প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অযোধ্যাত ভগৱান শ্ৰী ৰামক আদৰণি জনোৱাক লৈ সমগ্ৰ দেশ আনন্দিতঃ প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
04 JAN 2024 12:09PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অযোধ্যাত ভগৱান শ্ৰী ৰামক আদৰণি জনোৱাৰ বাবে সকলোৱে বিভিন্ন ধৰণে নিজৰ অনুভূতি ব্যক্ত কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে সমগ্ৰ দেশ উৎসাহী আৰু ভক্তসকল এই পৱিত্ৰ দিনটোত ৰাম লালাৰ ভক্তিত নিমজ্জিত হৈ আছে।
শ্ৰী মোদীয়ে ভগৱান শ্ৰী ৰামৰ নামত উৎসৰ্গিত হংসৰাজ ৰঘুবংশীৰ ভজনো সামাজিক মাধ্যমযোগে সকলোৱে শুনিব পৰাকৈ প্ৰচাৰ কৰে।
এক্স’ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
"অযোধ্যাত ভগৱান শ্ৰী ৰামক আদৰণি জনোৱাক লৈ সমগ্ৰ দেশ ৰামময় হৈ পৰিছে। ৰাম লালাৰ প্ৰতি ভক্তিত নিমজ্জিত ভক্তসকলে এই পৱিত্ৰ দিনটোৰ বাবে বিভিন্ন ধৰণে তেওঁলোকৰ অনুভূতি প্ৰকাশ কৰিছে। ভগৱান শ্ৰী ৰামৰ নামত উৎসৰ্গিত হংসৰাজ ৰঘুবংশীজীৰ এই ভজনটো শুনক...
#ShriRamBhajan"
***
DS/ST/ MK/ID
(ৰিলিজ আই ডি : 1993167)
অতিথি কক্ষ : 134
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam