পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
ভাৰতৰ পৰা ভূটানলৈ পেট্ৰ’লিয়াম, তেল, লুব্ৰিকেণ্ট (পি অ’ এল) আৰু আনুষংগিক সামগ্ৰীৰ স্বাভাৱিক যোগান সন্দৰ্ভত ভাৰত আৰু ভূটানৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি কেবিনেটৰ অনুমোদন
Posted On:
13 MAR 2024 3:25PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ভাৰতৰ পৰা ভূটানলৈ পেট্ৰ’লিয়াম, তেল, লুব্ৰিকেণ্ট (পি অ’ এল) আৰু আনুষংগিক সামগ্ৰীৰ সাধাৰণ যোগান সন্দৰ্ভত ভাৰত আৰু ভূটানৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিত অনুমোদন জনায়৷
ইয়াৰ লক্ষ্য হৈছে লিংগ, শ্ৰেণী বা আয়ৰ পক্ষপাতিত্ব নিৰ্বিশেষে, বিশেষকৈ হাইড্ৰ’কাৰ্বন খণ্ডৰ ক্ষেত্ৰত ভূটানৰ সৈতে উন্নত অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্কৰে ভাৰত আৰু ইয়াৰ নাগৰিকসকলক উপকৃত কৰা।
সুবিধাঃ
এই বুজাবুজিৰ চুক্তিখনে হাইড্ৰ’কাৰ্বন খণ্ডত দ্বিপাক্ষিক বাণিজ্যক প্ৰসাৰিত কৰাৰ লহতে ভূটানলৈ পেট্ৰলিয়ামজাত সামগ্ৰীৰ সুৰক্ষিত আৰু দীৰ্ঘম্যাদী যোগান নিশ্চিত কৰিব।
যিহেতু, আত্মনিৰ্ভৰ ভাৰতক বাস্তৱায়িত কৰাত ৰপ্তানিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই বুজাবুজি চুক্তিয়ে আত্মনিৰ্ভৰ ভাৰতৰ দিশত উদ্গনি যোগাব।
ভাৰতৰ প্ৰতিৱেশী প্ৰথম নীতিত শক্তি সেতু হিচাপে এই বুজাবুজি চুক্তি কৌশলগত দিশতো উপযুক্ত হিচাপে বিবেচিত হ’ব।
*****
DS/SKS/DB
(Release ID: 2014171)