ্তন ঘটিছিল আৰু অধিক বৃহৎ পৰিসৰত উদযাপন কৰা হৈছিল। মধ্য প্ৰদেশৰ জবালপুৰত অনুষ্ঠিত এই মূল ৰাষ্ট্ৰীয় অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি শ্ৰীযুত জগদীপ ধনকাৰৰ সন্মানীয় উপস্থিতিত কমন যোগ প্ৰট’কল (চি ৱাই পি) প্ৰদৰ্শন কৰি ১৫ হাজাৰৰো অধিক যোগ-উৎসাহী ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

ইয়াৰ উপৰিও ‘অ’চেন ৰিং অৱ যোগ’ত ৩৪খন দেশৰ ১৯খন জাহাজৰ নৌসেনাৰ লোকে প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমা, আৰু বন্দৰ জাহাজ, আৰু জলপথ মন্ত্ৰালয়ৰ সহায়ত যোগাসনৰ প্ৰদৰ্শনত অংশগ্ৰহণ কৰে। ভাৰতৰ গৱেষণা ঘাটি হিমাদ্ৰী আৰু ভাৰতীকে ধৰি আৰ্কটিকৰ পৰা এন্টাৰ্কটিকালৈকে যোগ প্ৰদৰ্শন কৰা হয়। ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে ‘যোগ ভাৰতমালা’ সৃষ্টি কৰিছিল আৰু উপকূলীয় বিক্ষোভক ‘যোগ সাগৰমালা’ বুলি অভিহিত কৰিছিল।

তৃণমূল পৰ্যায়ত ‘হৰ আংগন যোগ’ পদক্ষেপে গ্ৰাম্য জনগোষ্ঠীৰ সৈতে সংযোগ স্থাপন কৰিছিল, প্ৰায় ২ লাখ স্থান সামৰি পঞ্চায়ত, অংগনবাড়ী কেন্দ্ৰ, আৰু বিদ্যালয়ত যোগাসনৰ আয়োজন কৰিছিল। আইডিৱাই ২০২৩ত আনুমানিক অংশগ্ৰহণ আছিল ২৩.৪ কোটি।

*******

MV/SB/DP



(Release ID: 2023493) Visitor Counter : 55