সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়
হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, অৰুণাচল প্ৰদেশ, ছিকিম আৰু লাডাখত পিএমজেভিকেৰ অধীনত বৌদ্ধ উন্নয়ন আঁচনিৰ অন্তৰ্গত প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী স্মৃতি ইৰাণীয়ে
ভাৰ্চুৱেল প্লেটফৰ্মৰ জৰিয়তে আনুমানিক ২২৫ কোটি টকা ব্যয় সাপেক্ষে গ্ৰহণ কৰা ৩৮ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়
দিল্লী বিশ্ববিদ্যালয়ৰ 'চেণ্টাৰ ফৰ এডভান্সড ষ্টাডিজ ইন বুদ্ধিষ্ট ষ্টাডিজ'কেন্দ্ৰক শক্তিশালী কৰি তোলাৰ বাবে ৩০ কোটি টকাৰ বিত্তীয় সাহায্য ঘোষণা
Posted On:
10 MAR 2024 1:30PM by PIB Guwahati
কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা আৰু মহিলা তথা শিশু বিকাশ দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী স্মৃতি ইৰাণীয়ে হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, অৰুণাচল প্ৰদেশ, ছিকিম আৰু কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যসূচীৰ অধীনত বৌদ্ধ উন্নয়ন আঁচনিত অনুমোদিত মুঠ ২২৫ কোটি টকাৰ আনুমানিক ব্যয়ৰে ৰূপায়ণ কৰিবলগীয়া ৩৮ টা প্ৰকল্পৰ ভাৰ্চুৱেল প্লেটফৰ্মৰ জৰিয়তে আধাৰশিলা স্থাপন কৰে।
বৰ্তমানৰ চৰকাৰৰ 'বিৰাচট কে চাথ বিকাশ ' আৰু ' বিৰাচট কা সংবন্ধন' ধাৰণাৰ সৈতে সংগতি ৰাখি সংখ্যালঘু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে শৈক্ষিক সহযোগিতাৰ অৰ্থে দিল্লী বিশ্ববিদ্যালয়ৰ'চেণ্টাৰ ফৰ এডভান্সড ষ্টাডিজ ইন বুদ্ধিষ্ট ষ্টাডিজ'কেন্দ্ৰত গৱেষণা, ভাষা সংৰক্ষণ, প্ৰতিলিপিৰ অনুবাদ আৰু বৌদ্ধ লোকসকলৰ দক্ষতা উন্নীতকৰণৰ বাবে ৩০ কোটি টকাৰ বিত্তীয় সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে।
'বিকশিত ভাৰত'ৰ উদ্দেশ্যৰ সৈতে সংগতি ৰাখি মন্ত্ৰীগৰাকীয়ে কয় যে চেণ্ট্ৰেল ইনষ্টিটিউট অব বুদ্ধিষ্ট ষ্টাডিজ (চিআইবিএছ), দিল্লী বিশ্ববিদ্যালয়ৰ 'চেণ্টাৰ ফৰ এডভান্সড ষ্টাডিজ ইন বুদ্ধিষ্ট ষ্টাডিজ' কেন্দ্ৰ আৰু অন্যান্য উল্লেখনীয় প্ৰতিষ্ঠানসমূহক এটা বৰ্তনীত একত্ৰিত কৰি তেনে প্ৰতিষ্ঠানৰ বিকাশৰ বাবে সহযোগিতা আগবঢ়াব । তেনে প্ৰতিষ্ঠানসমূহে যাতে বৌদ্ধ সাংস্কৃতিক ঐতিহ্য আৰু জ্ঞান সংৰক্ষণৰ দৰে কামত আত্মনিয়োগ কৰি আধুনিক শিক্ষা প্ৰদানত সহায় কৰিব পাৰে তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মন্ত্ৰীগৰাকীয়ে কয়।
আজি নতুন দিল্লীত এই অনুষ্ঠান অনুষ্ঠিত হোৱাৰ উপৰি উক্ত অনুষ্ঠানটো ছিকিমৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰেম ছিং তামাং, কেন্দ্ৰীয় পৃথিৱী বিজ্ঞান মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজু, ভাৰত চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা ৰাজ্যমন্ত্ৰী শ্ৰী জন বাৰ্লাৰ উপস্থিতিত সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতো আয়োজন কৰা হয়। সংশ্লিষ্ট ৰাজ্যসমূহৰ বিভিন্ন মন্ত্ৰী, সাংসদ, বিধান সভাৰ সদস্য আৰু অন্যান্য গণ্যমান্য ব্যক্তি সেই অনুষ্ঠানত উপস্থিত থাকে।
হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, অৰুণাচল প্ৰদেশ, ছিকিম আৰু কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ দূৰৱৰ্তী সীমান্ত অঞ্চলত বৌদ্ধ সম্প্ৰদায়সমূহক নিৰ্দিষ্ট গুৰুত্ব প্ৰদান কি "সমগ্ৰ চৰকাৰ" দৃষ্টিভংগীৰে সংখ্যালঘুসকলৰ বিকাশৰ বাবে ভাৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ দিশত এই অনুষ্ঠান এক উল্লেখনীয় অনুষ্ঠান হিচাবে পৰিগণিত হৈছে। বৌদ্ধ সম্প্ৰদায়সমূহক আগুৱাই নিয়া আৰু আধুনিক শিক্ষা তথা পেছাদাৰী/বৃত্তিমূলক ব্যৱস্থাৰ সৈতে পৰম্পৰাগত ধৰ্মীয় শিক্ষাক সংপৃক্ত কৰাই এই পদক্ষেপৰ মূল উদ্দেশ্য। এই অঞ্চলবোৰত বৌদ্ধ জনগোষ্ঠীৰ যুৱ চামৰ বাবে দক্ষতা বৃদ্ধিৰ বাবে দক্ষতা বিকাশ পাঠ্যক্ৰমৰ লগতে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে বহু পদক্ষেপ গ্ৰহণ কৰিছে, যেনে বৌদ্ধ উন্নয়ন পৰিকল্পনা (বিডিপি) আদি।
এই কাৰ্যসূচী সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ বিভিন্ন চলিত আঁচনি যেনে পিএমজেভিকে, পিএম-বিকাশ, বৃত্তিৰ লগতে এনএমডিএফচি আৰু অন্যান্য মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত কাৰ্যসূচী তথা আঁচনিসমূহ একত্ৰিত কৰি ৰূপায়ণ কৰা হ'ব। এই কাৰ্যসূচীয়ে যাতে উল্লেখিত পাঁচখন ৰাজ্যৰ বৌদ্ধ সম্প্ৰদায়ৰ লোকসকলক উপকৃত কৰিব পাৰে সেয়া নিশ্চিত কৰিবলৈ সজাগতা অভিযানৰো ব্যৱস্থা কৰা হৈছে।
***********
SS/AKS
(Release ID: 2013270)