ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়

উদ্যোগ আৰু শিক্ষাজগতৰ সৈতে জড়িত ব্যক্তিসকলৰ সমাবেশত গুৱাহাটীত প্ৰথমবাৰৰ বাবে ডিজিটেল ইণ্ডিয়া ফিউচাৰ স্কিলছ ছামিট উদ্বোধন

"ফিউচাৰস্কিলে যুৱ প্ৰজন্মৰ ভাৰতীয়সকলৰ বাবে এক সুযোগেৰে ভৰা পৃথিৱী কঢ়িয়াই আনিছে, যাতে তেওঁলোকে প্ৰতিভা বিকাশৰ বাট বিচাৰি পায়, যিয়ে প্ৰযুক্তিৰ ভৱিষ্যতক শক্তিপ্ৰদান কৰিব": ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ

"অসমে শীঘ্ৰেই ২৫,০০০ কোটি টকাৰ অৰ্ধপৰিবাহী পেকেজিং প্ৰকল্প লাভ কৰিব": ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰাজীৱ চন্দ্ৰশেখৰ

"অৰ্ধপৰিবাহীৰ পৃথিৱীত প্ৰৱেশ কৰিবলৈ ইচ্ছুক অসমৰ যুৱ ভাৰতীয়সকলে তেওঁলোকৰ ৰাজ্য এৰি আন চহৰলৈ গমন কৰিব নালাগিব": ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰাজীৱ চন্দ্ৰশেখৰ

Posted On: 15 FEB 2024 7:51PM by PIB Guwahati

কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ তথা  উদ্যোগ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰাজীৱ চন্দ্ৰশেখৰে ঘোষণা কৰে যে অসমত শীঘ্ৰেই প্ৰায় ২৫,০০০ কোটি টকাৰ প্ৰথমটো অৰ্ধপৰিবাহী পেকেজিং প্ৰকল্প স্থাপন কৰা  হ'ব। আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা প্ৰথম ডিজিটেল ইণ্ডিয়া ফিউচাৰস্কিলছ সন্মিলনত ভাষণ প্ৰদান কৰি তেওঁ এই ঘোষণা কৰে।

তেওঁ কয়, "মাননীয় মুখ্যমন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মাৰ নেতৃত্বৰ বাবেই অসম চৰকাৰ আৰু টাটা গোটৰ অংশীদাৰিত্বত এটা অৰ্ধপৰিবাহী পেকেজিং প্ৰকল্প স্থাপন কৰা হ'ব। আমি সোনকালেই এই বিষয়ত  সকলো অনুমোদন লাভ  কৰিম আৰু চূড়ান্ত অনুমোদনৰ বাবে কেবিনেটৰ ওচৰত সেয়া  দাখিল কৰিম। অৰ্ধপৰিবাহীৰ পৃথিৱীত প্ৰৱেশ কৰিবলৈ ইচ্ছুক যুৱ ভাৰতীয়সকলে তেওঁলোকৰ ৰাজ্য এৰি আন ৰাজ্যলৈ এতিয়া আৰু গমন কৰিব  নালাগিব।"

                                                                     

মন্ত্ৰীগৰাকীয়ে লগতে বিগত দশকত ভাৰতৰ অৰ্থনীতিত কেনেদৰে গুৰুত্বপূৰ্ণ অগ্ৰগতি হৈছে, 'ভঙ্গুৰ ৫' ৰ পৰা কিদৰে ভাৰত  এতিয়া বিশ্বৰ 'শীৰ্ষ ৫' অৰ্থনীতিৰ ভিতৰলৈ আহিব পাৰে সেই বিষয়তো গুৰুত্ব আৰোপ কৰে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ গুৰুত্বপূৰ্ণ মাইলৰ খুঁটিস্বৰূপ  যুৱ ভাৰতীয়সকলৰ বাবে বহু  সুযোগ মুকলি হৈছে বুলিও তেওঁ তেওঁৰ ভাষণত উল্লেখ কৰে।উদীয়মান প্ৰযুক্তি খণ্ডত  ভাৰত বাকী বিশ্বৰ সৈতে সমানে খোজ মিলাই আগবাঢ়িছে বুলিও তেওঁ কয়।

"ভৱিষ্যত দক্ষতাৰ বিকাশৰ জৰিয়তে আমি আমাৰ যুৱ ভাৰতীয়সকলক জনাব বিচাৰো যে অনাগত বছৰবোৰত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদীজীৰ নীতিৰ বাবে তেওঁলোকৰ বাবে বহু  সুযোগ মুকলি হ'ব।’’ মন্ত্ৰীগৰাকীয়ে কয়।

                                                                      

