বিত্ত মন্ত্ৰালয়

আয়কৰ সঞ্চালকালয় (তদন্ত), দিল্লীয়ে লোকসভাৰ সাধাৰণ নিৰ্বাচন, ২০২৪ৰ সৈতে জড়িত ২৪X৭ নিয়ন্ত্ৰণ কক্ষ আৰু টোল ফ্ৰী মোবাইল নম্বৰ ৯৮৬৮১৬৮৬৮২ স্থাপন কৰে

নিয়ন্ত্ৰণ কক্ষৰ জৰিয়তে নিৰীক্ষণৰ ফলত ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লীৰ ভিতৰত নগদ ধন, সোণ-ৰূপ আৰু অন্যান্য মূল্যৱান সামগ্ৰীৰ সন্দেহজনক চলাচল/বিতৰণ ৰোধ কৰাত সহায়ক হ’ব

দিল্লীত আদৰ্শ আচৰণ বিধিৰ সমগ্ৰ সময়ছোৱাত ভাৰত চৰকাৰৰ নিয়ন্ত্ৰণ কক্ষ কাৰ্যক্ষম হৈ থাকিব

Posted On: 20 MAR 2024 5:25PM by PIB Guwahati

নিৰ্বাচনত ক’লা ধনৰ ভূমিকা ৰোধ কৰাত ভাৰতৰ নিৰ্বাচন আয়োগক সহায় কৰাৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে আয়কৰ বিভাগে লোকসভাৰ সাধাৰণ নিৰ্বাচন, ২০২৪ত এক স্বচ্ছ আৰু ন্যায্য প্ৰক্ৰিয়া নিশ্চিত কৰাৰ দিশত অৰিহণা যোগাবলৈ বাসিন্দাসকলক উৎসাহিত কৰে।

এই উদ্দেশ্য সাধনৰ বাবে আয়কৰ সঞ্চালকালয় (তদন্ত), দিল্লীয়ে এনচিটি দিল্লীত কেইবাটাও কাউণ্টাৰ স্থাপন কৰি আৰ্হি আচৰণ বিধিৰ সময়ত নিৰ্বাচনী উদ্দেশ্যত ব্যৱহাৰ কৰা সম্ভাৱ্য/সন্দেহযুক্ত হিচাপহীন নগদ ধন, সোণ-ৰূপ আৰু অন্যান্য মূল্যৱান সামগ্ৰীৰ গতিবিধি নিৰীক্ষণৰ ব্যৱস্থা কৰিছে।

লোকসভাৰ সাধাৰণ নিৰ্বাচন, ২০২৪ৰ সৈতে জড়িত অন্যান্য ব্যৱস্থাৰ লগতে সঞ্চালকালয়ে নতুন দিল্লীৰ চিভিক চেণ্টাৰত ২৪X৭ কন্ট্ৰল ৰুম মুকলি কৰিছে আৰু চিভিক চেণ্টাৰ, নতুন দিল্লীয়ে এটা টোল ফ্ৰী নম্বৰো জাৰি কৰিছে যাৰ জৰিয়তে যিকোনো ব্যক্তিয়ে এনচিটি দিল্লীত হিচাপহীন নগদ ধন, সোণ-ৰূপ আৰু অন্যান্য মূল্যৱান সামগ্ৰীৰ সন্দেহজনকভাৱে চলাচল/বিতৰণৰ সম্পৰ্কে আয়কৰ বিভাগৰ সৈতে বাৰ্তালাপ কৰিব পাৰে আৰু তথ্যও প্ৰদান কৰিব পাৰে। নিয়ন্ত্ৰণ কক্ষৰ বিৱৰণ তলত দিয়া ধৰণৰ:

ৰুম নং ১৭, গ্ৰাউণ্ড ফ্ল'ৰ, চি-ব্লক, চিভিক চেণ্টাৰ, নতুন দিল্লী-১১০০০২

টোল ফ্ৰী নম্বৰ: ১৮০০১১২৩০০

লেণ্ডলাইন নম্বৰ: ০১১-২৩২৩২৩১২/৩১/৬৭/৭৬

মোবাইল নম্বৰ: ৯৮৬৮১৬৮৬৮২

বাসিন্দাসকলে টোল-ফ্ৰী নম্বৰটোৰ সৈতে যোগাযোগ কৰিব পাৰে, আৰু ফোন কৰাজনে কোনো ব্যক্তিগত তথ্য, যেনে নাম বা অন্যান্য চিনাক্তকৰণ তথ্য, নিয়ন্ত্ৰণ কক্ষত প্ৰকাশ কৰাৰ প্ৰয়োজন নাই। গুৰুত্বপূৰ্ণ কথাটো হ’ল, লাভ কৰা তথ্যসমূহ নিৰ্ভৰযোগ্য আৰু ব্যৱস্থা গ্ৰহণৰ যোগ্য হোৱাটো।

আদৰ্শ আচৰণ বিধিৰ সমগ্ৰ সময়ছোৱাত অৰ্থাৎ সাধাৰণ নিৰ্বাচন, ২০২৪ৰ ঘোষণাৰ তাৰিখৰ পৰা, যেতিয়ালৈকে দিল্লীত ইয়াৰ অন্ত নপৰে তেতিয়ালৈকে দিল্লীত নিয়ন্ত্ৰণ কক্ষ কাৰ্যক্ষম হৈ থাকিব। মুক্ত আৰু নিকা নিৰ্বাচনৰ মনোভাৱেৰে নাগৰিকসকলক দিল্লীৰ এনচিটি সম্পৰ্কীয় প্ৰাসংগিক তথ্য সঞ্চালকালয়ৰ সৈতে ভাগ-বতৰা কৰি ওপৰত উল্লেখ কৰা নম্বৰৰ জৰিয়তে সহায় আগবঢ়াবলৈ অনুৰোধ জনোৱা হৈছে। তথ্য দিয়া ব্যক্তিজনৰ পৰিচয় গোপনে ৰখা হ’ব।

**********

NB/VM/KMN



(Release ID: 2015826) Visitor Counter : 36