কেবিনেট
কেবিনেটে পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সামগ্ৰিক আঁচনি ‘পৃথিৱী বিজ্ঞান (PRITHVI)’ত অনুমোদন জনায়
प्रविष्टि तिथि:
05 JAN 2024 1:11PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সামগ্ৰিক আঁচনি “পৃথিৱী বিজ্ঞান (PRITHvi VIgyan-PRITHVI)”ত অনুমোদন জনাইছে। ২০২১-২৬ৰ ভিতৰত সামগ্ৰিকভাৱে ৪,৭৯৭ কোটি টকা ব্যয়সাপেক্ষে ইয়াৰ ৰূপায়ণ কৰা হ’ব। এই আঁচনিখনে পাঁচ অব্যাহত উপ-আঁচনিক সামৰি লৈছে যথাঃ “বায়ুমণ্ডল আৰু জলবায়ু গৱেষণা-মডেলিং পৰ্য্যবেক্ষণ ব্যৱস্থা আৰু সেৱা (ACROSS)”, “সাগৰ সেৱা, মডেলিং প্ৰয়োগ, সম্পদ আৰু প্ৰযুক্তি (O-SMART)”, “মেৰু বিজ্ঞান আৰু ক্ৰাইঅ’স্ফিয়াৰ গৱেষণা (PACER )”, “ভূমিকম্পবিজ্ঞান আৰু ভূ-বিজ্ঞান (SAGE)” আৰু “গৱেষণা, শিক্ষা, প্ৰশিক্ষণ আৰু প্ৰসাৰ (REACHOUT)”।
সামগ্ৰিক পৃথিৱী আঁচনিখনৰ প্ৰধান উদ্দেশ্যসমূহ হ’লঃ
· পৃথিৱী ব্যৱস্থা আৰু পৰিৱৰ্তনৰ গুৰুত্বপূৰ্ণ লক্ষণসমূহ চিনাক্তকৰণৰ অৰ্থে বায়ুমণ্ডল, সাগৰ, ভূমণ্ডল, ক্ৰাইঅ’স্ফিয়াৰ আৰু কঠিন বিশ্বৰ দীৰ্ঘম্যাদী পৰ্য্যবেক্ষণ বৃদ্ধি আৰু বহনক্ষমতা
· বতৰ, সাগৰ আৰু জলবায়ুৰ বিপদ বুজিবলৈ আৰু ভৱিষ্যদ্বাণী কৰিবলৈ তথা জলবায়ু পৰিৱৰ্তনৰ বিজ্ঞান বুজিবলৈ মডেলিং ব্যৱস্থাৰ বিকাশ
· নতুন পৰিঘটনা আৰু সম্পদ আৱিষ্কাৰৰ দিশত পৃথিৱীৰ মেৰু আৰু উচ্চ সাগৰীয় অঞ্চলৰ অন্বেষণ;
· সমাজৰ প্ৰয়োগৰ বাবে সাগৰীয় সম্পদৰ অন্বেষণ আৰু বহনক্ষম ব্যৱহাৰৰ বাবে প্ৰযুক্তিৰ বিকাশ
· পৃথিৱী ব্যৱস্থা বিজ্ঞানৰপৰা জ্ঞান আৰু অন্তৰ্দৃষ্টিক সমাজ, পৰিবেশ আৰু অৰ্থনৈতিক লাভৰ বাবে সেৱালৈ ৰূপান্তৰিত কৰা।
বতৰ, জলবায়ু, সাগৰ আৰু উপকূলীয় অৱস্থা, জলবিজ্ঞান, ভূমিকম্প বিজ্ঞান আৰু প্ৰাকৃতিক বিপদৰ বাবে সেৱা প্ৰদানৰ ক্ষেত্ৰত সমাজৰ বাবে বিজ্ঞানক সেৱালৈ ৰূপান্তৰিতকৰণৰ অৰ্থে পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ক (MoES) দায়িত্ব দিয়া হৈছে; দেশৰ বাবে বহনক্ষমভাৱে সাগৰীয় জীৱিত আৰু অজীৱ সম্পদসমূহ অন্বেষণ আৰু ব্যৱহাৰ কৰা আৰু পৃথিৱীৰ তিনিটা মেৰু (আৰ্কটিক, এন্টাৰ্কটিক আৰু হিমালয়) অন্বেষণ কৰা। এই সেৱাসমূহৰ ভিতৰত বতৰৰ পূৰ্বাভাস (স্থল আৰু মহাসাগৰ উভয়তে) আৰু গ্রীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ, ধুমুহা, বানপানী, গ্ৰীষ্ম প্ৰৱাহ, বজ্ৰপাত আৰু বিজুলীৰ দৰে ভিন্ন প্ৰাকৃতিক দুৰ্য্যোগৰ সতৰ্কবাণী; চুনামিৰ বাবে সতৰ্কবাণী আৰু ভূমিকম্পৰ নিৰীক্ষণ আদি। মন্ত্ৰালয়ে প্ৰদান কৰা সেৱাসমূহ ভিন্ন সংস্থা আৰু ৰাজ্য চৰকাৰে মানৱ জীৱন ৰক্ষা আৰু প্ৰাকৃতিক দুৰ্য্যোগৰ ফলত হোৱা সম্পত্তিৰ ক্ষতি হ্ৰাসৰ বাবে ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰি আছে।
