গৃহ মন্ত্ৰালয়

‘গণৰাজ্য দিৱস’ৰ প্ৰাকমুহূৰ্তত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ‘ভাইব্ৰেণ্ট ভিলেজ’ৰ বিশেষ অতিথিসকলৰ সৈতে বাৰ্তালাপ কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভাইব্ৰেণ্ট ভিলেজ’ কাৰ্যসূচীৰ জৰিয়তে হৃদয়ক কাষ চপাই আনিছে

দেশৰ প্ৰথম খন গাঁও বিকশিত নহ'লে এখন উন্নত ভাৰত সৃষ্টি কৰিব নোৱাৰি

Posted On: 25 JAN 2024 7:42PM by PIB Guwahati

‘গণৰাজ্য দিৱস’ৰ প্ৰাকমুহূৰ্তত কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ‘ভাইব্ৰেণ্ট ভিলেজ’ৰ বিশেষ অতিথিসকলৰ সৈতে বাৰ্তালাপ কৰে। এই উপলক্ষে ধৰিত্ৰী বিজ্ঞান দপ্তৰৰ মন্ত্ৰী শ্ৰী কিৰেন ৰিজিজু, তথ্য আৰু সম্প্ৰচাৰ আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু গৃহ আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ৰাজ্যিক মন্ত্ৰী শ্ৰী নিশিথ প্ৰমাণিককে ধৰি বহুতো বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

বিশেষ অতিথিসকলৰ সৈতে বাৰ্তালাপ কৰি শ্ৰী অমিত শ্বাহে কয় যে ভাৰতৰ সীমান্তৱৰ্তী গাঁও আৰু দিল্লীৰ মাজৰ দূৰত্ব সুদীৰ্ঘ হ'ব পাৰে, পিচে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভাইব্ৰেণ্ট ভিলেজ’ কাৰ্যসূচীৰ জৰিয়তে হৃদয়ক কাষ চপাই আনিছে। তেওঁ কয় যে দেশৰ প্ৰথমখন গাঁও বিকশিত নহ'লে এখন উন্নত ভাৰত গঢ়ি তুলিব নোৱাৰি। শ্ৰী শ্বাহে কয় যে, সেয়েহে প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বাস কৰে যে সীমান্তৱৰ্তী গাঁওখন দেশৰ অন্তিম খন গাঁও নহয়, বৰঞ্চ দেশৰ প্ৰথমখন গাঁওহে। তেওঁ কয় যে আগতে প্ৰাথমিক সা-সুবিধাৰ অভাৱৰ বাবে এই সীমান্তৱৰ্তী গাঁওসমূহৰ পৰা প্ৰব্ৰজন হৈছিল, কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে স্থানীয় লোকসকলক মৌলিক সা-সুবিধা প্ৰদান কৰি ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীৰ জৰিয়তে প্ৰব্ৰজন হ্ৰাস কৰাৰ প্ৰয়াস কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে অৰুণাচল প্ৰদেশ, ছিকিম, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু লাডাখৰ ১৯টা সীমান্ত অঞ্চলৰ ৩,০০০ খন গাঁও ‘ভাইব্ৰেণ্ট ভিলেজ’ কাৰ্যসূচীৰ অধীনত সামৰি লোৱা হৈছে আৰু এই কাৰ্যসূচী ১০ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব। তেওঁ কয় যে আঁচনিখনৰ প্ৰথম পৰ্যায়ত ৬৬২ খন গাঁৱক মুঠ ১,৪২,০০০ জনসংখ্যাৰে সামৰি লোৱা হৈছে আৰু চৰকাৰে ইয়াৰ বাবে ৪৮০০ কোটি টকা ব্যয় কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে ‘ভাইব্ৰেণ্ট ভিলেজ’ কাৰ্যসূচীৰ ৩টা উদ্দেশ্য আছে- পৰ্যায়ক্ৰমে দেশৰ প্ৰথমখন গাঁৱৰ সামগ্ৰিক বিকাশ, সীমান্তৱৰ্তী গাঁওসমূহৰ পৰা প্ৰব্ৰজন বন্ধ কৰা আৰু স্থানীয় সংস্কৃতি সংৰক্ষণ কৰা আৰু গাঁওসমূহত সকলো ধৰণৰ সংযোগ, মৌলিক সা-সুবিধা আৰু আন্তঃগাঁথনিৰ বিকাশ উন্নত কৰা। তেওঁ কয় যে এই অঞ্চলসমূহত ২৫০০ কোটি টকাৰ ব্যয়ৰে পথ নিৰ্মাণ কৰা হৈছে, যাৰ ফলত জনসাধাৰণৰ বাবে যোগাযোগ বৃদ্ধি পাব। শ্ৰী শ্বাহে কয় যে স্বাধীনতাৰ ৭০ বছৰত এই গাঁওসমূহৰ আন্তঃগাঁথনিৰ বিকাশৰ বাবে ব্যয় কৰা পৰিমাণৰ তুলনাত নৰেন্দ্ৰ মোদী চৰকাৰে কেৱল যোৱা ৫টা বছৰত এই গাঁওসমূহৰ উন্নয়নৰ বাবে ইয়াৰ দুগুণতকৈয়ো অধিক পুঁজি ব্যয় কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ‘ভাইব্ৰেণ্ট ভিলেজ’ কাৰ্যসূচীৰ অধীনত অন্তৰ্ভুক্ত গাঁওসমূহত গ্ৰাম্য উন্নয়নৰ বাবে ২২০ খনতকৈয়ো অধিক চৰকাৰী আঁচনিৰ ১০০ শতাংশ পৰিপূৰ্ণতা নিশ্চিত কৰা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে গণৰাজ্য দিৱস উপলক্ষে নতুন দিল্লী ভ্ৰমণ কৰা ‘ভাইব্ৰেণ্ট ভিলেজ’ৰ ‘পঞ্চ’, ‘চৰপঞ্চ’ আৰু তেওঁলোকৰ লগত থকা লোকসকল প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অতিথি আৰু তেওঁ তেওঁলোকৰ সম্পূৰ্ণ যত্ন লৈছে। শ্ৰী শ্বাহে কয় যে গণৰাজ্য দিৱসৰ কুচকাৱাজ হৈছে ভাৰতৰ সংস্কৃতি, সামৰিক আৰু জনশক্তিৰ প্ৰদৰ্শন, যিটো সমগ্ৰ বিশ্বই আশ্চৰ্যচকিত হৈ প্ৰত্যক্ষ কৰে।

