উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমে গুৱাহাটীত স্থাপন কৰিব অষ্টলক্ষ্মী হাট আৰু অভিজ্ঞতা কেন্দ্ৰ
বাক্সাস্থিত ইন্টিগ্ৰেটেড টেক্সটাইল পাৰ্কত উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমে স্থাপন কৰিছে এৰি স্পিনিং প্লাণ্ট
এম এছ এম ই মন্ত্ৰালয়ৰ এছপায়াৰ আঁচনিৰ অধীনত উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমে গহনা আৰু হস্তশিল্প ইনকিউবেচন চেণ্টাৰত অনুমোদন জনায়
পোষ্ট কৰা হৈছে:
01 JAN 2024 3:42PM by PIB Guwahati
উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমে শিল্পীসকলক সম্ভাৱ্য বজাৰ আৰু গ্ৰাহকৰ সৈতে সংযোগ স্থাপন, হস্তশিল্প আৰু গ্ৰাহকৰ বাবে সাংস্কৃতিক মূল্য সংযোজনৰ বাবে অৰ্থনৈতিক, সাংস্কৃতিক, সামাজিক সুযোগ প্ৰদান কৰি অঞ্চলটোৰ থলুৱা শিল্পকলাৰ বিকাশ আৰু প্ৰচাৰৰ বাবে চেষ্টা চলাইছে।
এই নিগমে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্য ক্ৰমে অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰালৈ বিভিন্ন ধৰণৰ সামগ্ৰী আগবঢ়ায়। সংস্থাটোৱে সমগ্ৰ অঞ্চলটোৰ শিপিনীসকলৰ পৰা হস্তশিল্প আৰু হস্ততাঁত সামগ্ৰী ক্ৰয় কৰি খুচুৰা বিক্ৰী কৰে। ইয়াৰ উপৰিও ই প্ৰদৰ্শনী, বাণিজ্য মেলাৰ জৰিয়তে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত সামগ্ৰীৰ প্ৰচাৰ কৰে। শিল্পী আৰু শিপিনীৰ দক্ষতা, জ্ঞান উন্নীতকৰণৰ বাবে নিগমে প্ৰশিক্ষণ কাৰ্যসূচী আৰু আলোচনা চক্ৰৰো আয়োজন কৰে।
নৰ্থ ইষ্টাৰ্ণ হেণ্ডিক্ৰাফ্টছ এণ্ড হেণ্ডলুম ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেডে ৭.৬ কোটি টকাৰ প্ৰকল্প ব্যয়ৰে গুৱাহাটীত অষ্টলক্ষ্মী হাট আৰু অভিজ্ঞতা কেন্দ্ৰ স্থাপন কৰিছে। এই হাটত ২৪খন স্থায়ী ষ্টল থাকিব, য’ত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ শিপিনীৰ বজাৰ প্ৰৱেশৰ সুবিধা হোৱাৰ লগতে বহিঃৰাজ্যৰ শিপিনীসকলকে থাকিব পৰাকৈ এটা শিপিনী আৱাসগৃহ থাকিব।
উত্তৰ পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমে ১৪.৯২ কোটি টকাৰ প্ৰকল্প ব্যয়ৰে বাক্সাৰ মুছলপুৰৰ ইন্টিগ্ৰেটেড টেক্সটাইল পাৰ্কত এৰি ৰেচম স্পিনিং প্লাণ্ট স্থাপন কৰিছে। ইয়াৰ জৰিয়তে ৩৭৫ জন ব্যক্তিক প্ৰত্যক্ষ কৰ্মসংস্থাপন আৰু প্ৰায় ২৫,০০৩ টা পৰিয়ালক পৰোক্ষভাৱে জীৱিকাৰ ব্যৱস্থা কৰা হৈছে। এই উদ্যোগটো কাৰ্যক্ষম হোৱাৰ পিছত প্ৰতিদিনে ৪৫০ কিলোগ্ৰাম এৰি ৰেচমৰ সূতা উৎপাদন কৰিব পৰা হ’ব।
উত্তৰ-পূবৰ ৭ খন ৰাজ্যৰ (ছিকিমৰ বাহিৰে) ১০,০০০ শিপিনীক সামৰি ১৪.৯২ কোটি টকাৰ প্ৰকল্প ব্যয়ৰে ডিজিটাইজেচন, প্ৰমাণীকৰণ আৰু অনুসন্ধানযোগ্যতাৰ জৰিয়তেও উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমে বজাৰ উন্নয়নৰ ব্যৱস্থা কৰিছে। অনুমান কৰা হৈছে যে উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমৰ এই পদক্ষেপে অহা ২-৩ বছৰত শিপিনীৰ আয় ২০-৩০ শতাংশ বৃদ্ধি কৰিব। প্ৰকল্প ৰূপায়ণৰ অংশ হিচাপে ছিকিমৰ বাহিৰে উত্তৰ-পূব ৰাজ্যসমূহৰ পৰা ১০ হাজাৰৰো অধিক সক্ৰিয় তাঁতশাল বয়নক চিনাক্ত কৰি পঞ্জীয়ন কৰা হৈছে।
ভাৰত চৰকাৰৰ ক্ষুদ্ৰ, কুটীৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ এছপায়াৰ আঁচনিৰ অধীনত অজীৱিকা বিজনেছ ইনকিউবেটৰছ (এল বি আই) কৰ্পৰেশ্যনে উত্তৰ-পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগমত গহনা আৰু হস্তশিল্প ইনকিউবেচন চেণ্টাৰ স্থাপনৰ বাবে অনুমোদন লাভ কৰিছে। ইয়াৰ বাজেট ব্যয় হ’ব ১.৯ কোটি টকা।


জি-২০ সন্মিলন ২০২৩ ত 'ইণ্ডিয়ান ক্ৰাফ্টবজাৰ'
*****
MG/MS/VL/AR
(ৰিলিজ আই ডি : 1992352)
অতিথি কক্ষ : 153