বিত্ত মন্ত্ৰালয়

‘লোকসভা নিৰ্বাচন ২০২৪’ৰ বাবে গোৱাৰ পানাজীত আয়কৰ বিভাগে স্থাপন কৰিলে নিয়ন্ত্ৰণ কক্ষ

Posted On: 22 MAR 2024 6:15PM by PIB Guwahati

আগন্তুক লোকসভা নিৰ্বাচন ২০২৪ৰ পৰিপ্ৰেক্ষিতত আয়কৰ বিভাগে গোৱাৰ পানাজীত নিৰ্বাচনী প্ৰক্ৰিয়াৰ সত্যনিষ্ঠতা নিশ্চিত কৰাৰ বাবে সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে। বিভাগটোৱে নিৰ্বাচন সমাপ্ত নোহোৱালৈকে চব্বিশ ঘণ্টাই কাম কৰিব লগা এটা সমৰ্পিত নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে।

এই নিয়ন্ত্ৰণ কক্ষৰ প্ৰাথমিক উদ্দেশ্য হৈছে ব্যক্তি বা ৰাজনৈতিক দলে বিতৰণ কৰা নগদ ধন, বিনামূলীয়া, বা যিকোনো প্ৰকাৰৰ প্ৰলোভনৰ দৰে কাণ্ডৰ যিকোনো অভিযোগ নিষ্পত্তি কৰা। আয়কৰ বিভাগে নাগৰিকসকলক নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৱিত্ৰতা বৰ্তাই ৰাখিবলৈ এনে ধৰণৰ যিকোনো ঘটনাৰ তথ্য তৎক্ষণাৎ জনাবলৈ আহ্বান জনাইছে।

নাগৰিকসকলে নিম্নলিখিত চেনেলসমূহৰ জৰিয়তে তেওঁলোকৰ অভিযোগ আৰু তথ্য জনাব পাৰিব:

• টোল-ফ্ৰী নম্বৰ: 1800-233-3941

• লেণ্ডলাইন নম্বৰ: 0832-2438447

• ই-মেইল: goaelections@incometax.gov.in

তথ্য প্ৰদান কৰা ব্যক্তিসকলৰ পৰিচয় আৰু বিৱৰণ গোপনীয় ৰখা হ'ব বুলি আয়কৰ বিভাগে নিশ্চিতি প্ৰদান কৰিছে। বিভাগটোৱে মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচনৰ নীতিসমূহ বৰ্তাই ৰাখিবলৈ প্ৰকৃত আৰু সঠিক তথ্য প্ৰদানত গুৰুত্ব আৰোপ কৰিছে।

তৃতীয় মহলা, ট্ৰাইষ্টাৰ ভৱন, ইডিচি কমপ্লেক্স, পট্টো, পানাজী, গোৱা – ৪০৩০০১ অৱস্থিত নিয়ন্ত্ৰণ কক্ষটো অতিৰিক্ত আয়কৰ সঞ্চালকৰ নেতৃত্বত পৰিচালিত হ’ব।

                                                               

PIB Panaji | GSK/PM/KB



(Release ID: 2016170) Visitor Counter : 39


Read this release in: Marathi , English , Punjabi