পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়
azadi ka amrit mahotsav

শ্ৰী নীতিন গাডকাৰীয়ে অসমত সদ্য নিৰ্ধাৰিত এনএইচ ৭১৫কেত মাজুলী আৰু যোৰহাট সংযোগী পেভ্ড ছোল্ডাৰ্ছযুক্ত এটা নতুন ২-লেন ঘাইপথৰ নিৰ্মাণৰ বাবে ৩৮২.১০ কোটি টকাৰ অনুমোদন দিয়ে

Posted On: 13 FEB 2024 4:22PM by PIB Guwahati

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে অসমত সদ্য নিৰ্ধাৰিত ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫কেত মাজুলী আৰু যোৰহাট সংযোগী পেভ্ড ছোল্ডাৰ্ছযুক্ত এটা নতুন ২-লেন ঘাইপথ নিৰ্মাণৰ বাবে ৩৮২.১০ কোটি টকা অনুমোদন জনায়। ইয়াৰ উপৰিও, ৰাষ্ট্ৰীয় ঘাইপথ-৭১৫ৰ ওপৰত এখন উৰণীয়া সেতু, এপ্ৰ’চ ৰোড আৰু ছাৰ্ভিচ ৰোডো এই প্ৰকল্পত অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ মুঠ দৈৰ্ঘ্য ২০.৪৭৯ কিলোমিটাৰ।

শ্ৰী গাডকাৰীয়ে এটা ছ’চিয়েল মিডিয়া পোষ্টত কয় যে এই পদক্ষেপসমূহৰ উদ্দেশ্য হৈছে যোৰহাট আৰু মাজুলীৰ মাজত প্ৰত্যক্ষ পথ সংযোগ স্থাপন কৰা, এতিয়ালৈকে এনে কোনো প্ৰত্যক্ষ পথ সংযোগ নাছিল আৰু প্ৰত্যক্ষ সংযোগ স্থাপন হ’লেই এই সমস্যা সমাধান হ’ব। তেওঁ কয় যে বৰ্তমান ইয়াৰ বাসিন্দাসকলে ব্ৰহ্মপুত্ৰ নদী পাৰ হ’বলৈ নাওৰ ওপৰত নিৰ্ভৰশীল, যাৰ ফলত বিশেষকৈ বানপানীৰ সময়ত সুৰক্ষাৰ চিন্তাৰ সৃষ্টি হয়।

শ্ৰী গাডকাৰীয়ে কয় যে লিংক ৰোড আৰু মাজুলী দলং নিৰ্মাণে নিৰন্তৰ সংযোগ সুনিশ্চিত কৰিব, যাৰ ফলত স্থানীয় জনসাধাৰণৰ আৰ্থ-সামাজিক অৱস্থা যথেষ্ট উন্নত হ’ব আৰু পৰ্যটনৰ প্ৰসাৰ ঘটিব। তেওঁ আৰু কয় যে এই কৌশলগত আন্তঃগাঁথনি বিনিয়োগে পথ ব্যৱহাৰকাৰীৰ বাবে যাত্ৰাৰ সময় আৰু বাহন পৰিচালনাৰ খৰচ হ্ৰাস কৰিব।

**********

 

MJPS/NSK


(Release ID: 2005679)
Read this release in: English , Urdu , Hindi , Telugu