মন্ত্ৰীগৰাকীয়ে নিশ্চিত কৰে যে ভৱিষ্যতদ ক্ষতাৰ দৰে পদক্ষেপৰ সৈতে ভাৰতে প্ৰযুক্তিৰ ভৱিষ্যত গঢ়ি তোলাৰ পথত আগবাঢ়িবলৈ সাজু হৈছে। এই প্ৰচেষ্টাই কেৱল ভাৰতীয় কোম্পানীৰ বাবেই নহয়, বিশ্বব্যাপী সংগঠনসমূহৰ বাবেও এক বিশ্বজোৰা বিকাশৰ পৰিবেশ ৰচনা কৰিব। যিয়ে  বিশ্বব্যাপী প্ৰযুক্তিৰ দৃশ্যপটত এক নতুন মানৰ সৃষ্টি কৰিব।

তেওঁ কয়, "আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে প্ৰযুক্তিৰ ভৱিষ্যত বিকশিত কৰাৰ তোলাৰ বাবে এক ত্ৰিমুখী ৰণনীতি প্ৰস্তুত কৰিছে- আৰ্হি উদ্ভাৱনৰ বাবে ফিউচাৰ ডিজাইন, প্ৰণালীগত  উদ্ভাৱনৰ বাবে ফিউচাৰ এলএবিএছ আৰু উদীয়মান খণ্ডসমূহত সামৰ্থ্যৰ সৈতে আমাৰ যুৱ ভাৰতীয়সকলক প্ৰস্তুত কৰি তোলাৰ  বাবে ভৱিষ্যত দক্ষতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰিছে। আজি ভাৰতীয়সকল এ আই, অৰ্ধপৰিবাহী আৰু চাইবাৰ নিৰাপত্তাৰ দৰে উদীয়মান প্ৰযুক্তিৰ ভৱিষ্যত গঢ়ি তোলাত অতি গুৰুত্বপূৰ্ণ দেশ  আৰু অংশগ্ৰহণকাৰী হৈ পৰিছে ।"

                                                                      

ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানৰ (এনআইইএলআইটি) জৰিয়তে ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে আয়োজন কৰা ডিজিটেল ইণ্ডিয়া ফিউচাৰস্কিলছ সন্মিলনত সন্মানীয় গণ্যমান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

মন্ত্ৰী চন্দ্ৰশেখৰে লগতে উল্লেখ কৰে যে ফিউচাৰস্কিল হৈছে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ বহুতো দক্ষ লোকৰ প্ৰয়োজন হোৱা ক্ষেত্ৰত সুযোগৰ পৃথিৱী গঢ়ি তোলা । অৰ্ধপৰিবাহী, এআই , ইলেক্ট্ৰনিকছ, এইচপিচি আৰু চাইবাৰ নিৰাপত্তাৰ দৰে উদীয়মান ক্ষেত্ৰত এই ভৱিষ্যত দক্ষতাৰ প্ৰয়োজন। এইবোৰ প্ৰযুক্তি য'ত ভাৰতে বাকী বিশ্বৰ দৰে একে গতিতে গতি কৰি আছে।

অসম চৰকাৰৰ মাননীয় শিক্ষা মন্ত্ৰী ড০ ৰানোজ পেগুৱে কয় যে অসম চৰকাৰে অসমত যুৱক-যুৱতীসকলৰ ডিজিটেল দক্ষতা বিকাশৰ বাবে বহু  পদক্ষেপ গ্ৰহণ কৰা হৈছে।

তেওঁ কয় যে, "৭৭ খন পলিটেকনিক আৰু আইটিআইত আমাৰ যুৱক-যুৱতীসকলক উদ্যোগৰ ক্ষেত্ৰত  দক্ষতা প্ৰদান ৰখাৰ বাবে অসম চৰকাৰে ১৮০০ কোটি টকাৰ প্ৰকল্প ৰূপায়ণ কৰিছে। শেহতীয়াকৈ টাটাৰ সৈতে এক চুক্তি স্বাক্ষৰিত হৈছে আৰু লগতে গুৱাহাটীৰ ওচৰত অৰ্ধপৰিবাহী উদ্যোগ স্থাপনৰ বাবে ১৫০  একৰ ভূমি আৱণ্টন কৰা হৈছে।"

সন্মিলনৰ মুখ্য বক্তাসকলৰ ভিতৰত আছিল মেইটৱাইৰ অৰ্থনৈতিক উপদেষ্টা শ্ৰী কুন্তলসেন শৰ্মা , এএমডি ইণ্ডিয়াৰ মুৰব্বী শ্ৰীমতী জয়া জগদীশ। ৰুচিৰ দীক্ষিত, চিমেনছ ইডিএৰ উপ-অধ্যক্ষ আৰু কাণ্ট্ৰী মেনেজাৰ, শ্ৰী লিংৰাজু চাৱকাৰ, কিন্দ্ৰিল ইণ্ডিয়াৰ অধ্যক্ষ শ্ৰী গণেশ গোপালন, , আইআইটি বোম্বাইৰ সঞ্চালক অধ্যাপক সুভাষী চৌধুৰী আদি ব্যক্তিসকল।

নিজৰ  ভাষণত  শ্ৰী গণেশ গোপালন কয়  যে আজি এআই কোম্পানী এটা আৰম্ভ কৰাৰ বাবে ভাৰত সৰ্বশ্ৰেষ্ঠ স্থান হৈ পৰিছে।

