প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৭ ডিচেম্বৰত ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে

সমগ্ৰ দেশৰ ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে অনুষ্ঠানটোত যোগদান কৰিব

Posted On: 26 DEC 2023 3:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ ডিচেম্বৰ, ২০২৩ তাৰিখে দুপৰীয়া ১২:৩০ বজাত ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোত সমবেতসকলক সম্বোধনো কৰিব।

সমগ্ৰ দেশৰ ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে অনুষ্ঠানটোত যোগদান কৰিব। এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্যায়ৰ প্ৰতিনিধিসকলেও যোগদান কৰিব।

২০২৩ চনৰ ১৫ নৱেম্বৰত আৰম্ভ হোৱাৰে পৰা প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰীসকলৰ সৈতে নিয়মীয়াকৈ বাৰ্তালাপ কৰি আহিছে। ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে (৩০ নৱেম্বৰ, ৯ ডিচেম্বৰ আৰু ১৬ ডিচেম্বৰ) তিনিবাৰ বাৰ্তালাপত মিলিত হৈছে। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ বাৰাণসী ভ্ৰমণৰ সময়ত একেৰাহে দুদিন (১৭-১৮ ডিচেম্বৰ)ধৰি ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰীসকলৰ সৈতে সোঁশৰীৰে উপস্থিত থাকি বাৰ্তালাপ কৰিছে।

এই আঁচনিসমূহৰ লাভ নিৰ্দ্ধাৰিত সময়সীমাৰ ভিতৰত সকলো লক্ষ্যযুক্ত হিতাধিকাৰীৰ ওচৰত উপনীত হোৱাটো নিশ্চিত কৰি চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ পৰিপূৰ্ণতা লাভ কৰাৰ লক্ষ্যৰে সমগ্ৰ দেশতে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ আৰম্ভ কৰা হৈছে।

 

***

DS/LP/KB



(Release ID: 1990448) Visitor Counter : 67