গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী পি ভি নৰসিংহ ৰাওজীক ‘ভাৰত ৰত্ন’ৰে সন্মানিত কৰাৰ সিদ্ধান্তত আনন্দ প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে

গৃহমন্ত্ৰীয়ে কয়, আমি পি ভি নৰসিংহ ৰাও জীৰ বহুমুখী নেতৃত্ব উদযাপন কৰাৰ মুহূৰ্ততে মই ৰাজনৈতিক আৰু বৌদ্ধিক ক্ষেত্ৰৰ বিশাল ব্যক্তিত্বগৰাকীক আটাইতকৈ সন্মানীয় বঁটাৰে সন্মানিত কৰাৰ সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো

প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও ‘গাৰু’লৈ ‘ভাৰত ৰত্ন’ হৈছে কিংবদন্তি ৰাজনীতিবিদজনৰ প্ৰতি এক উপযুক্ত শ্ৰদ্ধাঞ্জলি যিয়ে আমাৰ দেশৰ ইতিহাসক এক দূৰদৃষ্টিসম্পন্ন, বুদ্ধিদীপ্ত আৰু দেশপ্ৰেমৰ ৰাজনীতিৰে গঢ় দিছিল

আটাইতকৈ অস্থিৰ সময়ৰ মাজেৰে আমাৰ অৰ্থনীতিক সামগ্ৰিক প্ৰগতিৰ যুগলৈ সুৰক্ষিতভাৱে আগুৱাই অনাত পি ভি নৰসিংহ ৰাও জীৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব

प्रविष्टि तिथि: 09 FEB 2024 3:44PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী পি ভি নৰসিংহ ৰাওজীক ‘ভাৰত ৰত্ন’ৰে সন্মানিত কৰাৰ সিদ্ধান্তত আনন্দ প্ৰকাশ কৰিছে।

‘এক্স প্লেটফৰ্ম’ত কৰা  তেওঁৰ ‘পোষ্ট’ত শ্ৰী অমিত শ্বাহে কয় যে "প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাও ‘গাৰু’লৈ ‘ভাৰত ৰত্ন’ প্ৰদানৰ সিদ্ধান্ত হৈছে কিংবদন্তি ৰাজনীতিবিদগৰাকীৰ প্ৰতি এক উপযুক্ত শ্ৰদ্ধাঞ্জলি, যিয়ে আমাৰ দেশৰ ইতিহাসক এক দূৰদৃষ্টিসম্পন্ন, বুদ্ধিদীপ্ত আৰু দেশপ্ৰেমৰ ৰাজনীতিৰে গঢ় দিছিল। আটাইতকৈ অস্থিৰ সময়ৰ মাজেৰে আমাৰ অৰ্থনীতিক সামগ্ৰিক প্ৰগতিৰ যুগলৈ সুৰক্ষিতভাৱে আগুৱাই অনাত পি ভি নৰসিংহ ৰাও জীৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। পি ভি নৰসিংহ ৰাও জীৰ বহুমুখী নেতৃত্বক উদযাপন কৰাৰ সময়ত, ৰাজনৈতিক আৰু বৌদ্ধিক ক্ষেত্ৰৰ বিশাল ব্যক্তিত্বগৰাকীক দেশৰ আটাইতকৈ সন্মানীয় বঁটাৰে সন্মানিত কৰাৰ সিদ্ধান্তৰ বাবে মই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।"

*****

RK / RR / AK/KB


(रिलीज़ आईडी: 2004926) आगंतुक पटल : 143
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Tamil