‘ভাইব্ৰেণ্ট ভিলেজ’ৰ ‘পঞ্চ’ আৰু ‘চৰপঞ্চ’সকলে তেওঁলোকৰ পৰিয়ালৰ সৈতে কৰ্তব্য পথত এই বছৰৰ গণৰাজ্য দিৱসৰ কুচকাৱাজ ভাৰত চৰকাৰৰ "বিশেষ অতিথি" হিচাপে প্ৰত্যক্ষ কৰিব। গৃহ মন্ত্ৰালয়ে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে মিলি বিশেষ অতিথিসকলক আতিথ্য প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নেতৃত্বত দেশৰ "কোনো নাগৰিক বাদ পৰি নাযায়" আৰু "প্ৰথম খন গাঁও" হিচাপে যাতে সীমান্তৱৰ্তী গাওঁসমূহৰ দৃষ্টিভংগী উপলব্ধি কৰিবলৈ ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী আৰম্ভ কৰি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ লক্ষ্য হৈছে অৰুণাচল প্ৰদেশ, ছিকিম, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু লাডাখৰ সীমান্ত খণ্ডত অৱস্থিত নিৰ্বাচিত গাওঁসমূহৰ ব্যাপক বিকাশ সাধন কৰা।

 

‘ভাইব্ৰেণ্ট ভিলেজ’ৰ বিশেষ অতিথিসকলে প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়ো দৰ্শন কৰে। ২৭ জানুৱাৰীত তেওঁলোকে "ভাৰত পৰ্ব"ত অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে ২৭ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ‘এনচিচি কেডেট’সকলৰ "পিএম ৰেলী" চাবলৈ বিশেষ অতিথিসকলকো আমন্ত্ৰণ জনোৱা হৈছে।

*****

RK/ ASH/PR/ AK/KB



(Release ID: 1999787) Visitor Counter : 51


Read this release in: English , Urdu , Hindi