ৰাষ্ট্ৰপতি সচিবালয়

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মেঘালয় গেমছৰ পঞ্চম সংস্কৰণ উদ্বোধন কৰে

বৈচিত্ৰ্য হৈছে আমাৰ দেশৰ সৌন্দৰ্য আৰু আমি ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ বিশ্বব্যাপী ভাবমূৰ্তি অধিক বৃদ্ধি কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা উচিত: ৰাষ্ট্ৰপতি মুৰ্মু

Posted On: 15 JAN 2024 7:23PM by PIB Guwahati

ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (১৫ জানুৱাৰী, ২০২৪) মেঘালয়ৰ তুৰাত মেঘালয় গেমছৰ পঞ্চম সংস্কৰণ উদ্বোধন কৰে। 

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে উত্তৰ-পূৰ্বাঞ্চলত ক্ৰীড়া আৰু খেলুৱৈসকলৰ বিকাশৰ যথেষ্ট সম্ভাৱনা আছে। তেওঁ লগতে উল্লেখ কৰে যে এই অঞ্চলটোত পৰম্পৰাগতভাৱে এক শক্তিশালী ক্ৰীড়া সংস্কৃতি আছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বৈচিত্ৰ্য হৈছে আমাৰ দেশৰ সৌন্দৰ্য আৰু আমি ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ বিশ্বজুৰি ভাবমূৰ্তি অধিক বৃদ্ধি কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা উচিত। তেওঁ জনজাতীয় অঞ্চলৰ প্ৰতিভাক সমৰ্থন কৰা আৰু তেওঁলোকক পেছাদাৰী খেলুৱৈ হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

উত্তৰ-পূৰ্বাঞ্চলৰ সমাজখনে মহিলাসকলক খেলিবলৈ আৰু ক্ৰীড়াক এক বৃত্তি হিচাপে যোগদান কৰিবলৈ উৎসাহিত কৰাৰ কথা উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে উত্তৰ-পূৰ্বাঞ্চলে বহুতো মহান মহিলা খেলুৱৈ প্ৰস্তুত কৰিছে। তেওঁ এই অঞ্চলত দুঃসাহসিক ক্ৰীড়া, দুঃসাহসিক পৰ্যটনৰ সম্ভাৱনা আৰু ইয়াক অগ্ৰাধিকাৰৰ ওপৰত অন্বেষণ আৰু সুবিধা প্ৰদানৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শেহতীয়া বছৰবোৰত ভাৰতৰ ক্ৰীড়া সংস্কৃতি যথেষ্ট বিকশিত হৈছে। চৰকাৰৰ নতুন পদক্ষেপ আৰু খেলুৱৈসকলক উৎসাহিত কৰাৰ ফলত ভাৰতীয় খেলুৱৈসকলে এতিয়া বিশ্বজুৰি প্ৰতিযোগিতাত পূৰ্বতকৈ অধিক পদক জিকিছে। খেলো ইণ্ডিয়াৰ দৰে কাৰ্যসূচীয়ে ভৱিষ্যতৰ ক্ৰীড়া চেম্পিয়নসকলক চিনাক্ত কৰি আগৱঢ়াই নিয়াত সহায় কৰিছে। তেওঁ কয় যে ভাৰতে বৃহৎ পৰিমাণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া আৰু অন্যান্য অনুষ্ঠান আয়োজন কৰাৰ সামৰ্থ্যও প্ৰদৰ্শন কৰিছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে শিশু আৰু যুৱক-যুৱতীসকলক কমেও এটা খেল শিকিবলৈ আৰু ক্ৰীড়া কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে তেওঁলোকে ক্ৰীড়াক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিব পাৰে বা নকৰিবও পাৰে কিন্তু একেলগে খেলিলে তেওঁলোকৰ শাৰীৰিক-মানসিকভাৱে সুস্থ ৰখাৰ উপৰিও তেওঁলোকৰ ব্যক্তিত্বত দলীয় মনোভাৱ গঢ়ি উঠিব।

ৰাষ্ট্ৰপতিয়ে কয় যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই খেলসমূহ অনুষ্ঠিত কৰাৰ চৰকাৰৰ এই সিদ্ধান্ত এক আদৰণিমূলক পদক্ষেপ আৰু ই জনসাধাৰণৰ মাজত এনে অনুষ্ঠানৰ বিস্তৃত প্ৰসাৰ নিশ্চিত কৰিব। তেওঁ শেষত কয় যে মেঘালয় গেমছৰ দৰে অনুষ্ঠানসমূহে খেলুৱৈসকলক উৎকৃষ্টতাৰ বাবে উৎসাহিত কৰিব, প্ৰতিযোগিতামূলক তাৎপৰ্য বৃদ্ধি কৰিব আৰু এক জীৱন্ত ক্ৰীড়া পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিব।

Please click here to see the President's Speech

DS/BM/AR

 



(Release ID: 1996427) Visitor Counter : 63


Read this release in: English , Urdu , Hindi , Punjabi