মন্ত্ৰালয়ৰ গৱেষণা আৰু উন্নয়ন আৰু কাৰ্য্যকৰী (সেৱা) কাৰ্য্যকলাপসমূহ মন্ত্ৰালয়ৰে দহটা প্ৰতিষ্ঠানে সম্পন্ন কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (IMD), নেচনেল চেন্টাৰ ফৰ মিডিয়াম ৰেঞ্জ ৱেদাৰ ফৰকাষ্টিং (NCMRWF), চেন্টাৰ ফৰ মেৰিন লিভিং ৰিচ’ৰ্চ এণ্ড ইক’লজি (CMLRE), নেচনেল চেন্টাৰ ফৰ ক’ষ্টেল ৰিচাৰ্চ (NCCR), নেচনেল চেইজম’লজী চেন্টাৰ (NCS), নেচনেল ইনষ্টিটিউট অৱ অ’চেন প্ৰযুক্তি (NIOT), ইণ্ডিয়ান নেচনেল চেন্টাৰ ফৰ অ’চেন ইনফৰ্মেচন চাৰ্ভিচ (INCOIS), হায়দৰাবাদ, নেচনেল চেন্টাৰ ফৰ প’লাৰ এণ্ড অ’চেন ৰিচাৰ্চ (NCPOR), গোৱা, ইণ্ডিয়ান ইনষ্টিটিউট অৱ ট্ৰপিকেল মেটিঅ’ৰ’লজী (IITM), পুনে আৰু নেচনেল চেন্টাৰ ফৰ আৰ্থ ছায়েন্স ষ্টাডিজ (NCESS)য়ে এয়া সম্পন্ন কৰে।
পৃথিৱী ব্যৱস্থা বিজ্ঞানে পৃথিৱী ব্যৱস্থাৰ পাঁচোটা উপাদানঃ বায়ুমণ্ডল, জলমণ্ডল, ভূমণ্ডল, ক্ৰাইঅ’স্ফিয়াৰ আৰু জৈৱমণ্ডল তথা ইয়াৰ জটিল পাৰস্পৰিক ক্ৰিয়াৰ বিষয়ে আলোচনা কৰে। পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ে (MoES) পৃথিৱী ব্যৱস্থা বিজ্ঞানৰ সৈতে জড়িত সকলো দিশৰ সৈতে সামগ্ৰিকভাৱে মোকাবিলা কৰে। এই আঁচনিখনে পৃথিৱী ব্যৱস্থাৰ পাঁচোটা উপাদানেৰে সামগ্ৰিকভাৱে মোকাবিলাৰে দেশৰ বাবে নিৰ্ভৰযোগ্য সেৱা আগবঢ়াব। এই আঁচনিৰ ভিন্ন উপাদানসমূহ আন্তঃনিৰ্ভৰশীল আৰু ইয়াক মন্ত্ৰালয়ৰ অধীনত সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহৰ সংযুক্ত প্ৰচেষ্টাৰ জৰিয়তে একত্ৰিতভাৱে সম্পন্ন কৰা হয়। পৃথিৱী বিজ্ঞানৰ সামগ্ৰিক আঁচনিখনে মন্ত্ৰালয়ৰ ভিন্ন প্ৰতিষ্ঠানত সংহত বহু-বিষয়ক পৃথিৱী বিজ্ঞান গৱেষণা আৰু উদ্ভাৱনী কাৰ্য্যসূচীৰ বিকাশ সাধন কৰিব। এই সংহত অনুসন্ধান আৰু বিকাশ প্ৰচেষ্টাসমূহে বতৰ আৰু জলবায়ু, সাগৰ, ক্ৰাইঅ’স্ফিয়াৰ, ভূমিকম্পবিজ্ঞান বিজ্ঞান আৰু সেৱাসমূহৰ ভৱিষ্যৎ প্ৰত্যাহ্বানসমূহেৰে মোকাবিলাত সহায় কৰিব আৰু ইয়াৰ বহনক্ষম ব্যৱহাৰৰ বাবে জীৱিত আৰু অজীৱিত সম্পদসমূহৰ সন্ধান কৰিব।
******
DS/SKS/SB
(रिलीज़ आईडी: 1993430)
आगंतुक पटल : 168
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Nepali
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam