বিত্ত মন্ত্ৰালয়

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ দূৰণিবটীয়া অঞ্চলৰ ‘ভূমি শুল্ক কেন্দ্ৰ’সমূহত ‘ইলেক্ট্ৰনিক ডাটা ইণ্টাৰচেঞ্জ’ (ইডিআই) ব্যৱস্থাৰ শুভাৰম্ভ কৰে

প্ৰত্যন্ত এলেকাৰ ‘এলচিএছ’সমূহ ‘ইডিআই’ সক্ষম হোৱাৰ ফলত সামগ্ৰীসমূহৰ আদান-প্ৰদান সন্দৰ্ভত বাস্তৱ-সময়ৰ তথ্য লাভ কৰাত সহায় হ'ব: কেন্দ্ৰীয় বিত্ত মন্ত্ৰী

শুল্ক কেন্দ্ৰসমূহৰ ‘ইডিআই’ সক্ষমতাই কৰ প্ৰণালী আৰু শুল্ক প্ৰক্ৰিয়াক 'মুখ নেদেখাকৈ' আৰু 'স্বয়ংক্ৰিয়' ভাবে কৰ্ম সম্পাদন কৰিব পৰা কৰি তুলিছে: ৰাজহ সচিব

উত্তৰ-পূৰ্বাঞ্চল (এনইআৰ)ৰ এক উচ্চ ভূ-কৌশলগত গুৰুত্ব আছে আৰু ‘ভূমি শুল্ক কেন্দ্ৰ’ (এলচিএছ)ই চুবুৰীয়া দেশসমূহৰ সৈতে বাণিজ্য আৰু পৰিবহনৰ প্ৰবাহ সক্ষম কৰি এক অপৰিসীম বাণিজ্যিক সম্ভাৱনা বহন কৰে: চিবিআইচি অধ্যক্ষ

ব্যৱসায় আৰু বাণিজ্যৰ লাভ আদায়ৰ ক্ষেত্ৰত প্ৰযুক্তিৰ সুবিধা গ্ৰহণ কৰাৰ ক্ষেত্ৰত ‘চিবিআইচি’ দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ: ‘চিবিআইচি’ সদস্য (শুল্ক)

সামগ্ৰীৰ আদান-প্ৰদান আৰু শুল্ক অনুমোদন এতিয়া অধিক পাৰদৰ্শিতাৰে হোৱাৰ সুবাদত আঞ্চলিক বাণিজ্য বৃদ্ধি হোৱাৰ লগতে অৰ্থনৈতিক বিকাশ ত্বৰান্বিত হৈছে

Posted On: 29 FEB 2024 6:14PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি নতুন দিল্লীত ‘ভাৰ্চুৱেল’ মাধ্যমেৰে উত্তৰ-পূৰ্বাঞ্চলৰ ভূমি শুল্ক কেন্দ্ৰসমূহত ‘ইলেক্ট্ৰনিক ডাটা ইণ্টাৰচেঞ্জ’ (ইডিআই)প্ৰণালী উদ্বোধন কৰে। এই দূৰৱৰ্তী ‘এলচিএছ’ সমূহ ইডিআই-সক্ষম হোৱাৰ বাবে সামগ্ৰীৰ আদান-প্ৰদান আৰু শুল্ক অনুমোদন প্ৰক্ৰিয়া এতিয়া অধিক পাৰদৰ্শী হোৱাৰ লগতে ই আঞ্চলিক বাণিজ্য বৃদ্ধি কৰাৰ উপৰি অৰ্থনৈতিক বিকাশ ত্বৰা্ন্বিত কৰিব।

‘ইডিআই’-ৰ শুভাৰম্ভ অনুষ্ঠানত বিত্ত মন্ত্ৰালয়ৰ ৰাজহ সচিব শ্ৰী সঞ্জয় মালহোত্ৰা; কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক পৰিষদ (চিবিআইচি)ৰ অধ্যক্ষ শ্ৰী সঞ্জয় কুমাৰ আগৰৱালা;  ‘চিবিআইচি’-ৰ সদস্য (প্ৰশাসক আৰু তদাৰকী) শ্ৰী আলোক শুক্লা; ‘চিবিআইচি’-ৰ সদস্য (কৰ নীতি আৰু আইন)শ্ৰী বিবেক ৰঞ্জন;  ‘চিবিআইচি’-ৰ সদস্য (শুল্ক)শ্ৰী সুৰজিৎ ভুজাবল; ‘চিবিআইচি’-ৰ সদস্য (আইটি আৰু কৰ দাতা সেৱা আৰু প্ৰযুক্তি)শ্ৰীমতী অৰুণা নাৰায়ণ গুপ্তা; আৰু ‘চিবিআইচি’, ৰাজহ বিভাগ আৰু বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

আধুনিক ডিজিটেল আন্তঃগাঁথনি নিৰ্মাণ আৰু ডিজিটেল বিপ্লৱৰ লাভসমূহ সকলোৰে ওচৰলৈ যোৱাটো নিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা দৃষ্টিভংগীৰ আধাৰত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে ২১ জুলাই, ২০২৩ তাৰিখে গুৱাহাটীত দিয়া ভাষণত উত্তৰ আৰু উত্তৰ-পূবৰ দূৰৱৰ্তী সীমান্ত অঞ্চলসমূহত অৱস্থিত অ-‘ইডিআই এলচিএছ’সমূহ ‘ইডিআই-ইণ্টিগ্ৰেটেড এলচিএছ’-লৈ ৰূপান্তৰ কৰাৰ বাবে ‘কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক পৰিষদ’ক প্ৰশংসা কৰে। তেওঁ বিভাগটোক ‘এনইআৰ’-ৰ অৱশিষ্ট এলচিএছসমূহক ‘ইডিআই’ প্ৰণালীত অন্তৰ্ভুক্ত কৰিবলৈ অহ্বান জনাইছিল।

উত্তৰ-পূৰ্বাঞ্চলৰ ‘ভূমি শুল্ক কেন্দ্ৰ’সমূহত ‘ইডিআই’-ৰ শুল্ক কেন্দ্ৰসমূহৰ শুভাৰম্ভণি অনুষ্ঠানত শ্ৰীমতী সীতাৰমণে ‘চিবিআইচি’ আৰু শুল্ক বিভাগক ৰপ্তানিৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ আহ্বান জনায় আৰু কয় যে দূৰৱৰ্তী ‘এলচিএছ’সমূহ ‘ইডিআই’ সক্ষম হোৱাটো গুৰুত্বপূৰ্ণ, কিয়নো ই সামগ্ৰীৰ আদান-প্ৰদানসমূহৰ বাস্তৱ-সময়ৰ তথ্য প্ৰদান কৰাত সহায় কৰিব।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে শুল্ক বিভাগক সংবেদনশীল সীমান্ত অঞ্চলত, বিশেষকৈ ঘন বসতিপূৰ্ণ আৰু অসুৰক্ষিত অঞ্চলসমূহত চকীসমূহ পৰিচালনা কৰাৰ সময়ত সতৰ্ক আৰু সষ্টম হৈ থাকিবলৈ আহ্বান জনায়।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী মালহোত্ৰাই কয়, "২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ বাবে আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা দৃষ্টিভংগীৰ ভিতৰত আছে আধুনিক ‘ডিজিটেল আন্তঃগাঁথনি’ নিৰ্মাণ আৰু প্ৰযুক্তিৰ ব্যৱহাৰ, যাতে সকলো নাগৰিকক ডিজিটেল বিপ্লৱৰ লাভসমূহ উপলব্ধ কৰোৱা। শুল্ক কেন্দ্ৰসমূহৰ ‘ইলেক্ট্ৰনিক ডাটা ইণ্টাৰচেঞ্জ’ (ইডিআই) সক্ষমতা হৈছে কৰ প্ৰণালী আৰু শুল্ক প্ৰক্ৰিয়াসমূহ 'মুখ নেদেখাকৈ' আৰু 'স্বয়ংক্ৰিয়' ভাবে সম্পন্ন কৰাৰ দিশত সম্পন্ন কৰা এক পদক্ষেপ।"

