তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
আজি নতুন দিল্লীৰ মেহৰম নগৰত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী মীনাক্ষী লেখী আৰু শ্ৰী চন্দ্ৰশেখৰৰ নেতৃত্বত অনুষ্ঠিত হয় বিকশিত ভাৰত সংকল্প যাত্ৰা
আমাৰ দেশৰ শক্তি দৰিদ্ৰ, গাওঁ আৰু মাতৃ, ভগ্নী আৰু যুৱসকলৰ সাধাৰণ বাসস্থানৰ ভিতৰত নিহিত হৈ আছে - শ্ৰীমতী মীনাক্ষী লেখি
Posted On:
27 DEC 2023 6:17PM by PIB Guwahati
আজি নতুন দিল্লীৰ মেহৰম নগৰত অনুষ্ঠিত হোৱা বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু সাংস্কৃতিক ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী মীনাক্ষী লেখী, দক্ষতা বিকাশ, উদ্যোগীকৰণ, ইলেকট্ৰনিক্স, তথ্য-প্ৰযুক্তি আৰু জল শক্তিৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰাজীৱ চন্দ্ৰশেখৰে।
শ্ৰীমতী লেখীয়ে বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰি কয় যে এই কাৰ্যসূচীয়ে চৰকাৰী আঁচনিসমূহক পোনপটীয়াকৈ ৰাইজৰ মাজলৈ লৈ যোৱাৰ এক মঞ্চ হিচাপে কাম কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ গাৰেণ্টীসমূহ সাধাৰণ ৰাইজৰ বাবে সুলভ কৰি তোলাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। লগতে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা, প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি, আয়ুষ্মান ভাৰত আৰু উজ্জ্বলা যোজনাকে ধৰি কল্যাণমূলক আঁচনিসমূহৰ সামগ্ৰিক ৰূপায়ণ নিশ্চিত কৰা এই যাত্ৰাৰ লক্ষ্য বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত প্ৰদান কৰা উদ্বোধনী ভাষণৰ কথা সোঁৱৰাই শ্ৰীমতী লেখীয়ে কয়, " দৰিদ্ৰক সহায় কৰা, কৃষকৰ উত্থান আৰু মহিলাৰ সবলীকৰণৰ বাবে আমাৰ চৰকাৰ উৎসৰ্গিত। আমাৰ দেশৰ শক্তি দৰিদ্ৰ, গাওঁ আৰু মাতৃ, ভগ্নী আৰু যুৱসকলৰ সাধাৰণ বাসস্থানৰ ভিতৰত নিহিত হৈ আছে।"
কাৰ্যসূচীত দুয়োগৰাকী মন্ত্ৰীয়ে বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ সাফল্যৰ ওপৰত আলোচনা কৰি শিপিনীসকলৰ সৱলীকৰণৰ বাবে চৰকাৰৰ দায়বদ্ধতাক আলোকপাত কৰে।তেওঁ প্ৰকাশ কৰে যে এই আঁচনিৰ জৰিয়তে দৈনিক ৫০০ টকা মজুৰি, ১৫,০০০ টকাৰ সা-সৰঞ্জাম, দক্ষতা প্ৰশিক্ষণৰ সময়ত ২,০০,০০০ টকা পৰ্যন্ত ঋণ আদি বিভিন্ন সুবিধা প্ৰদান কৰা হয়। একেদৰে এই আঁচনিয়ে দক্ষ কৰ্মশক্তিৰ সামগ্ৰিক বিকাশ নিশ্চিত কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সামাজিক ন্যায়ৰ প্ৰতি থকা দায়বদ্ধতাৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে দেশত দ্ৰুতগতিত বৃদ্ধি পোৱা বিমানবন্দৰৰ সংখ্যাও ৰাষ্ট্ৰীয় প্ৰগতিৰ এক সুনিৰ্দিষ্ট নিদৰ্শন। এক দশকতকৈ কম সময়ৰ ভিতৰত দেশত বিমানবন্দৰৰ সংখ্যা ৭০ৰ পৰা ১৪৮টালৈ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। কেন্দ্ৰীয়মন্ত্ৰী লেখীয়ে কয় যে চৰকাৰৰ আন এটা উল্লেখযোগ্য পদক্ষেপ হৈছে মুদ্ৰা ঋণ আঁচনি, যিয়ে ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিব বিচৰা অগণন ব্যক্তিৰ বাবে এক গুৰুত্বপূৰ্ণ আৰ্থিক জীৱনৰেখা হিচাপে কাম কৰিছে। ইয়াৰ উপৰিও অৰ্থনৈতিক উন্নয়ন আৰু আত্মনিৰ্ভৰশীলতাক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে আত্মসহায়ক গোটসমূহক যথেষ্ট সহায় আগবঢ়োৱা হৈছে। তেওঁ কয় যে এই পদক্ষেপে ব্যক্তি আৰু সম্প্ৰদায় উভয় পৰ্যায়ত উদ্যোগীকৰণক সমৰ্থন আৰু অৰ্থনৈতিক স্বাধীনতাক প্ৰসাৰিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰে।
কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু সাংস্কৃতিক ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী মীনাক্ষী লেখীয়ে কয় যে বিগত ৯ বছৰত দেশখনে এক পৰিৱৰ্তনশীল গতিৰে আগবাঢ়িছে, দৰিদ্ৰ লোকৰ উন্নীতকৰণ, কৃষকৰ সবলীকৰণ আৰু মহিলাক আগবঢ়োৱা সহায়ে চৰকাৰখনৰ অটল প্ৰতিশ্ৰুতিৰ উদাহৰণ দাঙি ধৰিছে। তেওঁ এই গুৰুত্বপূৰ্ণ আঁচনিসমূহত জনসাধাৰণৰ অংশগ্ৰহণ আৰু পঞ্জীয়ন নিশ্চিত কৰাৰ ক্ষেত্ৰত নগৰীয়া স্থানীয় সংস্থা আৰু জিলা প্ৰশাসনে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাকো স্বীকাৰ কৰে।
কেন্দ্ৰীয়মন্ত্ৰীগৰাকীয়ে ভাষণত এই কাৰ্যসূচীৰ দ্বাৰা অৰ্থপূৰ্ণ পৰিৱৰ্তনক আগুৱাই নিয়া আৰু ইতিবাচক পৰিৱৰ্তনক প্ৰেৰণা যোগোৱাৰ ক্ষেত্ৰত স্থানীয় পদক্ষেপৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ দ্বাৰা অনুপ্ৰাণিত হৈ দেশখনে পৰিৱৰ্তনক আকোৱালি লৈ সকলোৰে বাবে শক্তিশালী, অধিক সমৃদ্ধিশালী ভাৰত গঢ়ি তুলিছে বুলি তেওঁ প্ৰকাশ কৰে।
*******
Pragya Paliwal Gaur | Saurabh Singh | AR
(Release ID: 1991181)
Visitor Counter : 73