                                                                     

তেওঁ কয়, "বিশ্বব্যাপী এআইত প্ৰায় ১০০ নিযুত চাকৰি সৃষ্টি হ'ব, এইটো আমাৰ ভাৰতীয়সকলৰ বাবে এই চাকৰিসমূহৰ প্ৰায় সংখ্যক চাকৰি দখল কৰাৰ এক বৃহৎ সুযোগ। চাইবাৰ নিৰাপত্তাৰ দৰে ক্ষেত্ৰত বজাৰত আলোড়ণৰ সূচনা  হ'ব, যাৰ ফলত আমাৰ বাবে অতি কমেও কেইবা নিযুত চাকৰিৰ সৃষ্টি হ'ব।  ভাৰতে এই ক্ষেত্ৰত সঠিক দিশত আগবাঢ়িছে আৰু ফিউচাৰস্কিলচ ছামিট হৈছে ইয়াৰ বাবে এক চমৎকাৰ পদক্ষেপ। যি ধৰণৰ প্ৰগতি হৈছে সেয়া সংছাকৈয়ে  চমৎকাৰ। আজি এআইত কোম্পানী এটা আৰম্ভ কৰাৰ বাবে ভাৰততকৈ  আন ভাল ঠাই নাই।"

ভাৰতৰ সুযোগ আৰু যুৱ ভাৰতীয়সকলৰ ভূমিকা সম্পৰ্কে একে ধৰণৰ অনুভূতি ব্যক্ত কৰে চিমেনছ ইডিএৰ উপ-অধ্যক্ষ  আৰু কাণ্ট্ৰী মেনেজাৰ ৰুচিৰ দীক্ষিতে। তেওঁ  কয়, "অনুমান কৰা হৈছে যে অহা পাঁচ বছৰত, ইলেক্ট্ৰনিক্স উদ্যোগত আমাৰ ৪ লাখ দক্ষ শ্ৰমিকৰ প্ৰয়োজন হ'ব আৰু এয়া  আমাৰ বাবে হ’ব এক  সুযোগ।  মেইটৱাইৰ যুটীয়া সচিব আৰু অৰ্থনৈতিক উপদেষ্টা শ্ৰী কুন্তলসেন শৰ্মাই কয় যে দক্ষতা হৈছে সমৃদ্ধিৰ পাছপোৰ্ট, মেইটৱাই উদীয়মান প্ৰযুক্তিৰ বিভিন্ন দিশৰ ওপৰত দক্ষতাৰ বিকাশৰ বাবে গুৰুত্ব আৰোপ কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে।

অৰ্ধপৰিবাহী উদ্যোগৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি এএমডি ইণ্ডিয়াৰ মুৰব্বী শ্ৰীমতী জয়া জগদীশে কয়  যে অৰ্ধপৰিবাহী উদ্যোগক প্ৰায়ে আধুনিক প্ৰযুক্তিৰ মেৰুদণ্ড বুলি কোৱা হয়। আজি আমি বাস কৰা পৃথিৱীখনক আগঢ়াবলৈ ই সহায়ক ভূমিকা পালন কৰিছে। স্মাৰ্টফোনৰ পৰা স্মাৰ্ট চিটিলৈকে, কৃত্ৰিম বুদ্ধিমত্তাৰ পৰা ভাৰ্চুৱেল ৰিয়েলিটিলৈকে, অৰ্ধপৰিবাহী হৈছে প্ৰতিটো খণ্ডত উদ্ভাৱনক চালিত কৰা অদৃশ্য শক্তি।

আইআইটি বোম্বাইৰ সঞ্চালক অধ্যাপক সুভাষীশ চৌধুৰীয়ে কয় যে চৰকাৰেপিএমকেভিৱাই, সংকল্প, ইউডিএএন আদিৰ দৰে বহুতো দক্ষতা বিকাশৰ কাৰ্যসূচী আৰম্ভ কৰিছে ।

এই ছামিটতত অংশগ্ৰহণ কৰাসকলক শেষত  এনআইইএলআইটি গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ড০ ৱাই জয়ন্ত সিঙে ধন্যবাদ জ্ঞাপন কৰে। ভাষণত তেওঁ অনুষ্ঠানটোৰ সফলতাত অৰিহণা যোগোৱা সকলো বিশিষ্ট ব্যক্তি, উদ্যোগৰ নেতৃবৃন্দ, নীতি নিৰ্ধাৰক, শিক্ষা আৰু প্ৰযুক্তিৰ সৈতে জড়িত ব্যক্তিসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

আজিৰ অনুষ্ঠানত ভৱিষ্যত দক্ষতা প্ৰদৰ্শন কৰা এক প্ৰদৰ্শনী  মাননীয় কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰী ৰাজীৱ চন্দ্ৰশেখৰে  উদ্বোধন কৰে আৰু  ষ্টাৰ্ট-আপৰ বহু  প্ৰতিনিধিৰ সৈতে বাৰ্তালাপ কৰে।



(Release ID: 2006446) Visitor Counter : 65