প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীৰ ভূটান ভ্ৰমণ (২১-২২ মাৰ্চ, ২০২৪)

प्रविष्टि तिथि: 20 MAR 2024 2:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২১-২২ মাৰ্চত ভূটান ভ্ৰমণ কৰিব। ভাৰত আৰু ভূটানৰ নিয়মিত উচ্চ পৰ্য্যায়ৰ আদান-প্ৰদানৰ পৰম্পৰা আৰু চৰকাৰৰ চুবুৰীয়া প্ৰথম নীতিৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখন ভ্ৰমণ কৰিব।

 

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূটানৰ ৰজা মহামহিম জিগমে খেছাৰ নামগয়েল ৱাংচুক আৰু ভূটানৰ চতুৰ্থগৰাকী ৰজা মহামহিম জিগমে চিংগে ৱাংচুকৰে মিলিত হ’ব। ভূটানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বেৰিং টবগেৰ সৈতেও আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী।

 

পাৰস্পৰিক বিশ্বাস, বুজাবুজি আৰু সদিচ্ছাৰে বদ্ধমূল ভাৰত আৰু ভূটানৰ অংশীদাৰিত্ব অনন্য আৰু চিৰস্থায়ী। সহভাজিত আধ্যাত্মিক ঐতিহ্য আৰু মানৱিক সম্পৰ্কই এই ব্যতিক্ৰমী সম্পৰ্কক অধিক গভীৰ আৰু স্পন্দনশীল কৰি তুলিছে। প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে দুয়োপক্ষৰ আগ্ৰহৰ দ্বিপাক্ষিক আৰু আঞ্চলিক বিষয়সমূহত মতামত বিনিময়ৰ লগতে জনসাধাৰণৰ সুবিধাৰ্থে দৃষ্টান্তমূলক অংশীদাৰিত্বৰ সম্প্ৰসাৰণ আৰু তীব্ৰতৰকৰণৰ উপায়সমূহৰ সম্পৰ্কে আলোচনাৰ সুযোগ প্ৰদান কৰিব।

***

DS/AK/SB
 


(रिलीज़ आईडी: 2015687) आगंतुक पटल : 156
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam