কেবিনেট

কেবিনেটে মহাকাশ খণ্ডত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ (এফডিআই) নীতিৰ সংশোধনীত অনুমোদন জনাইছে

Posted On: 21 FEB 2024 10:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে মহাকাশ খণ্ডত প্ৰত্যক্ষ বিদেশী বিনিয়োগ (এফডিআই)নীতিৰ সংশোধনীত অনুমোদন জনাইছে।  এতিয়া, উপগ্ৰহ উপ-খণ্ডক তিনিটা পৃথক ভাগত বিভক্ত কৰা হৈছে আৰু এনে প্ৰতিটো খণ্ডত বিদেশী বিনিয়োগৰ সীমা নিৰ্ধাৰিত কৰি দিয়া হৈছে।

 

বেচৰকাৰী অংশগ্ৰহণৰ জৰিয়তে মহাকাশ খণ্ডৰ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰক মুকলি দিয়াৰ বাবে ভাৰতীয় মহাকাশ নীতি ২০২৩ কাৰ্যকৰী কৰা হয়। উক্ত নীতিৰ উদ্দেশ্য হৈছে মহাকাশ খণ্ডত ভাৰতৰ কাম-কাজৰ প্ৰসাৰ ঘটাবলৈ অংশীদাৰসকলক বিনিয়োগৰ বাবে আকৃষ্ট কৰা আৰু মহাকাশত বাণিজ্যিক কাম-কাজ বৃদ্ধি কৰিবলৈ প্ৰযুক্তিগত উদ্ভাৱনৰ সম্ভাৱনা গঢ়ি তোলা।

 

বৰ্তমানৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ নীতি অনুসৰি, কেৱল চৰকাৰী অনুমোদিত পথৰ জৰিয়তে উপগ্ৰহ স্থাপন আৰু পৰিচালনাত এফডিআইৰ অনুমতি আছে। কেন্দ্ৰীয় কেবিনেটে এই নীতিৰ সংশোধন ঘটাইছে। নতুনকৈ সংশোধিত এই নীতিৰ ফলত উপগ্ৰহ ভিত্তিক নানা ক্ষেত্ৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ সুযোগ মুকলি কৰা হল।

 

নতুনকৈ সংশোধিত এই প্ৰত্যক্ষ বিদেশী বিনিয়োগ নীতিত মহাকাশ খণ্ডত ১০০ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰৱেশাধিকাৰ পত্ৰ দিয়া হৈছে। নতুনকৈ সংশোধিত এই নীতিয়ে মহাকাশ খণ্ডত জড়িত ভাৰতীয় কোম্পানীসমূহত বিনিয়োগৰ বাবে সম্ভাৱনাপূৰ্ণ বিনিয়োগকাৰীসকলক আকৰ্ষণ কৰিব পাৰিব।

 

সংশোধিত এই নীতিৰ অধীনত বিভিন্ন কাৰ্যকলাপৰ প্ৰৱেশ পথ নিম্নলিখিত ধৰণৰঃ

ক) উপগ্ৰহ নিৰ্মাণ পৰিচালন, ছেটেলাইট ডাটা সামগ্ৰী আৰু গ্ৰাউণ্ড চেগমেণ্ট আৰু ব্যৱহাৰকাৰী খণ্ডত ৭৪শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগ স্বয়ংক্ৰিয়ভাৱে হব পাৰে। ৭৪শতাংশৰ অধিক হলে সেয়া চৰকাৰী পথৰ অধীনত হব লাগিব।

 

খ) উপগ্ৰহ বাহন আৰু সংশ্লিষ্ট ক্ষেত্ৰত ৪৯ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগ স্বয়ংক্ৰিয় পথৰ অধীনত হব পাৰে। ৪৯শতাংশৰ অধিক হলে সেয়া চৰকাৰী পথৰ অধীনত হব লাগিব।

 

গ) উপগ্ৰহ উপাদান নিৰ্মাণ আৰু উপগ্ৰহ ভিত্তিক অন্য কাম-কাজৰ খণ্ডক স্বয়ংক্ৰিয় ১০০ শতাংশই প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ বাবে উন্মুক্ত ৰখা হৈছে।

 

উপগ্ৰহ খণ্ডত ব্যক্তিগত খণ্ডৰ বিনিয়োগক উৎসাহিত কৰাৰ লগতে কৰ্মসংস্থাপন বৃদ্ধি আৰু এই খণ্ডক স্বাৱলম্বী কৰি গঢ়ি তুলিবলৈ আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰক উৎসাহ যোগাবলৈ মহাকাশ খণ্ডত প্ৰত্যক্ষ বিদেশী বিনিয়োগ নীতিত এই সংশোধন ঘটোৱা হৈছে।

 

*************  

DS/KG



(Release ID: 2008234) Visitor Counter : 34