ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰাকমুহূৰ্তত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ বাৰ্তা

प्रविष्टि तिथि: 07 MAR 2024 6:44PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৱে ৮ মাৰ্চত উদযাপন কৰা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰাকমুহূৰ্তত তেওঁৰ বাৰ্তাত কৈছে:-

"আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে মই সকলো নাগৰিক, বিশেষকৈ মহিলাসকলক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ।

এই দিৱস মহিলাসকলৰ সাফল্য, লিংগ সমতা আৰু নাৰী অধিকাৰৰ বিষয়ে সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত কৰা প্ৰচেষ্টাক স্বীকৃতি দিয়াৰ বাবে সমৰ্পিত। ইয়াৰ উপৰিও নাৰীক সমান সুযোগ প্ৰদান আৰু জীৱনৰ সকলো ক্ষেত্ৰতে সবলীকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। আজিও মহিলাসকলে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হয় যিবোৰ আমি মোকাবিলা কৰিব লাগিব।

বিজ্ঞান আৰু প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি চিকিৎসা, মহাকাশ, সশস্ত্ৰ বাহিনী, ক্ৰীড়া সকলো ক্ষেত্ৰতে মহিলাসকলে নতুন মাপকাঠী নিৰ্ধাৰণ কৰিছে। এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেডৰ সময়তো মহিলা শক্তি আৰু নেতৃত্বৰ উল্লেখযোগ্য প্ৰদৰ্শনৰ আভাস দেখা পোৱা গৈছে।

নাৰী দিৱস উদযাপনৰ সফলতা কামনা কৰি সকলো মহিলাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জনাইছোঁ”।

 

***

 

DS/AK/AR


(रिलीज़ आईडी: 2012465) आगंतुक पटल : 135
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Punjabi , Tamil