গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰসিদ্ধ বিজ্ঞানী ডঃ এম এছ স্বামীনাথনজীক ভাৰত ৰত্নৰে সন্মানিত কৰাৰ সিদ্ধান্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে সন্তোষ প্ৰকাশ কৰিছে

গৃহমন্ত্ৰীয়ে কয়, আমাৰ আইকনক সৰ্বোচ্চ অসামৰিক বঁটাৰে সন্মানিত কৰাৰ ঐতিহাসিক সিদ্ধান্তৰ বাবে মই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীক ধন্যবাদ জনাইছোঁ

প্ৰসিদ্ধ বিজ্ঞানী ডঃ এম এছ স্বামীনাথনজীক ভাৰত ৰত্নৰে সন্মানিত কৰাটো আমাৰ দেশৰ প্ৰগতিৰ ভেটি স্থাপন কৰা মহান লোকসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতাৰ প্ৰমাণ

আমাৰ ইতিহাসে স্বামীনাথনজীক এক বিৰল প্ৰতিভা হিচাপে স্মৰণ কৰে, যাৰ বৈজ্ঞানিক দক্ষতাই আমাৰ দেশক খাদ্য সংকটৰ যুগৰ পৰা খাদ্য সুৰক্ষাৰ দিশে লৈ যোৱাৰ কঠিন কাম সম্পূৰ্ণ কৰিছিল

পোষ্ট কৰা হৈছে: 09 FEB 2024 3:35PM by PIB Guwahati

প্ৰসিদ্ধ বিজ্ঞানী ডঃ এম এছ স্বামীনাথনজীক ভাৰত ৰত্নৰে সন্মানিত কৰাৰ সিদ্ধান্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে সন্তোষ প্ৰকাশ কৰিছে।

এক্স প্লেটফৰ্মত এক পোষ্টত শ্ৰী অমিত শ্বাহে কয় যে "প্ৰসিদ্ধ বিজ্ঞানী ডঃ এম এছ স্বামীনাথনজীক ভাৰত ৰত্নৰে সন্মান জনোৱাটো আমাৰ দেশৰ প্ৰগতিৰ ভেটি স্থাপন কৰা মহান লোকলকলৰ প্ৰতি গভীৰ কৃতজ্ঞতাৰ প্ৰমাণ। আমাৰ ইতিহাসে স্বামীনাথনজীক এক বিৰল প্ৰতিভা হিচাপে স্মৰণ কৰে, যাৰ বৈজ্ঞানিক দক্ষতাই আমাৰ দেশক খাদ্য সংকটৰ যুগৰ পৰা খাদ্য সুৰক্ষাৰ দিশে লৈ যোৱাৰ কঠিন কাম সম্পূৰ্ণ কৰিছিল। এগৰাকী মহান শিক্ষাবিদ স্বামীনাথনজীৰ অনুসন্ধানসমূহে কেৱল অভূতপূৰ্ব গৱেষণাৰ কামেই কৰা নাই, তেওঁৰ এই সমৃদ্ধ উত্তৰাধিকাৰ আগুৱাই নিবলৈ অনেক প্ৰতিভাশালী লোককো গঢ়ি তুলিছিল। দেশৰ আইকনগৰাকীক সৰ্বোচ্চ অসামৰিক বঁটাৰে সন্মানিত কৰাৰ ঐতিহাসিক সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীক মই ধন্যবাদ জনাইছোঁ।"

************ 

RK / RR / AK/KG


(ৰিলিজ আই ডি : 2004931) অতিথি কক্ষ : 115
ত এই ৰিলিজটো পঢ়ক: English , Urdu , हिन्दी , Marathi , Tamil , Tamil