"এয়া আনন্দৰ কথা যে এই অনুষ্ঠানৰ জৰিয়তে ‘চিবিআইচি’-য়ে ‘এনইআৰ’-ৰ এই দূৰৱৰ্তী অঞ্চলসমূহৰ ভূমি শুল্ক কেন্দ্ৰসমূহত ‘ইডিআই’ সক্ষম কৰি উত্তৰ-পূব ভাৰতৰ বিকাশৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয় গুৰুত্ব প্ৰদান কৰিছে," শ্ৰী মালহোত্ৰাই লগতে কয়।

অনুষ্ঠানত শ্ৰী আগৰৱালাই তেওঁৰ আদৰণি ভাষণ প্ৰদান কৰি কয় যে উত্তৰ-পূৰ্বাঞ্চল (এনইআৰ)ৰ এক উচ্চ ভূ-কৌশলগত গুৰুত্ব আছে আৰু ‘ভূমি শুল্ক কেন্দ্ৰ’ (এলচিএছ)সমূহে চুবুৰীয়া দেশসমূহৰ সৈতে বাণিজ্য আৰু পৰিবহনৰ প্ৰবাহ সুচল কৰি এক অপৰিসীম বাণিজ্যিক সম্ভাৱনা বহন কৰিছে।

শ্ৰী আগৰৱালে লগতে কয় যে ‘এনইআৰ’-ত ৭খন ৰাজ্য- অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, অৰুণাচল প্ৰদেশ আৰু ছিকিমক সামৰি ৪৪টা এলচিএছ আছে। ভৌতিক আন্তঃগাঁথনি নিৰ্মাণ আৰু এলচিএছসমূহত শুল্ক প্ৰক্ৰিয়াৰ স্বয়ংক্ৰিয়কৰণ সদায় ভাৰতীয় শুল্কবিভাগৰ প্ৰথমিকতা হৈ আহিছে।

 

শলাগৰ শৰাই আগবঢ়াবলৈ গৈ ‘চিবিআইচি’-ৰ সদস্য (শুল্ক) শ্ৰী সুৰজিৎ ভুজাবলে কয়, "আজি ‘ইডিআই প্ৰণালী’ৰ শুভাৰম্ভ দক্ষতা বৃদ্ধিৰ লগতে ‘এনইআৰ’-ৰ দূৰৱৰ্তী অঞ্চলসমূহত স্বাচ্ছন্দ্যৰে ব্যৱসায় কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। এই সাফল্যই ব্যৱসায় আৰু বাণিজ্যৰ সুবিধাৰ বাবে প্ৰযুক্তিৰ সুবিধা গ্ৰহণ কৰাৰ বাবে আমাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিপন্ন কৰে।"

‘এনইআৰ’-ৰ উন্নয়নৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব দি ‘চিবিআইচি’য়ে নিম্নলিখিত ‘এলচিএছ’- ঘাচুয়াপাৰা, ভোলাগঞ্জ, শেলাবজাৰ, বৰচৰা, খোৱাইঘাট, বাঘমাৰা, গোলাকগঞ্জ, কৰিমগঞ্জ আৰু ভাৰত-ম্যানমাৰ সীমান্তৰ জোখাৱথাৰত ‘ইডিআই’ সক্ষমকৰণৰ কাম সম্পূৰ্ণ কৰিছে। এই ‘এলচিএছ’সমূহে ভিন্নধৰ্মী প্ৰত্যাহ্বান উপস্থাপন কৰিছিল, যি ‘অপ্টিকেল ফাইবাৰ’ বা ‘ম'বাইল নেটৱৰ্ক’ৰ সংযোগ নথকা প্ৰত্যন্ত এলেকাত অৱস্থিত। ‘চিবিআইচি’-য়ে কেবাটাও স্থানত ‘ভি-ছেট’ স্থাপন কৰি এই বাধাসমূহ অতিক্ৰম কৰিছিল। এই যাত্ৰা কেৱল শুল্ক বিভাগীয় কাম-কাজৰ কাৰিকৰিতা বৃদ্ধিৰ প্ৰতীকেই নহয়, বৰঞ্চ, ‘কৰ্তব্য কাল’ত দেশৰ প্ৰগতিৰ প্ৰতি চিবিআইচি-ৰ প্ৰতিশ্ৰুতিবদ্ধতাৰো প্ৰতীক।

 

****

NB/VM/KMN/KB



(Release ID: 2010539) Visitor Counter : 26


Read this release in: English , Hindi , Telugu